22.3 C
Guwahati
Friday, May 3, 2024

5 Killed In Road Accident: দ্ৰুতগতি স্বৰ্গগতি! এক ভয়ংকৰ পথ দুৰ্ঘটনাই শেষ কৰি পেলালে এটা পৰিয়াল; দ্ৰুতবেগত থকাৰ বাবে ফাটি যায় টায়াৰ, তাৰ ফলত একেলগে প্ৰাণ হেৰুৱালে স্বামী-স্ত্ৰীসহ ৩ সন্তানে…

5 Killed In Road Accident Bengaluru-Mysuru Expressway: দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। একেদিনাই একেলগে প্ৰাণ হেৰুৱালে ৩ শিশুসহ পাঁচজনীয়া এটি পৰিয়ালে

Must Read

5 Killed In Road Accident Bengaluru-Mysuru Expressway: দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। একেদিনাই একেলগে প্ৰাণ হেৰুৱালে ৩ শিশুসহ পাঁচজনীয়া এটি পৰিয়ালে (Family Of Five Killed In Road Accident On Bengaluru-Mysuru Expressway)।

কৰ্ণাটকৰ ৰামনগৰ জিলাৰ (Karnataka Ramanagara District) চন্নপট্না তালুকৰ লাম্বানী টাণ্ডাৰ সমীপৰ বেংগালুৰু-মহীশূৰ এক্সপ্ৰেছৱে’ত (Lambani Tanda In Channapatna Taluk Of Ramanagara District)সংঘটিত হয় এই দুৰ্ঘটনাটো।

5 Killed In Road Accident

5 Killed In Road Accident

পৰিয়ালৰ সৈতে অৱসৰৰ মুহূৰ্ত উদযাপনৰ বাবে যোৱাৰ পথতে ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল পিতৃ-মাতৃ আৰু তিনি সন্তানে (5 Killed In Road Accident Bengaluru-Mysuru Expressway)। দুৰ্ঘটনাটোত থিতাতে নিহত স্বামী ৰবি পূজাৰ (৪৫), পত্নী লক্ষ্মী পূজাৰ (৪০) আৰু তেওঁলোকৰ ৩টা সন্তান —ইঞ্চৰা পূজাৰ (১৫), শান্তলা পূজাৰ (১০) আৰু ছিৰি পূজাৰ (৩)।

5 Killed In Road Accident

ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আছিল ৰবি আৰু পৰিয়ালটো কেঙেৰীত বাস কৰিছিল (5 Killed In Road Accident Bengaluru-Mysuru Expressway)। ৰামনগড় আৰক্ষীৰ অনুসৰি, দ্ৰুতবেগত গৈ থকা অৱস্থাত গাড়ীখনৰ এটা টায়াৰ ফাটি যোৱাৰ ফলত ৰবি পূজাৰে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। তাৰ পিছত বিপৰীত দিশৰ পৰা অহা এখন এছএউভিত খুন্দা মাৰে।

দুৰ্ঘটনাৰ ফলত সেই সময় গাড়ী চলাই থকা ৰবি পূজাৰৰ থিতাতে মৃত্যু ঘটে (5 Killed In Road Accident Bengaluru-Mysuru Expressway)। ইফালে আৰক্ষীয়ে আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় ৰবি পূজাৰৰ পত্নী আৰু তিনি সন্তানে।

Photo: Google

লগতে পঢ়কঃ Sachin Tendulkar Birthday: শচীন তেণ্ডুলকাৰে এইবোৰ বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিছিল; সেইকাৰণে ৫০ বছৰ বয়সতো হৈ আছে Fit And Healthy, আহক জানো তেওঁৰ লাইফষ্টাইলৰ কিছু কথা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -