34 C
Guwahati
Sunday, May 19, 2024

Jammu-Kashmir Bus Accident: ভয়ংকৰ ক’ব নে কৰুণ! বৈষ্ণ দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছিল; আদবাটতে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল বাছ, ১০ জনৰ মৃত্যু, ৫৫জন আহত, অধিক যাত্ৰী কঢ়িয়াই নিয়া বাবে এই দুৰ্ঘটনা

Jammu-Kashmir Bus Accident: মঙলবাৰে পুৱা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঝজ্জাৰ কোটলিৰ সমীপত

Must Read

Jammu-Kashmir Bus Accident: মঙলবাৰে পুৱা এক ভয়ংকৰ দুৰ্ঘটনা (Horrific Road Incident) সংঘটিত হয় জম্মু-কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঝজ্জাৰ কোটলিৰ সমীপত।

অমৃতসৰৰ পৰা কাটৰালৈ যোৱা এখন বাছ ঝজ্জাৰ কোটলিৰ গভীৰ খাৱৈত বাগৰি পৰি ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫৫ গৰাকী যাত্ৰী গুৰুতৰভাবে আহত হয় (Bus Going From Amritsar To Katra Fell Into The Ditch 10 People Died 55 Injured)

 

Jammu-Kashmir Bus Accident Jammu-Kashmir Bus Accident Jammu-Kashmir Bus Accident Jammu-Kashmir Bus Accident

আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। SDRF আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে (Jammu Kashmir Police) সেই স্থানত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। মৃত লোকসকলৰ ভিতৰত বিহাৰৰ লখীচৰাই আৰু বেগুছৰাই জিলাৰ লোকো আছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাৰ সময়ত বাছখনত মুঠ ৭৫ গৰাকী যাত্ৰী আছিল (75 Passengers)। দুৰ্ঘটনাগ্ৰস্ত হোৱা বাছখন হৈছে মূলতঃ বিহাৰৰ।

Jammu-Kashmir Bus Accident

এটা পৰিয়ালৰ শিশুৰ মুণ্ডন অনুষ্ঠানৰ পিছত পৰিয়াল আৰু চুবুৰীয়াই বাছখনেৰে বৈষ্ণ দেৱী মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয় (Jammu-Kashmir Bus Accident)। বাছখনে বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবেই এই দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

CRPFৰ সৈতে আৰক্ষীৰ দলো (Jammu Kashmir Police) উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।

বিষয়াসকলে জনোৱা মতে, বাছখন কাটৰালৈ গৈ থকা অৱস্থাত ঝজ্জাৰ কোটলি অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখনত থকা তীৰ্থযাত্ৰীসকল গৈ আছিল মাতা বৈষ্ণো দেৱী মন্দিৰলৈ। ত্ৰিকুটা পাহাৰৰ ওপৰত অৱস্থিত বিখ্যাত তীৰ্থযাত্ৰাৰ ভিত্তি শিবিৰ হ’ল কাটৰা।

উল্লেখ্য যে যোৱা ২১ মে’ত জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত (Jammu-Kashmir Bus Accident) মাতা বৈষ্ণ দেৱীলৈ তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ বাগৰি যোৱাত এগৰাকী ২৭ বছৰীয়া মহিলাৰ মৃত্যু হোৱাৰ লগতে ২৪জন লোক আহত হৈছিল।

Photo: Google

লগতে পঢ়কঃ Gauhati High Court Replace: মুখ্যমন্ত্ৰীৰ সমষ্টিলৈ স্থানান্তৰিত হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়! আমিনগাঁৱত নিৰ্মাণ কৰা হ’ব উচ্চ ন্যায়ালয়ৰ বৃহৎ চৌহদ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -