30 C
Guwahati
Tuesday, April 30, 2024

Guwahati Lalung Gaon Murder: নৃশংসতাৰ সীমা পাৰ! পত্নীক হত্যা কৰি মৃতদেহ “ট্ৰাংকত” ভৰাই থ’লে স্বামীয়ে; দ্বিতীয় পত্নী আছিল মৃত মহিলাগৰাকী, ৫ মাহ আগতে হৈছিল বিয়া…

Guwahati Lalung Gaon Murder: গুৱাহাটী মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা (Horrific Murder Case) সংঘটিত হৈছে

Must Read

Guwahati Lalung Gaon Murder: গুৱাহাটী মহানগৰীত (Guwahati) পুনৰ নৃশংস হত্যাকাণ্ডৰ ঘটনা (Horrific Murder Case) সংঘটিত হৈছে।

লালুং গাঁৱত সংঘটিত হৈছে এই ঘটনা (Guwahati Lalung Gaon Murder Case)

পৰিকল্পিতভাৱে পত্নীক হত্যা কৰি পলায়ন কৰিলে পাষান স্বামীয়ে। হত্যাৰ কেইদিনমান পিছতে মৃতদেহ উৱলি যোৱাত ওলোৱা দুৰ্গন্ধৰ পৰা বৃহস্পতিবাৰে জানিব পৰা যায় হত্যাকাণ্ডৰ (Murder Case) বিষয়ে।

মহানগৰীৰ লালুংগাঁৱত অৱস্থিত ১০নম্বৰ ঘৰত এই হত্যাকাণ্ড সংঘটিত হয় (Guwahati Lalung Gaon Murder)। “ট্ৰাংকৰ” ভিতৰত উদ্ধাৰ হয় দুৰ্ভগীয়া মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম বাসন্তী আৰু পলাতক হত্যাকাৰী স্বামীৰ নাম ৰাজ গোস্বামী (Murderer Husband Raj Goswami)

আৰক্ষীয়ে চিনাক্ত কৰিছে স্বামী ৰাজ গোস্বামীক। পত্নী হেৰুওৱা বুলি কৈ পলায়ন হত্যাকাৰী স্বামীৰ।
পাঁচ মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল বাসন্তী। হত্যাকাৰী স্বামী ৰাজ গোস্বামীৰ দ্বিতীয় পত্নী আছিল বাসন্তী (Guwahati Lalung Gaon Murder Husband Killed Second Wife)

তথ্য অনুসৰি, হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ ঘৰ কাৰ্বি আংলঙত। মৃতদেহ উদ্ধাৰ হোৱা ঘৰটো এসপ্তাহ পূৰ্বে পৰিয়ালটোৱে ভাৰাত লৈছিল। দুৰ্গন্ধ ওলোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় গড়চুক আৰক্ষী (Garchuk Police)। হত্যাকাৰী ৰাজ গোস্বামী ঘৰ মালিগাঁৱত। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Photo & Input: ৰানা চৌধুৰী

লগতে পঢ়কঃ Sri Raghupati Banned: অসমীয়া ছবিপ্ৰেমীৰ বাবে দুঃখবৰ! কাইলৈ মুক্তি নাপাব ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’; অনিৰ্দিষ্টকালৰ কালৰ বাবে মুক্তিত ন্যায়ালয়ৰ বাধা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -