23.5 C
Guwahati
Wednesday, May 29, 2024

6 Bael Juice Benefits In Summer: গৰমৰ দিনকেইটাত সদায় খাওক এগিলাচ বেলৰ ৰস; খালে পাব এই আচৰিত লাভালাভ, পিছে জানো আহক কি কি, লগতে জানক এই জুইচ খোৱাৰ সময়…

6 Bael Juice Benefits In Summer Season: যদি আপুনি গ্ৰীষ্মকালত দৈনিক বেলৰ ৰস খায়, তেন্তে বহুতো লাভালাভ পাব। এই ৰস কোনো ঔষধতকৈ কম নহয়। ইয়াৰ বাহিৰেও, হৃদযন্ত্ৰৰ সৈতে সম্পৰ্কিত যিকোনো সমস্যাত এই ৰস অতি উপকাৰী। লগতে আছে আৰু বিভিন্ন লাভালাভ।

Must Read

6 Bael Juice Benefits In Summer Season: গ্ৰীষ্মকালত বেলৰ ৰস (Bael Juice) অতি উপকাৰী। এই ৰস খালে আপুনি গৰম অনুভৱ নকৰিব। ইয়াৰ লগতে গৰমৰ পৰা বাচিবলৈ ইয়াক ৰামবাণ চিকিৎসা বুলিও কোৱা হয়। যদি আপোনাৰ গৰমৰ দিনকেইটাত কিবা ঠাণ্ডা খোৱাৰ ইচ্ছা জাগে তেন্তে আপুনি খাব পাৰে এই ৰসবিধ। উচ্চ-ফাইবাৰ, প্ৰ’টিন, বেটা-কেৰটিনছ, ভিটামিন চি আৰু ৰিব’ফ্লেভিনৰ দৰে পুষ্টিৰে ভৰপূৰ এই বেলৰ ৰস।

আহক জানো বেলৰ ৰস খালে কি কি লাভালাভ পাব (6 Bael Juice Benefits In Summer)-

লগতে পঢ়কঃ 15 Summer Health Tips: উস! বৰ গৰম! গৰমৰ দিনকেইটাত কি কি খাব লাগে আৰু কি কি খাব নালাগে? Try কৰক আৰু Cool হয় থাকক!

১. কোষ্ঠকাঠিন্যৰ সমস্যাৰ (Constipation Issues) পৰা সকাহ দিয়ে বেলৰ ৰসে। বেল ফাইবাৰযুক্ত এবিধ ফল হয়। গতিকে গৰমৰ দিনকেইটাত এইবিধ ফল খাবলৈ পৰামৰ্শ দিয়া হয় যিয়ে কোষ্ঠকাঠিন্য সমস্যাত ভুগি আছে।

২. বেলৰ ৰসত ১৪০ বিধ স্বাস্থ্যকৰ কেলৰি থাকে আৰু যিয়ে ওজন হ্ৰাস (Weight Loss) কৰিব বিচাৰে তেওঁলোকে বেলৰ ৰস খাব পাৰে।

৩. তেজ পৰিষ্কাৰ (Blood Purifier) কৰাত বেলৰ ৰস অতি উপকাৰী। অৱশ্যে তেজ পৰিষ্কাৰ কৰিবলৈ বহু প্ৰকাৰৰ ঔষধ উপলব্ধ আছে, কিন্তু বেলৰ ৰস হৈছে এক প্ৰাকৃতিক বিকল্প, যাক আপুনি গ্ৰহণ কৰিব পাৰে।

৪. যদি আপুনি গৰমত বেলৰ ৰস (Bael Juice) খায় তেন্তে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) শক্তিশালী হ’ব। আপোনালোক জনাওঁ যে ভাল ৰোগ প্ৰতিৰোধ ক্ষমতাই শৰীৰক ৰোগৰ সৈতে যুঁজিবলৈ সক্ষম কৰে। বেলৰ ৰসত প্ৰ’টিন, বিটা-কেৰোটিন, থিয়ামিন, ৰাইবোফ্লেভিন আৰু ভিটামিন C আদিৰ দৰে পুষ্টি থাকে।

৫. ইয়াৰ বাহিৰেও বেলৰ ৰসত (Bael Juice) ঘিউ মিহলাই এটা নিৰ্দিষ্ট পৰিমাণত সেৱন কৰিলে, ইয়াৰ লাভালাভ দেখা পাব। ই হৃদৰোগবোৰ (Heart Disease) আঁতৰাই ৰাখে। অৰ্থাৎ, ই হৃদ আক্ৰমণৰ আশংকাও হ্ৰাস কৰে।

৬. বেলৰ ৰস (Bael Juice) খোৱাটো মহিলাসকলৰ (For Women) বাবে অতি উপকাৰী। দৰাচলতে, ই স্তনৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে। একে সময়তে স্তন্যপান কৰাই থকা মহিলাসকলৰ বাবেও বেলৰ ৰস উপযোগী। ইয়াৰ ব্যৱহাৰে মাতৃদুগ্ধ উৎপাদন বৃদ্ধি কৰে।

আহক জানো কেতিয়া খাব লাগে বেলৰ ৰস (Best Time To Drink Bael Juice)
আপুনি বেলৰ ৰস পুৱা খালী পেটত বা দুপৰীয়া সময়তো খাব পাৰে, কিন্তু মনত ৰাখিব যে আহাৰ খোৱাৰ পিছতে বা চাহ-কফি খোৱাৰ পিছত বেলৰ ৰস নাখাব। কিয়নো এনে কৰিলে লাভ হোৱাৰ পৰিৱৰ্তে লোকচানহে হ’ব।

Photo: Google

লগতে পঢ়কঃ India’s Population Overtake China: ভয়ংকৰভাবে বাঢ়িছে ভাৰতৰ জনসংখ্যা! চীনকো পিছ পেলাই ”ভাৰত” এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -