29 C
Guwahati
Saturday, May 18, 2024

Chanakya Niti Life: এই ৪টা কাম কৰিবলৈ কেতিয়াও লাজ নকৰিব; নহ’লে জীৱনত নহ’ব সুখী, দুখে পিছ নেৰা হ’ব, আহক জানো কি কি কাম?

Chanakya Niti Life: আচাৰ্য চাণক্যই (Acharya Chanakya) নিজৰ দক্ষতা আৰু বুদ্ধিমত্তাৰ সহায়ত জীৱনত সফলতা লাভ কৰিবলৈ বহুতো নীতি প্ৰণয়ন কৰিছিল

Must Read

Chanakya Niti Life: আচাৰ্য চাণক্যই (Acharya Chanakya) নিজৰ দক্ষতা আৰু বুদ্ধিমত্তাৰ সহায়ত জীৱনত সফলতা (Successful Life) লাভ কৰিবলৈ বহুতো নীতি প্ৰণয়ন কৰিছিল।

তেওঁ কেৱল ৰাজনীতি, সমাজ, অৰ্থনীতিৰ বিষয়ে পৰামৰ্শ দিয়াই নহয়, পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনৰ সন্দৰ্ভতো বহু কথা কয় গৈছে (Chanakya Niti Life)

চাণক্য নীতি (Chanakya Niti Life) অনুসৰি যিকোনো কাম কৰিবলৈ লাজ কৰিব নালাগে। কাৰণ এই লাজৰ কাৰণে সেই কামবোৰ আধৰুৱা হৈ থাকে আৰু গোটেই জীৱন অনুশোচনা কৰিবলগীয়া হয়।

চাণক্যই যি ৪টা কামৰ কথা উল্লেখ কৰিছে। যিকেইটা কাম কৰিবলৈ কেতিয়াও লাজ কৰিব নালাগে। আহক জানো তেওঁ কি কি কামৰ কথা কৈছে (Chanakya Niti Life)-

১. টকা উপাৰ্জনত লাজ কেতিয়াও নকৰিব (Earn Money)

এটা সুখী জীৱনৰ বাবে টকা-পইচা যথেষ্ট প্ৰয়োজন। চাণক্যৰ মতে এজন লোকে টকা উপাৰ্জনৰ বাবে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ বা লাজ অনুভৱ কৰা উচিত নহয়। অনৈতিক বা অসামাজিক কামৰ বাহিৰে, টকা উপাৰ্জন হোৱা কোনো কাম কৰিবলৈ কোনেও লাজ কৰিব নালাগে।

২. ধাৰে লোৱা ধন বিচাৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিব (Borrowing Money)

বহু লোকে কাৰোবাক উভতাই দিয়া বস্তু আৰু টকা বিচাৰিবলৈ বৰ দ্বিধাবোধ কৰে। যাৰ বাবে তেওঁলোকে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। চাণক্য নীতিয়ে কয় যে যদি টকা ধাৰে দিয়া হয় তেন্তে সময়মতে বিচাৰিব লাগে। দ্বিধা নকৰিলে ভাল।

৩. গুৰু বা শিক্ষকৰ পৰা শিক্ষা লাভত লাজ নকৰিব (Teacher Education)

গুৰু আমাৰ পথ প্ৰদৰ্শক। যিসকলে আমাৰ জীৱনৰ উচিত-অনুচিতৰ বিষয়ে বুজাই দিয়ে, ভাল শিক্ষা প্ৰদান কৰে, আমাক জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে। গতিকে, আপোনাৰ শিক্ষকৰ পৰা শিকিবলৈ লাজ নকৰিব। এজন ভাল আৰু সফল ছাত্ৰ হ’ল সেইজন যিয়ে নিৰ্লজ্জভাৱে শিক্ষকৰ পৰা পাঠ লয়।

৪. খাই থাকোঁতে লাজ নকৰিব (Eating Time)

মানুহে খাবলৈ উপাৰ্জন কৰে, যাতে জীৱনত কেতিয়াও খাদ্যৰ অভাৱ নহয়। কিন্তু ৰাজহুৱা স্থানত বা কাৰোবাৰ সন্মুখত খাবলৈ বহুতে লাজ অনুভৱ কৰে। লাজৰ বাবে এওঁলোকে ভালদৰে খাব নোৱাৰে আৰু ভোকত থাকে।

চাণক্যৰ মতে খোৱাৰ সময়ত কেতিয়াও লাজ অনুভৱ কৰা উচিত নহয়। ভোকত খাদ্য গ্ৰহণ কৰিব লাগে, নহ’লে গোটেই দিনটো খালী পেটতে থাকিব লগা হ’ব পাৰে (Chanakya Niti Life)

Photo: Google

লগতে পঢ়কঃ Drunk Father Attacks Daughter: নৃশংসতাৰ সীমা পাৰ! “মদ”ৰ নিচাত পিতৃয়ে দাৰে ঘপিয়ালে ১৫ বছৰীয়া কন্যাক; গ্ৰেপ্তাৰ পিতৃ, কন্যাই যুঁজিছে জীৱন-মৃত্যুৰে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -