36 C
Guwahati
Tuesday, May 14, 2024

Alcohol Heart Health: সদায় “মদ” খালে হ্ৰাস হয় হাৰ্ট এটেকৰ সম্ভাৱনা! এয়া আমাৰ কথা নহয়, এই তথ্য ওলাল গৱেষণাত…

Alcohol Heart Health Benefits: যিটো সময়ত যুৱপ্ৰজন্মৰ সুৰাৰ প্ৰতি আসক্তি (Alcohol Addict) বৃদ্ধি পাইছে

Must Read

Alcohol Heart Health Benefits: যিটো সময়ত যুৱপ্ৰজন্মৰ সুৰাৰ প্ৰতি আসক্তি (Alcohol Addict) বৃদ্ধি পাইছে। এই সুৰাৰ বাবে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনাৰ লগতে পথ দুৰ্ঘটনাও।

ইয়াৰ বাবে বিভিন্ন সামাজিক সংস্থাই সুৰাপান বা ধূমপান ৰোধ কৰিবলৈ বিভিন্ন সজাগতামূলক কাৰ্য-কলাপ অব্যাহত ৰাখিছে।

কিন্তু ইয়াৰ মাজতে প্ৰকাশ পাইছে গৱেষণাত এক আচৰিত তথ্য। শেহতীয়াকৈ কৰা এক অধ্যয়নত এনে এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে, যি তথ্যক কেন্দ্ৰ কৰি চৌদিশে বিতৰ্কৰ সৃষ্টি হৈছে।

‘জাৰ্নেল অৱ দ্য আমেৰিকান কলেজ অৱ কাৰ্ডিঅ’লজি’ (Journal Of The American College Of Cardiology)ত প্ৰকাশ পাইছে এই আচৰিত তথ্য। গৱেষণা পত্ৰখনত গৱেষকসকলে প্ৰতিদিনে কিমান পৰিমাণৰ সুৰাপান কৰিব পাৰি সেইটো সঠিকভাৱে নিৰ্ণয় কৰিছে (Alcohol Heart Health)

এই তথ্য অনুসৰিয়েই প্ৰতিদিনে এগৰাকী মহিলাই এগিলাচ (One Glass Alcohol) আৰু এজন পুৰুষে দুগিলাচ সুৰাপান (2 Glass Alcohol) কৰিব পাৰে।

এই গৱেষণা কৰা গৱেষকসকলৰ মুৰব্বী হৃদৰোগ বিশেষজ্ঞ আহমেদ টাৱাকোলে (Dr. Ahmed A. Tawakol) কয় যে,

Dr. Ahmed A. Tawakol

আমাৰ গৱেষণাৰ জৰিয়তে মানুহক সুৰাপান কৰিবলৈ উৎসাহিত কৰা হোৱা নাই (Alcohol Heart Health)

বৰঞ্চ আমাৰ অধ্যয়নৰ মূল উদ্দেশ্য হ’ল লঘু আৰু মধ্যমীয়া সুৰাপানে হৃদযন্ত্ৰৰ ৰোগ কেনেকৈ হ্ৰাস কৰিব পাৰে সেই সম্পৰ্কে অধ্যয়ন কৰি তথ্যৰ আৱিস্কাৰ কৰা।

গৱেষক দলটোৱে জানিবলৈ দিয়া মতে, নিয়মিতভাৱে মদ খোৱা ৫০ হাজাৰৰো অধিক লোকৰ ওপৰত এই পৰীক্ষা কৰা হৈছিল। সেই পৰীক্ষাত দেখা গ’ল যে যিসকলে সপ্তাহত এবাৰ বা তাতকৈ বেছি সুৰাপান কৰে তেওঁলোকৰ হৃদৰোগৰ সম্ভাৱনা বহু কম থাকে (Alcohol Heart Health)

যিসকলে মাজে মাজে সুৰাপান কৰে কিন্তু নিয়মিতভাৱে সুৰাপান নকৰে তেওঁলোকৰো হৃদৰোগৰ সম্ভাৱনা বহু কম থাকে।

লগতে তেওঁলোকৰ গৱেষণাৰ পৰা আন এক তথ্য পোহৰলৈ আহিছে। অত্যধিক মানসিক চাপত ভুগি থকা লোকৰ ওপৰতো সুৰাপানে ইতিবাচক প্ৰভাৱ পেলায়! মাজে মাজে লঘুৰ পৰা মধ্যমীয়া সুৰাপান কৰি দুঃচিন্তা কম কৰিব পাৰি।

কিন্তু অত্যধিক মদ্যপান শৰীৰৰ বাবে একেবাৰেই উপকাৰী নহয় বুলি জাৰ্নেল অৱ দ্য কলেজ অৱ ফিজিঅ’লজিত (Journal Of The American College Of Cardiology) প্ৰকাশ পাইছে। অত্যধিক সুৰাপানে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে বুলিও গৱেষণা পত্ৰখনত দাবী কৰা হৈছে।

Photo: Google

লগতে পঢ়কঃ Guwahati Thar Fortuner Accident: ভয়ংকৰ! ফৰ্চুনাৰ আৰু থাৰৰ মাজত প্ৰচণ্ড খুন্দা; অসম বিধানসভাৰ প্ৰধান সচিবৰ পুত্ৰৰ কৰুণ মৃত্যু, নিশা পাৰ্টী কৰি গৈ আছিল ঘৰলৈ, কিন্তু…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -