25 C
Guwahati
Sunday, May 19, 2024

বৰদলৈ ট্ৰফী : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক সন্মানীয় ফুটবল প্ৰতিযোগিতা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

বৰদলৈ ট্ৰফী : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক সন্মানীয় ফুটবল প্ৰতিযোগিতা ।বৰদলৈ ট্ৰফীৰ সম্পূৰ্ণ নাম ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী। স্বাধীনোত্তৰ কালৰ অসমৰ প্ৰথম গৰাকী মুখ্য মন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকৃত এই প্ৰতিযোগিতা।

১৯৫২ চনত এই প্ৰতিযোগিতাৰ আৰম্ভ হৈছিল।গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আৰম্ভ হৈছিল এই প্ৰতিযোগিতাৰ।বৰদলৈ ট্ৰফীৰ প্ৰথম সংস্কৰণত ১৬ টা দলে অংশ গ্ৰহণ কৰিছিল।বৰদলৈ ট্ৰফীৰ প্ৰথমখন প্ৰতিযোগিতাত ৰেলৱে স্পৰ্ট্ছ ক্লাব বিজয়ী হৈছিল।বৰ্তমান গুৱাহাটীৰ উপৰিও দাঁতিকাষৰীয়াৰ কেইবাখনো খেলপথাৰত এই প্ৰতিযোগিতাৰ খেলসমূহ অনুষ্ঠিত হয়।

গুৱাহাটী ক্ৰীড়া সন্থাই বৰদলৈ ট্ৰফীৰ আয়োজন কৰে। বৰদলৈ ট্ৰফীত ভাৰতৰ উপৰিও বাংলাদেশ, নেপাল আৰু থাইলেণ্ডৰ দলেও অংশগ্ৰহণ কৰি আহিছে। এই প্ৰতিযোগিতাত কলকাতাৰ মোহন বাগান দলে সৰ্বাধিক জয় লাভ কৰিছে।

১৯৮০,২০১৫ আৰু ২০২০ চনত বৰদলৈ ট্ৰফী অনুষ্ঠিত হোৱা নাছিল।২০২২ বৰ্ষৰ ৬৮ সংখ্যক বৰদলৈ ট্ৰফী গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হৈ যায়। এই প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছিল দিল্লী এফ চি (Delhi FC) দলে। দিল্লী এফ চিৰ দৰে নাগালেণ্ড পুলিচ দলক ১-০ গ’লত পৰাস্ত কৰিছিল।

 এসময়ৰ অতি জনপ্ৰিয় প্ৰতিযোগিতা আছিল বৰদলৈ ট্ৰফী। বৰদলৈ ট্ৰফী মেচ চাবলৈ দূৰ দূৰণিৰ পৰা ক্ৰীড়া প্ৰেমী ৰাইজৰ ষ্টেডিয়ামত আগমন ঘটিছিল। বৰদলৈ ট্ৰফীৰ পূৰ্বৰ সেই ৰূপ ঘূৰাই অনাৰ নিত্যান্তই প্ৰয়োজন আছে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -