22 C
Guwahati
Tuesday, May 7, 2024

Gauhati High Court Replace: মুখ্যমন্ত্ৰীৰ সমষ্টিলৈ স্থানান্তৰিত হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়! আমিনগাঁৱত নিৰ্মাণ কৰা হ’ব উচ্চ ন্যায়ালয়ৰ বৃহৎ চৌহদ

Gauhati High Court Replace: মুখ্যমন্ত্ৰীৰ সমষ্টিলৈ স্থানান্তৰিত হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়! আমিনগাঁৱত নিৰ্মাণ কৰা হ’ব উচ্চ ন্যায়ালয়ৰ বৃহৎ চৌহদ।

Must Read

Gauhati High Court Replace: মুখ্যমন্ত্ৰীৰ সমষ্টিলৈ স্থানান্তৰিত হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়! আমিনগাঁৱত (Amingaon) নিৰ্মাণ কৰা হ’ব উচ্চ ন্যায়ালয়ৰ বৃহৎ চৌহদ।

১০০ বিঘা মাটিত স্থাপন কৰা হ’ব এই ন্যায়ালয় চৌহদ (Gauhati High Court Replace)।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Gauhati High Court Replace) সৈতে সেই স্থানত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ আদালতসমূহ স্থাপন কৰা হ’ব। আমিনগাঁৱৰ ৰংমহলৰ ১০০ বিঘা মাটিৰ এই চৌহদত এখন জুডিচিয়েল চিটি গঢ় দিয়া হ’ব।

এই সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে (CM Himanta Biswa Sarma) আলোচনা হৈছে। ২৩ মে’ত ইয়াক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এই আলোচনা অনুষ্ঠিত হৈছিল।

মুখ্যমন্ত্ৰীৰ সৈতে এই আলোচনাত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব, ভূমি আৰু ৰাজহ বিভাগ, আইন বিভাগ উচ্চস্তৰীয় বিষয়া, কামৰূপ জিলাৰ উপায়ুক্ত, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰতিনিধি আৰু লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত আছিল।

Gauhati High Court Replace

এই বৈঠকত উচ্চ ন্যায়ালয় স্থানান্তৰ কৰাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
সিদ্ধান্তসমূহ এনেধৰণৰ (Gauhati High Court Replace)-

১. গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বাবে এখন কমিতি গঠন কৰা হ’ব।

২. এই কমিটীত অসম চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মনোনিত এগৰাকী ন্যায়াধীশ থাকিব।

৩. লগতে অসম চৰকাৰৰ মহাধিবক্তা, মুখ্য সচিব, ভূমি আৰু ৰাজহ বিভাগৰ আয়ুক্ত সচিব, কামৰূপ জিলাৰ উপায়ুক্ত আৰু লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিব এই কমিতিখনৰ সদস্য হ’ব।

৪. এই কমিটীখনে আমিনগাঁৱৰ ৰংমহলত ন্যায়ালয় চৌহদৰ বাবে প্ৰস্তাৱিত প্ৰায় ২৪০ বিঘা মাটি পৰিদৰ্শন কৰিব আৰু তাৰ ১০০ বিঘা মাটিত এই চৌহদ নিৰ্মাণ হ’ব।

৫. এই চৌহদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Gauhati High Court Replace) উপৰিও কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ আদালতসমূহ স্থাপন হ’ব লগতে ন্যায়াধীশ আৰু ন্যায়ালয়ৰ বিষয়া-কৰ্মচাৰীসকল আবাস থাকিব এই চৌহদত।

৬. এই চৌহদৰ বাবে স্থান বাচনি সম্পূৰ্ণ হোৱাৰ এমাহৰ ভিতৰত কামৰূপ জিলাৰ উপায়ুক্তই মাটি অধিগ্ৰহণৰ কাম আৰম্ভ কৰিব।

৭. সমান্তৰালভাৱে লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ বিশেষ আয়ুক্ত আৰু বিশেষ সচিবে ইয়াৰ বাবে ডি পি আৰ প্ৰস্তুতৰ কাম আৰম্ভ কৰিব।

৮. সমগ্ৰ প্ৰকল্পটো কমিটীৰ অগ্ৰাধিকাৰ অনুসৰি পৰ্যায়ক্ৰমে কৰা হ’ব।

৯. এয়া হৈছে উচ্চ ন্যায়ালয় স্তানান্তৰক লৈ মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাৰ সিদ্ধান্ত।

যোৱা ২৩ মে’ত এই বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকৰ সিদ্ধান্ততে স্পষ্ট হৈছে গুৱাহাটী উচ্চ ন্যায়ালয় (Gauhati High Court Replace) স্থানান্তৰৰ বাবে এতিয়া তৎপৰ হৈছে অসম চৰকাৰ। উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত গঢ়ি তোলা হ’ব এখন জুডিচিয়েল চিটি।

Photo: Google

লগতে পঢ়কঃ IPL 2023 Final: পঞ্চমবাৰৰ বাবে CSKৰ IPL খিতাপ জয়; পিছে জানেনে কোনে পালে কিমান টকা? চাওক পুৰস্কাৰৰ সম্পূৰ্ণ তালিকা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -