34 C
Guwahati
Sunday, May 19, 2024

Budget 2023: গাড়ী, বাইক, স্কুটী হ’ব সস্তীয়া! Nirmala Sitharamanৰ মন আনন্দ কৰি তোলা ঘোষণা

Budget 2023: এতিয়া বাহনসমূহৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা। দৰাচলতে, বাজেট ২০২৩ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অটোমোবাইল সামগ্ৰীৰ ওপৰত মৌলিক শুল্কৰ হাৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে।

Must Read

Vehicles Will Become Cheaper Budget 2023: বিগত কেইবছৰমানত বিভিন্ন কাৰণত বাহনসমূহৰ মূল্য বৃদ্ধি হৈছে। চলিত বছৰৰ আৰম্ভণিতে প্ৰায় প্ৰতিজন বাহন নিৰ্মাতা কোম্পানীয়ে তেওঁলোকৰ বাহনৰ মূল্য বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে যোৱা বছৰতো কেইবাবাৰো কোম্পানীয়ে নিজৰ বাহনসমূহৰ মূল্য বৃদ্ধি কৰিছে। কিন্তু, এতিয়া বাহনসমূহৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। দৰাচলতে, ২০২৩ চনৰ বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অটোমোবাইল সামগ্ৰীৰ ওপৰত মৌলিক শুল্কৰ হাৰ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে।

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাষণত ক’লে যে, “মই বস্ত্ৰ আৰু কৃষিৰ বাহিৰে আন সামগ্ৰীৰ ওপৰত মৌলিক শুল্কৰ হাৰ ২১ৰ পৰা ১৩লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ দিছো। ইয়াৰ ফলস্বৰূপে- পুতলা, চাইকেল, অটোমোবাইলকে ধৰি কিছুমান সামগ্ৰীৰ ওপৰত মৌলিক শুল্ক, উপকৰ আৰু চাৰ্চাৰ্জত সামান্য পৰিৱৰ্তন হ’ব।’

পুৰণি চৰকাৰী বাহনসমূহ বাতিল কৰা হ’ব

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাষণত ক’লে, “পুৰণি প্ৰদূষণকাৰী বাহন সলনি কৰাটো আমাৰ অৰ্থনীতিক সেউজীয়া (Green Economy) কৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। ২০২১-২২ বৰ্ষৰ বাজেটত উল্লেখ কৰা বাহন স্ক্ৰেপিং নীতিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, মই কেন্দ্ৰীয় চৰকাৰৰ পুৰণি বাহনসমূহ বাতিল কৰাৰ বাবে যথেষ্ট পুঁজি আৱণ্টন কৰিছো। পুৰণি বাহন আৰু এম্বুলেঞ্চ সলনি কৰাত ৰাজ্যসমূহকো সহায় কৰা হ’ব।

Photo: Google

লগতে পঢ়কঃ Union Budget 2023: দাম কমিব মোবাইল ফোন-টিভিৰ; বাঢ়িব চিগাৰেট, সোণ-ৰূপৰ দাম, আৰু কি কি বস্তুৰ মূল্য হ্ৰাস আৰু বৃদ্ধি হ’ব, চাওক সম্পূৰ্ণ তালিকা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -