23 C
Guwahati
Saturday, April 20, 2024

Sachin Tendulkar Birthday: শচীন তেণ্ডুলকাৰে এইবোৰ বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিছিল; সেইকাৰণে ৫০ বছৰ বয়সতো হৈ আছে Fit And Healthy, আহক জানো তেওঁৰ লাইফষ্টাইলৰ কিছু কথা…

Sachin Tendulkar Birthday: শচীন তেণ্ডুলকাৰে আজি তেওঁৰ ৫০তম জন্মদিন উদযাপন কৰিছে, আহক জানো তেওঁৰ জীৱনশৈলীৰ সৈতে জড়িত কিছুমান আমোদজনক কথা।

Must Read

Sachin Tendulkar Birthday: শচীন তেণ্ডুলকাৰ বিশ্বৰ বিখ্যাত ক্ৰিকেটাৰৰ মাজৰ এজন। মাষ্টাৰ ব্লাষ্টাৰে আজি অৰ্থাৎ সোমবাৰে তেওঁৰ ৫০ সংখ্যক জন্মদিন উদযাপন কৰিছে (Sachin Tendulkar Birthday)। এই বিশেষ দিনটোত বিশ্বজুৰি থকা তেওঁৰ অনুৰাগীসকলে দিগ্গজজনলৈ প্ৰেৰণ কৰিছে শুভেচ্ছা।

শচীন তেণ্ডুলকাৰক God Of Cricket ৰূপেও জনা যায়। শচীনে যদিও আজি তেওঁৰ ৫০ সংখ্যক জন্মদিন উদযাপন কৰি আছে কিন্তু তেওঁ আজিও নিজকে ইমান ফিট ৰাখিছে যে ১৮ বছৰীয়া এজন ডেকা যুৱকো তেওঁৰ ওচৰত টিকিব নোৱাৰিব। শচীনক এতিয়াও ক্ৰিকেট পিটছত অনুশীলন কৰা দেখা পোৱা যায়। তেওঁৰ এই জীৱনশৈলীয়ে তেওঁক আনতকৈ পৃথক কৰি তোলে। কিন্তু আজি আপুনি জানিব পাৰিব যে ‘God Of Cricket’বুলি কোৱা শচীন তেণ্ডুলকাৰে তেওঁৰ Evergreen Fitnessৰ বাবে কি কৰে?

দেশৰ সন্মানীয় বঁটা শচীনৰ নামত

তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৪,০০০ তকৈও অধিক ৰাণ সংগ্ৰহ কৰিছে আৰু ১০০টা আন্তঃৰাষ্ট্ৰীয় শতকৰ ৰেকৰ্ড নিজৰ নামত কৰিবলৈ সক্ষম হৈছে (Sachin Tendulkar Birthday)। কেৱল এয়াই নহয় দেশৰ আটাইতকৈ সন্মানীয় বঁটা ভাৰত ৰত্ন, ভাৰতৰ সৰ্বোচ্চ নাগৰিক বঁটাসহ কেইবাটাও পুৰষ্কাৰৰ সন্মানেৰেও সন্মানিত কৰা হৈছে শচীন তেণ্ডুলকাৰক। আজি আমি এই মহান ক্ৰিকেটাৰজনৰ জীৱনশৈলীৰ সৈতে সম্পৰ্কিত এনে কিছুমান আমোদজনক কথা ক’ম। যি হয়তো আপুনি নাজানে।

৫ ফুট ৫ ইঞ্চিৰ শচীনে তেওঁৰ ফিটনেছৰ এনেদৰে যত্ন লয় (Sachin Tendulkar Birthday)

শচীন তেণ্ডুলকাৰৰ উচ্চতা ৫ ফুট ৫ ইঞ্চি আৰু তেওঁৰ ওজন প্ৰায় ৬০ কিলোগ্ৰাম। শচীনে এদিনত কমেও ২৮০০-৩০০০ কেলৰি গ্ৰহণ কৰে। শচীন তেণ্ডুলকাৰৰ আহাৰত ৪০ শতাংশ কাৰ্ব’হাইড্ৰেট, ৩০ শতাংশ স্বাস্থ্যকৰ চৰ্বি আৰু ৩০ শতাংশ প্ৰ’টিন থাকে। এই স্বাস্থ্যকৰ আহাৰৰ লগতে শচীনে ক্ৰিকেট পিটছত যথেষ্ট অনুশীলন আৰু ব্যায়াম কৰে। শচীনে তেওঁৰ সমগ্ৰ আহাৰৰ বিৱৰণ দিছিল এক সাক্ষাৎকাৰত। তেওঁ দালিয়া, গাখীৰ, পানী, ফল, চালাড, দৈ, ঘেঁহু প্ৰ’টিন, ৰুটি, কিচমিচ, বাদাম খায়। শচীন এজন Food Lover হয়, লগতে তেওঁ নতুন-নতুন ব্যঞ্জন ৰান্ধিবলৈও যথেষ্ট ভাল পায়।

এক সাক্ষাৎকাৰত তেওঁ কৈছিল যে তেওঁ জাপানী, ভাৰতীয়, মালয়েছিয়া আৰু থাই খাদ্য ভাল পায়। ইয়াৰ উপৰিও তেওঁ সৰুৰে পৰা মহাৰাষ্ট্ৰৰ ‘বৰা পাও’ খাই আহিছে আৰু এইটো তেওঁৰ আটাইতকৈ প্ৰিয় খাদ্যৰ ভিতৰত এবিধ। এক মিডিয়া ৰিপৰ্ট অনুসৰি, শচীন তেণ্ডুলকাৰে তেওঁৰ আহাৰত বইল কৰা মাছ, দাইল, ৰুটি, দৈ আৰু চালাড ৰাখেই।

শচীন তেণ্ডুলকাৰে নিজকে ফিট ৰাখিবলৈ কি নাখায়?

শচীন তেণ্ডুলকাৰে মচলাযুক্ত খাদ্য নাখায়। শচীন যদিও আমিষভোজী কিন্তু তেওঁ Steamed Fish, দাইল আৰু Steamed Rice খায়। আহাৰত তেওঁ একেবাৰে মচলা ভাল নাপায়।

শচীন তেণ্ডুলকাৰে মিঠা বস্তু নাখায়

শচীন তেণ্ডুলকাৰে একেবাৰে মিঠা নাখায়। তেওঁ আহাৰ খোৱাৰ পিছত আইচক্ৰীম খাই ভাল পায় কিন্তু সেয়াও ফল আৰু Nuts-এ ৰে বনোৱা আইচক্ৰীমহে।

শচীন তেণ্ডুলকাৰে Late Night Party নকৰে

শচীনে আৰম্ভণিৰে পৰা নিজৰ লাইফষ্টাইলটো যথেষ্ট মেইনটেইন কৰি ৰাখিছে। তেওঁ কেতিয়াও নিশালৈ পাৰ্টী কৰি ভাল নাপায়।

দৈনন্দিন যোগাসন আৰু ব্যায়াম কৰে

শচীনে সদায় পুৱা সোনকালে উঠি যোগাসন আৰু ব্যায়াম কৰে। শচীনে ডাইটিঙতকৈ বেছি জীমত গুৰুত্ব দিয়ে।

শচীন তেণ্ডুলকাৰে দুপৰীয়া আহাৰো কমকৈ খায়

শচীনে স্নেক্ছত চালাড আৰু দুপৰীয়া-ৰাতিৰ আহাৰো কমকৈ খাই ভাল পায়। শচীনে এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁ দুপৰীয়াৰ আহাৰত ৩খন ৰুটী খায়। তেওঁ খুব কম আহাৰ খাই ভাল পায়।

খুব কম মানুহেই জানে যে শচীন তেণ্ডুলকাৰে ঘূৰি-ফুৰিও ভাল পায়। তেওঁ বেলেগ-বেলেগ ঠাইলৈ যাবলৈ বহুত পচন্দ কৰে। তেওঁ প্ৰায়ে পৰিয়ালৰ সৈতে ভ্ৰমণ কৰিবলৈ গৈয়ে থাকে। পিছে জানেনে তেওঁৰ মন পচন্দ ঠাই কি য’ত তেওঁ ঘূৰি-ফুৰি ভাল পায়।

১. লণ্ডন (London)

২. অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰ (Australia Melbourne)

৩. দক্ষিণ আফ্ৰিকাৰ কেপ টাউন (South Africa Cape Town)

৪. ছুইজাৰলেণ্ড (Switzerland)

৫. ডুবাই (Dubai)

৬. মুম্বাই (Mumbai)

Photo: Google

লগতে পঢ়কঃ Rangia Tragic Accident: খুবেই মৰ্মান্তিক! হাঁহি-ফূৰ্তিৰে বিয়া খাবলৈ গৈছিল এটা পৰিয়াল; কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস একেদিনাই প্ৰাণ হেৰুৱালে পিতৃ আৰু নৱ-বিবাহিতা কন্যাই, বাকী কেইগৰাকী আহত, ঘৰখনত এতিয়া কান্দোনৰ ৰোল..

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -