26 C
Guwahati
Sunday, May 19, 2024

4 Home Remedies To Get Rid Of Rats: মাৰি নেপেলোৱাকৈ ঘৰৰ পৰা নিগনি আঁতৰাব বিচাৰিছে নেকি? যদি বিচাৰিছে তেন্তে ইয়াতকৈ ভাল উপায় আৰু ক’তো নাপাব, আহক জানো উপায়বোৰ কি কি?

4 Home Remedies To Get Rid Of Rats: এনে বহুতো উপায় আছে যাৰ দ্বাৰা নিগনিক ঘৰৰ পৰা আঁতৰাব পাৰি। এই উপায়বোৰ গ্ৰহণ কৰাও সহজ আৰু নিগনি আপোনাৰ ঘৰৰ কাষ নাচাপিব।

Must Read

4 Home Remedies To Get Rid Of Rats: এই বতৰত ঘৰৰ কোণে কোণে নিগনিক নেজ হেঁচি বহি থকা দেখা পোৱা যায়। কেতিয়াবা নিগনিবোৰক এঠাইৰ পৰা আন ঠাইলৈ জঁপিয়াই থকা দেখা পোৱা যায় আৰু কেতিয়াবা সিহঁতক অপেক্ষা কৰা দেখা পোৱা যায় যে কেতিয়া খোৱা বস্তু মুকলিকৈ ৰখা দেখা পাব।

কিন্তু ঘৰত এই নিগনিবোৰৰ (Rats) অত্যাচাৰ দিনত দুগুণ বৃদ্ধি হয় আৰু ৰাতি চাৰিগুণে বাঢ়ি যায় আৰু যদি সেইবোৰ সময়মতে আঁতৰাই নিদিয়ে, তেন্তে আপুনি বহুত সমস্যাত ভুগিব পাৰে। ইয়াত কিছুমান ঘৰুৱা প্ৰতিকাৰ আৰু পৰামৰ্শ দিয়া হৈছে যাৰ সহায়ত আপুনি এই নিগনিবোৰক মাৰি নেপেলোৱাকৈ ঘৰৰ পৰা আঁতৰাই ৰাখিব পাৰে।

নিগনিক কোনোধৰণৰ লোকচান নকৰাকৈ আঁতৰাই ৰখাৰ উপায় | 4 Home Remedies To Get Rid Of Rats Without Killing Them

লগতে পঢ়কঃ Smiling Depression: হাঁহি থকা এজন লোকো ডিপ্ৰেছনৰ চিকাৰ হ’ব পাৰে; আপুনি বা আপোনাৰ নিজৰ কোনোবা এই ‘স্মাইলিং ডিপ্ৰেছন’ৰ বলি হৈছে নেকি? আহক জানি লওক ইয়াৰ লক্ষণবোৰ…

১. পিঁয়াজৰ গোন্ধ (Onion Smell)

4 Home Remedies To Get Rid Of Rats
4 Home Remedies To Get Rid Of Rats

পিয়াজৰ পৰা ওলোৱা গোন্ধ টক্সিক (Toxic) হয় যাৰ ফলত নিগনি পলাই যায়। আপুনি ঘৰৰ কোণে কোণে নিগনিয়ে অৱস্থান কৰা ঠাইত পিঁয়াজৰ ৰস বা এটা পিঁয়াজ দুটা ফাল কৰি ৰাখিব পাৰে। এই কথাটো মনত ৰাখিব যে যদি আপোনাৰ ঘৰত পোহনীয়া জন্তু আছে তেন্তে এই পিঁয়াজ তেওঁলোকৰ পৰা আঁতৰাই ৰাখক। কিয়নো ই সিহঁতৰ বাবেও বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে।

২. ৰঙা জলকীয়া গুৰি (Red Chilli Powder)

4 Home Remedies To Get Rid Of Rats
4 Home Remedies To Get Rid Of Rats

নিগনিক ঘৰৰ পৰা আঁতৰাই ৰাখিবলৈ এই উপায়টো আৰামত গ্ৰহণ কৰিব পাৰি। ঘৰৰ দুৱাৰৰ ওচৰত আৰু পাকঘৰৰ কাউণ্টাৰ আৰু মাটিৰ কাষত ৰঙা জলকীয়া গুৰি ছটিয়াই দিয়ক। এই ঠাইবোৰত নিগনি আটাইতকৈ বেছি দেখা পোৱা যায় আৰু এই উপায়ৰ সহায়ত আপুনি নিগনি পুনৰ দেখা নাপাব।

৩. নহৰুৰ পানী

4 Home Remedies To Get Rid Of Rats
4 Home Remedies To Get Rid Of Rats

এগিলাচ পানীত নহৰু (Garlic) বটি মিহলি কৰক আৰু ভালদৰে মিহলি কৰি লওক। এই পানীখিনি নিগনি ঘূৰি ফুৰা স্থানত ছটিয়াই দিয়ক। নিগনি নহৰুৰ পৰা আঁতৰি থাকে। এই মিশ্ৰণটো অধিক কাৰ্যকৰী কৰিবলৈ আপুনি ইয়াত লং কেইটামান মিহলি কৰিব পাৰে।

৪. লঙৰ তেল (Clove Oil)

4 Home Remedies To Get Rid Of Rats
4 Home Remedies To Get Rid Of Rats

লঙৰ তেল (Clove Oil) সৰু-সৰু কীট-পতংগ আৰু মকৰাক আঁতৰোৱাত সহায়ক। ইয়াক ব্যৱহাৰ কৰিবলৈ আপুনি কেইটামান লং লওক আৰু মছলিন কাপোৰত বান্ধি নিগনি থকা স্থানবোৰত গৈ থৈ দিয়ক। এই উপায়টো এবাৰ কৰি চাওক নিগনি দেখা বন্ধ হৈ যাব।

অস্বীকাৰ: পৰামৰ্শসহ এই সমলটোৱে কেৱল সাধাৰণ তথ্য প্ৰদান কৰে। এইটো কোনো প্ৰকাৰে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়। অধিক তথ্যৰ বাবে সদায়ে বিশেষজ্ঞ বা আপোনাৰ চিকিৎসকৰ পৰামৰ্শ ল’ব।

Photo: Google

লগতে পঢ়কঃ Shrinkhal Chaliha Arrested Again: শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ; কিন্তু কি কাৰণত গ্ৰেপ্তাৰ কৰিলে হোৱা নাই স্পষ্ট…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -