31 C
Guwahati
Tuesday, May 14, 2024

Modi Gift To Biden: প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনক দিলে কেইবাটাও মূল্যবান উপহাৰ; বাইডেনৰ পত্নীক দিলে “Green Diamond”, লগতে আছে আৰু বিশেষ উপহাৰ…Photos

Modi Gift To Biden And His Wife: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান আমেৰিকা ভ্ৰমণত ব্য়স্ত আছে। তেওঁ ৰাজকীয় যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত বুধবাৰে ৱাশ্বিংটনত উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোদীক হোৱাইট হাউছত ৰাষ্ট্ৰপতি জ' বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে আদৰণি জনায়।

Must Read

Modi Gift To Biden And His Wife: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi) বৰ্তমান আমেৰিকা ভ্ৰমণত (USA Tour) ব্য়স্ত আছে।

তেওঁ ৰাজকীয় যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত বুধবাৰে (আমেৰিকা সময়নুসৰি) ৱাশ্বিংটনত উপস্থিত হয়।

প্ৰধানমন্ত্ৰী মোদীক হোৱাইট হাউছত ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে আদৰণি জনায় (PM Modi Gift To Joe Biden)

PM মোদীয়ে কি কি উপহাৰ দিয়ে (Modi Gift To Biden)?

বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনৰ (Jill Biden First Lady Of The United States) নিমন্ত্ৰণত আমেৰিকা ভ্ৰমণত ব্য়স্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narenra Modi) আজি ৰাজকীয় ভোজ অংশ ল’ব আৰু ইয়াত অন্য বিশিষ্ট লোকো উপস্থিত থাকিব।

Modi Gift To Biden Modi Gift To Biden Modi Gift To Biden Modi Gift To Biden Modi Gift To Biden Modi Gift To Biden Modi Gift To Biden

ৱাশ্বিংটনত (Washington) ধাৰাষাৰ বৰষুণৰ মাজতে মোদীক “গাৰ্ড অফ অনাৰ” দিয়া হৈছে। ৰেইনকোট পিন্ধিয়েই প্ৰধানমন্ত্ৰী দুয়োখন দেশৰ ৰাষ্ট্ৰগানৰ বাবে থিয় হয়।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকা ৰাষ্ট্ৰপতিৰ মাজত উপহাৰৰ আদান-প্ৰদানো হয় (Modi Gift To Biden)

প্ৰধানমন্ত্ৰীগৰাকীয়ে জ’ বাইডেনক (Joe Biden) উপহাৰ হিচাপে এটা বিশেষ চন্দনৰ বাকচ উপহাৰ দিয়ে, যিটো জয়পুৰ, ৰাজস্থানৰ এজন মাষ্টৰ শিল্পকাৰৰ দ্বাৰা হস্তনিৰ্মিত কৰিছে।

কৰ্ণাটকৰ মহীশূৰত পোৱা চন্দন কাঠত জটিলভাৱে খোদিত উদ্ভিদ আৰু জীৱজন্তুৰ আৰ্হি আছে। ৰাজস্থানত চন্দনকাঠত এক প্ৰাচীন কলা খোদিত কৰা হৈছে।

শিল্পীজনে উৎকৃষ্ট কাৰুশিল্পৰ নমুনা সৃষ্টি কৰাৰ কামত তেওঁৰ কাহিনী আৰু আবেগৰ এটা অংশ দক্ষতাৰে অন্তৰ্ভুক্ত কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে বাইডেনক উপহাৰ হিচাপে দিয়া বাকচটোত দহটা দানৰ ৰাশি আছে- গৌদান (গৰুৰ দান)ৰ বাবে গৰুৰ স্থানত পশ্চিম বংগৰ কুশল কাৰিগৰৰ দ্বাৰা এটা সূক্ষ্ম হস্তনিৰ্মিত ৰূপৰ নাৰিকল দিয়া হয়।

ভূদান (ভূমিৰ দান)ৰ বাবে ভূমিৰ স্থানত মহীশূৰ, কৰ্ণাটকত পোৱা চন্দনৰ এটা সুগন্ধি টুকুৰা দিয়া হৈছে। তিলদানৰ বাবে তামিলনাডুৰ পৰা অনা তিল বা বগা তিলৰ গুটি দিয়া হয়।

প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিক ৰূপৰ চাকি আৰু ৰূপৰ ভগৱান গণেশৰ মূৰ্তি উপহাৰ হিচাপে দিয়ে।
৯৯.৫ শতাংশ বিশুদ্ধ আৰু হলমাৰ্ক যুক্ত ৰূপৰ মুদ্ৰা এটা ৰূপদান হিচাপে দিয়ে।

এই ৰূপৰ মুদ্ৰাটো ৰাজস্থানৰ শিল্পীসকলে তৈয়াৰ কৰিছে (Modi Gift To Biden)। লগতে নিমখ দান হিচাপে গুজৰাটৰ নিমখ আগবঢ়ায়।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি জ’ বাইডেনক লণ্ডনৰ ফেবাৰ এণ্ড ফেবাৰ লিমিটেডৰ দ্বাৰা প্ৰকাশিত আৰু ইউনিভাৰ্চিটি প্ৰেছ গ্লাছগোত মুদ্ৰণ কৰা ‘দ্য টেন প্ৰিঞ্চিপাল উপনিষদ’ নামৰ কিতাপখনৰ প্ৰথম সংস্কৰণৰ এটা প্ৰতিলিপি উপহাৰ হিচাপে দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনৰ পত্নী জিল বাইডেনক উপহাৰ হিচাপে ৭.৫ কেৰেট সেউজীয়া হীৰা উপহাৰ হিচাপে দিয়ে (The Green Diamond PM Modi Gifted US First Lady Jill Biden)। এই হীৰাটোৱে পৃথিৱীৰ পৰা খনন কৰা হীৰাৰ ৰাসায়নিক আৰু অপ্টিকেল গুণাগুণ দেখুৱায়।

প্ৰধানমন্ত্ৰী মোদীয়ে কি উপহাৰ পালে? (Biden Gift To Modi)

হোৱাইট হাউছৰ অনুসৰি, অফিচিয়েল উপহাৰ হিচাপে, আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন (US President Joe Biden) আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিংশ শতিকাৰ আৰম্ভণিৰ এখন হস্তনিৰ্মিত, প্ৰাচীন আমেৰিকাৰ কিতাপ ‘গেলি’ উপহাৰ হিচাপে দিয়ে (Modi Gift To Biden)

ৰাষ্ট্ৰপতিগৰাকীয়ে মোদীক এটা ভিণ্টেজ আমেৰিকান কেমেৰা ও দিয়ে, যাৰ সৈতে প্ৰথম কোডাক কেমেৰাৰ বাবে জৰ্জ ইষ্টমেনৰ পেটেন্টৰ এক মূল্যৱান আৰ্কাইভেল ফেচিমিল প্ৰিণ্ট আৰু আমেৰিকান বন্যপ্ৰাণী ফটোগ্ৰাফীৰ এখন হাৰ্ডকভাৰ কিতাপো দিয়ে।

জিলে বাইডেনে মোদীক ‘Collected Poems of Robert Frost’ৰ স্বাক্ষৰিত, প্ৰথম সংস্কৰণৰ প্ৰতিলিপি উপহাৰ হিচাপে দিয়ে।

Photo: Google

লগতে পঢ়কঃ Raha Tragic Accident: ভুল কাৰোবাৰ, ভুগিলে কোনোবাই! গৰু চুৰি কৰি বিলাসী গাড়ীৰে পলাইছিল চোৰ; পলাওতে স্পীডত থকা গাড়ীখনে খুন্দা মাৰে স্বামী-স্ত্ৰীক, কৰুণ মৃত্যুক সাৱটে দুয়োয়ে…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -