31 C
Guwahati
Saturday, May 18, 2024

Uttar Pradesh Lovers Died: খুবেই দুখলগা! অন্য পুৰুষৰ সৈতে ঠিক হৈছিল বিয়া; কিন্তু বিয়াৰ দিনাই প্ৰেমিকৰ সৈতে পলাল প্ৰেমিকা, আদবাটতে দুৰ্ঘটনাত কৰুণ মৃত্যু দুয়োৰে, লগতে পলোৱাত সহায় কৰা ভিনিহীয়েকৰো মৃত্যু

Uttar Pradesh Lovers Died: এক মৰ্মান্তিক আৰু শোকাৱহ পথ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে

Must Read

Uttar Pradesh Lovers Died: এক মৰ্মান্তিক আৰু শোকাৱহ পথ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে।

বিয়াৰ পূৰ্বে প্ৰেমিকৰ সৈতে বাইকেৰে পলায়ন কৰোতে প্ৰেমিক আৰু প্ৰেমিকা দুয়োৰে লগতে প্ৰেমিকাৰ ভিনিহীয়েকৰো পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে (Bride Elopes With Lover On Eve Of Wedding, Both Die In Road Accident In Mirzapur)

এই কৰুণ ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত (Uttarpradesh Mirzapur)। প্ৰয়াগৰাজৰ এজন পুৰুষৰ সৈতে ৰাণী নামৰ ২১ বছৰীয়া যুৱতীগৰাকীৰ বিয়াৰ বন্দৱস্ত কৰিছিল পৰিয়ালে। সেই বিবাহত সন্মতি নাছিল যুৱতীগৰাকীৰ।

Uttar Pradesh Lovers Died

ইয়াৰ পাছতে যুৱতীগৰাকীয়ে ভিনিহীয়েকৰ সহায়ত বাইকেৰে প্ৰেমিকৰ সৈতে পলায়ন কৰে। পলায়নৰ পথতে উত্তৰ প্ৰদেশৰ জিগনা নামৰ ঠাইত এখন ট্ৰাকৰ সৈতে হোৱা সংঘৰ্ষত তেওঁলোকৰ মৃত্যু হয় (Motorcycle Was Hit By A Truck In The Jigna Area Of Mirzapur)। দুৰ্ঘটনাটোত প্ৰেমিক যুগলৰ সৈতে যুৱতীগৰাকীৰ ভিনিহীয়েকৰো মৃত্যু হয় (Uttar Pradesh Lovers Died With Brother In Law)

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মৃত তিনিওগৰাকীৰে বয়স ২১ বছৰ। প্ৰেমিক যুগলৰ পলায়নৰ পৰিকল্পনা প্ৰস্তুত কৰি দিছিল ৰাণীৰ ভিনিহীয়েকে। ৰাণীৰ প্ৰেমিকৰ সৈতে ভিনিহীয়েকৰ ভাল বন্ধুত্ব আছিল।

ভিনিহীয়েকে প্ৰথমে ৰাণীক নিজৰ ঘৰলৈ লৈ যায় আৰু তাৰ পৰাই তিনিগৰাকীয়ে এখন বাইকতে পলায়ন কৰিছিল (Uttar Pradesh Lovers Died)

আৰক্ষীয়ে প্ৰকাশ কৰা মতে তীব্ৰ বেগেৰে পলায়ন কৰোতে নিয়ন্ত্ৰণ হেৰুওৱাই বাইকখনে এখন ট্ৰাকত খুন্দা মৰা ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈ তিনিওৰে থিতাতে মৃত্যু হয় (Uttar Pradesh Lovers Died With Brother In Law)

এই শোকাৱহ দুৰ্ঘটনাটো (Tragic Incident) যোৱা শনিবাৰে সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Photo: Google

লগতে পঢ়কঃ Jammu-Kashmir Bus Accident: ভয়ংকৰ ক’ব নে কৰুণ! বৈষ্ণ দেৱী মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছিল; আদবাটতে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল বাছ, ১০ জনৰ মৃত্যু, ৫৫জন আহত, অধিক যাত্ৰী কঢ়িয়াই নিয়া বাবে এই দুৰ্ঘটনা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -