29 C
Guwahati
Sunday, May 19, 2024

খুবেই দুখলগা! একেদিনাই একেটা দুৰ্ঘটনাতে প্ৰাণ হেৰুৱালে এজন ফুটবল খেলুৱৈ আৰু এজন শিক্ষকে; দুখন বাইকৰ ভয়ংকৰ খুন্দা, মৃত মনজিৎ ৰাভা আছিল ৰাষ্ট্ৰীয় ফুটবলাৰ

গোৱালপাৰা জিলাৰ (Goalpara) ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত মালাধৰাত (Maladhora) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে

Must Read

গোৱালপাৰা জিলাৰ (Goalpara) ৰংছাই আৰক্ষী চকীৰ অন্তৰ্গত মালাধৰাত (Maladhora) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে। একেদিনাই একেটা দুৰ্ঘটনাতে কৰুণ মৃত্যুক (Tragic Died) সাৱটিলে দুজনকৈ বাইক আৰোহীয়ে। প্ৰাণ হেৰুওৱা লোক দুজনৰ ভিতৰত এজন প্ৰতিভাৱান ফুটবল খেলুৱৈ আৰু আনজন শিক্ষক (Footballer And Teacher Tragic Died)। দুখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা (Bike Colided) সংঘটিত হয়। একেদিনাই একেটা অঞ্চলৰে দুজনকৈ লোকে থিতাতে মৃত্যুক সাৱটি লোৱা ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোক দুজনৰ নাম ক্ৰমে- ফুটবল খেলুৱৈ মঞ্জিত ৰাভা আৰু শিক্ষক কুৰবান আলী। আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে আন দুগৰাকী বাইক আৰোহী। আহত দুগৰাকী হৈছে- সৌৰভ ৰাভা আৰু পাৰবিন চুলতানা। দুৰ্ঘটনাটোত আহত দুজনক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনাত মৃত্যু হোৱা দুজন লোকৰ ভিতৰত এজন অঞ্চলটোৰ জনপ্ৰিয় ফুটবল খেলুৱৈ বুলি জানিব পৰা গৈছে। প্ৰতিভাৱান ফুটবল খেলুৱৈগৰাকী হৈছে মনজিৎ ৰাভা। উল্লেখ্য, ৰাষ্ট্ৰীয় ফুটবলাৰ (National Footballer) আছিল মনজিৎ ৰাভা। অসম দলৰ হৈ তেওঁ ৰাষ্ট্ৰীয় ফুটবলত অংশ লৈছিল। বিগত বৰ্ষত ছানৰাইজ দলৰ হৈ জি এছ এ লীগত অংশ লৈছিল তেওঁ।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ (Goalpara Police) লোক উপস্থিত হৈ নিহত দুয়োজন লোককে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Photo: Batori 24

লগতে পঢ়কঃ Budget 2023: গাড়ী, বাইক, স্কুটী হ’ব সস্তীয়া! Nirmala Sitharamanৰ মন আনন্দ কৰি তোলা ঘোষণা

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -