33 C
Guwahati
Friday, April 26, 2024

IPL 2023 Final: পঞ্চমবাৰৰ বাবে CSKৰ IPL খিতাপ জয়; পিছে জানেনে কোনে পালে কিমান টকা? চাওক পুৰস্কাৰৰ সম্পূৰ্ণ তালিকা…

IPL 2023 Final Prize Money: ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL 2023) সমাপ্ত হ'ল। সোমবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আয়োজিত ফাইনেলত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰে

Must Read

IPL 2023 Final Prize Money: ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL 2023) সমাপ্ত হ’ল।

সোমবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত (Narendra Modi Stadium) আয়োজিত ফাইনেলত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে (Chennai Super Kings Beat Gujarat Titans)।

IPL 2023 Final IPL 2023 Final IPL 2023 Final

২৯ মে’ত অনুষ্ঠিত হোৱা IPLৰ ফাইনেল খেলখনত জয়ী হৈ বৰ্তমানলৈ পঞ্চমবাৰ এই লীগত বিজয়ী হৈছে চেন্নাই চুপাৰ কিংছ। IPLৰ ফাইনেলত চেন্নাই চুপাৰ কিংছে ডাকৱৰ্থ-লুইছ নিয়মৰ অধীনত ১৫ অভাৰত জয়লাভ কৰিবলৈ ১৭১ ৰাণৰ লক্ষ্য লাভ কৰিছিল।

ফাইনেলৰ পিছত পুৰস্কাৰ বিতৰণ সমাৰোহৰ আয়োজন কৰা হয় য’ত চেম্পিয়ন আৰু ৰানাৰ–আপ দলৰ ওপৰত পৰিল টকাৰ বৰষুণ। ইয়াৰ উপৰি টুৰ্ণামেণ্টত শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা খেলুৱৈকো পুৰস্কৃত কৰা হয়।

পিছে জানেনে কোনে, কোনটো দলে কিমান পালে টকা (IPL 2023 Final)?

১. বিজয়ী দল চেন্নাই ছুপাৰ কিংছে (Chennai Super Kings) লাভ কৰিলে ২০ কোটি টকা।

২. ৰানাৰ–আপ দল গুজৰাট টাইটানছে (Gujarat Titans) লাভ কৰিলে ১২.৫০ কোটি টকা।

৩. তৃতীয় স্থান দখল কৰা মুম্বাই ইণ্ডিয়ানছে (Mumbai Indians) ৭ কোটি টকা লাভ কৰে।

৪. চতুৰ্থ স্থান লাভ কৰা লক্ষ্ণৌ চুপাৰ জিয়াণ্টছে (Lucknow Super Giants) ৬.৫ কোটি টকা লাভ কৰে।

IPL২০২৩ ৰ খিতাপ অৰ্জন কৰা চেন্নাই চুপাৰ কিংছ আৰু ৰানাৰ-আপ গুজৰাট টাইটানছৰ লগতে বেঙুনীয়া, অৰেঞ্জ কেপ বিজয়ীসকলৰ উপৰিও ছিজনৰ উদীয়মান খেলুৱৈ, সৰ্বাধিক সংখ্যক ছয়ৰ বাবে ধন লাভ কৰিছে।

IPL২০২৩ৰ ফাইনেলত বঁটা লাভ কৰা খেলুৱৈসকল (IPL 2023 Final)–

খেলখনৰ বৈদ্যুতিক ষ্ট্ৰাইকাৰ: আজিংক্য ৰাহানে
গেম চেঞ্জাৰ অৱ দ্য মেচ: সাই সুদৰ্শন
খেলখনৰ আটাইতকৈ মূল্যৱান সম্পদ: সাই সুদৰ্শন
প্লেয়াৰ অফ দ্য মেচ: ডেভন কনৱে
খেলখনৰ সক্ৰিয় কেচ: এম এছ ধোনী
খেলখনৰ দীৰ্ঘতম ছয়: সাই সুদৰ্শন

IPL২০২৩ৰ বিভিন্ন শ্ৰেণীত কোনে কি পুৰষ্কাৰ আৰু কিমান ধন প্ৰাপ্ত কৰিছে জানক (IPL 2023 Final)–

১. বছৰটোৰ উদীয়মান খেলুৱৈ : যশস্বী জয়ছোৱাল – ১০ লাখ টকা
২. ছিজনৰ বেছিভাগ উইকেট (বেঙুনীয়া কেপ) : মহম্মদ ছামী (২৮টা উইকেট)– ১০ লাখ টকা
৩. সৰ্বাধিক ৰাণ (অৰেঞ্জ কেপ) : শুভমান গিল (৮৯০ ৰাণ)– ১০ লাখ টকা
৪. ছিজনৰ সৰ্বাধিক ছয় : ফাফ ডু প্লেচিছ (৩৬ টা ছয়)– ১০ লাখ টকা
৫. ছিজনৰ গেম চেঞ্জাৰ : শুভমান গিল – ১০ লাখ টকা
৬. আটাইতকৈ মূল্যৱান খেলুৱৈ : শুভমান গিল – ১০ লাখ টকা
৭. ছিজনৰ দীৰ্ঘতম ছয় : ফাফ ডু প্লেচিছ – ১০ লাখ টকা
৮. কেচ অফ দ্য ছিজন : ৰছিদ খান – ১০ লাখ টকা
৯. পেটিএম ফেয়াৰপ্লে বঁটা : দিল্লী কেপিটেলছ – ১০ লাখ টকা
১০. ছিজনৰ শ্ৰেষ্ঠ পিটছ আৰু গ্ৰাউণ্ড : ৱানখেডে ষ্টেডিয়াম আৰু ইডেন গাৰ্ডেন – ৫০ লাখ টকা
১১. ছিজনৰ চুপাৰ ষ্ট্ৰাইকাৰ : গ্লেন মেক্সৱেল – ১০ লাখ টকা
১২. ছিজনৰ সৰ্বাধিক চাৰি : শুভমান গিল (৮৫) – ১০ লাখ টকা

আইপিএল ২০২৩ত সৰ্বাধিক ৰান (IPL 2023 Final)-

শুভমন গীল (Gujarat Titans) – ৮৯০ ৰান
ফাফ ডু প্লেছীছ (Royal Challengers Bangalore) – ৭৩০ ৰান
ডেভন নৱে’ (Chennai Super Kings) – ৬৭২ ৰান
বিৰাট কোহলী (Royal Challengers Bangalore) – ৬৩৯ ৰান
যশস্বী জয়ছোৱাল (Rajasthan Royals) – ৬২৫ ৰান

আইপিএল ২০২৩ত সৰ্বাধিক উইকেট (IPL 2023 Final)

মহম্মদ ছামী (Gujarat Titans) – ২৮টা উইকেট
মোহিত শৰ্মা (Gujarat Titans) – ২৭টা উইকেট
ৰছিদ খান (Gujarat Titans) – ২৭টা উইকেট
পীয়ুষ চাওলা (Mumbai Indians)– ২২টা উইকেট
য়ুজবেন্দ্ৰ চহল (Rajasthan Royals)– ২১টা উইকেট

IPLৰ প্ৰথম ছিজনৰ বিজয়ীদলে ৪.৮ কোটি টকা লাভ কৰিছিল। একে সময়তে, ৰানাৰ-আপক ২.৪ কোটি টকা দিয়া হৈছিল।

Photo: Google

লগতে পঢ়কঃ Nalbari Rape Case: নিশাৰ আন্ধাৰত নিৰ্লজ্জ কাণ্ড! বাছ আস্থানত শুই থকা বিশেষভাৱে সক্ষম মহিলাক ধৰ্ষণ এজন বৃদ্ধৰ, CCTVত বন্দী ধৰ্ষণৰ সমগ্ৰ দৃশ্য…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -