31 C
Guwahati
Saturday, May 18, 2024

Adipurush Actress: আদিপুৰুষত সীতাৰ চৰিত্ৰৰ বাবে প্ৰথম পচন্দ নাছিল “কৃতি চেনন”; ৩ গৰাকী অভিনেত্ৰীয়ে “NO” কোৱাৰ পিছতহে কৃতিয়ে লাভ কৰিছিল এই অফাৰ…

Adipurush Actress Role: আদিপুৰুষত সীতাৰ চৰিত্ৰৰ বাবে প্ৰথম পছন্দ আছিল অনুষ্কা চেট্টী! ৪ নম্বৰত কৃতিয়ে লাভ কৰিছিল এই অফাৰ।

Must Read

Adipurush Actress Role: প্ৰভাস (Prabhas) আৰু কৃতি চেনন (Kriti Sanon) অভিনীত চিনেমা অদিপুৰুষ যোৱা শুকুৰবাৰে চিনেমা হলত মুক্তি লাভ কৰে (16 June Relesed Adipurush)।

ৰামৰ চৰিত্ৰত প্ৰভাসক লৈ আৰু কৃতিৰ সীতাৰ চৰিত্ৰত অভিনয়ক লৈ যথেষ্ট জল্পনা-কল্পনা চলি আছে।

ছবিখনৰ প্ৰযোজক আৰু পৰিচালকে কৃতিক সীতাৰ চৰিত্ৰৰ অফাৰ দিয়াৰ পূৰ্বে দক্ষিণ আৰু বলীউডৰ বহুতো অভিনেত্ৰীৰ কাষ চাপিছিল, যেতিয়া সকলোৱে অস্বীকাৰ কৰিলে, তেতিয়া তেওঁলোকৰ ওচৰত কৃতিৰ বাহিৰে কোনো বিকল্প নাছিল (Adipurush Actress Role)

Adipurush Actress

কৃতি চেননে অদিপুৰুষত সীতাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে (Adipurush Actress Sita Role)। দৰ্শকে পৰিচালক ওম ৰাউত আৰু সংলাপ লেখক মনোজ মুন্তাছিৰে কৃতিক সীতাৰ চৰিত্ৰত অভিনয় কৰোৱাৰ কৃতিত্ব দিছে।

প্ৰভাসে ৰামৰ চৰিত্ৰত অভিনয় কৰিছে। প্ৰভাসৰ বিপৰীতে নিৰ্মাতাসকলে প্ৰথমে দক্ষিণৰ অভিনেত্ৰী অনুষ্কা চেট্টীৰ (Anushka Shetty) কাষ চাপিছিল। পূৰ্বে বহুকেইখন ছবিত দুয়োৰে যুটি দৰ্শকে যথেষ্ট ভাল পাইছিল। কিন্তু আন এটা কামত তেওঁ দিয়া প্ৰতিশ্ৰুতিৰ বাবে তেওঁ এই ছবিখনত সময় দিব নোৱাৰিলে।

Adipurush Actress

নিৰ্মাতাসকলে তেতিয়া প্ৰভাসৰ বিপৰীতে কীৰ্তি সুৰেশক (Keerthy Suresh) কাষ্ট কৰাৰ সিদ্ধান্ত লৈছিল আৰু তেওঁক সীতাৰ চৰিত্ৰটো আগবঢ়াইছিল। কিন্তু কীৰ্তিয়ে ৰজনীকান্তৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ পোৱাৰ পিছত চুক্তিত স্বাক্ষৰ কৰে, সেয়েহে তেওঁ ‘আদিপুৰুষ’ৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে।

Adipurush Actress

কীৰ্তি সুৰেশ আৰু অনুষ্কা চেট্টীয়ে প্ৰস্তাৱটো প্ৰত্যাখ্যান কৰাৰ পিছত, নিৰ্মাতাসকলে অনুষ্কা শৰ্মাৰ (Anushka Sharma) কাষ চাপিছিল, কিন্তু অনুষ্কাই ছবিখন কৰিবলৈ অস্বীকাৰ কৰিছিল। তেওঁৰ জীয়েক ভামিকাক সময় দিয়াৰ উপৰিও, তেওঁ নেটফ্লিক্সৰ সৈতে ‘চাকদা এক্সপ্ৰেছ’ৰ বাবে চুক্তিস্বাক্ষৰ কৰে।

এই ৩ গৰাকী অভিনেত্ৰীয়ে অফাৰটো নাকচ কৰাৰ পিছতহে কৃতি চেননক দিয়া হৈছিল এই অফাৰ (Adipurush Actress Sita Role)

Photo: Google

লগতে পঢ়কঃ Electricity Worker Died: বিদ্যুতৰ খুঁটাৰ পৰা পৰি কৰ্মচাৰীৰ কৰুণ মৃত্যু; তাঁৰ মেৰামতিৰ বাবে জখলাৰে উঠিছিল বিদ্যুতৰ খুঁটাত, পৰিয়ালটোত কান্দোনৰ ৰোল…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -