35 C
Guwahati
Wednesday, May 15, 2024

Agra labrador Dog Died: দায়িত্বজ্ঞানহীন কাণ্ড! “পোহনীয়া কুকুৰ”ক গাড়ীৰ ভিতৰত বান্ধি তাজমহল চাবলৈ গ’ল এটা পৰিয়াল; উশাহ-নিশাহ বন্ধ হৈ গৰমত তিলতিলকৈ মৃত্যু কুকুৰটোৰ…Video Viral

Agra labrador Dog Died In Car: উত্তৰ প্ৰদেশৰ আগৰাত (UttarPradesh Agra) পশু অত্যাচাৰৰ এটা ঘটনা সংঘটিত হৈছে

Must Read

Agra labrador Dog Died In Car: উত্তৰ প্ৰদেশৰ আগৰাত (UttarPradesh Agra) পশু অত্যাচাৰৰ (Animal Cruelty) এটা ঘটনা সংঘটিত হৈছে।

আগৰা তাজমহলৰ (Taj Mahal) পশ্চিম গেট পাৰ্কিঙৰ পৰা মানৱ সমাজত লজ্জানত কৰোৱা ভিডিঅ’ (Viral Video) পোহৰলৈ আহিছে।

তাত থিয় হৈ থকা এখন গাড়ীত লেব্ৰাড’ৰ ব্ৰীডৰ এটা কুকুৰে তিলতিলকৈ কৰুণ মৃত্য়ুক (Tragic Died) সাৱটে। এই ঘটনাটোৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।

ভিডিঅ’টোৰ বিষয়ে তথ্য সংগ্ৰহ কৰি আৰক্ষীয়ে গাড়ীখনৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। কুকুৰটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰোৱায়।

জানিবলৈ দিয়া অনুসৰি, তাজমহলৰ পশ্চিম গেট পাৰ্কিঙত এখন গাড়ী ৰখাই থোৱা আছিল। গাড়ীখনৰ ভিতৰত এটা লেব্ৰা ব্ৰীডৰ কুকুৰ আছিল। এটা পৰিয়ালে পাৰ্কিঙত গাড়ীখন ৰখাই তাৰ ভিতৰত নিজৰ পোহনীয়া কুকুৰটোক শিকলিৰে বান্ধি বন্ধ কৰি তাজমহল চাবলৈ গুচি গৈছিল (Tourists Locked The Labrador Dog In The Car Died Due To Heat)

যাৰ ফলত ঘণ্টা পিছত ঘণ্টা জুৰি গাড়ীৰ ভিতৰত আৱদ্ধ হৈ আছিল পোহনীয়া কুকুৰটো। অহস্য গৰম আৰু বন্ধ খিৰিকীৰ বাবে কুকুৰটোৱে উশাহ ল’ব নোৱাৰা অৱস্থা হৈ গৈছিল। কুকুৰটোৱে গাড়ীখনৰ ভিতৰত ইফালে-সিফালে কৰাত ডিঙিৰ শিকলিডাল হেণ্ডব্ৰেকৰ হেণ্ডেলত লাগি ধৰে।

পিছত গৰমত উশাহ-নিশাহ বন্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় কুকুৰটোৱে (Agra labrador Dog Died)। এই ঘটনাটোৰ ভিডিঅ’ কৰে পাৰ্কিঙত থকা কৰ্মচাৰীসকলে।

সেই দৃশ্য ভিডিঅ’কৰি সামাজিক মাধ্যমত পোষ্ট কৰিছিল (Agra labrador Dog Died Social Media Viral Video)। সামাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

আৰক্ষীয়ে (Agra Police) গাড়ীখন জব্দ কৰাৰ লগতে কুকুৰটোৰগৰাকীৰ বিৰুদ্ধে পশু নিষ্ঠুৰতাৰ অভিযোগত এফআইআৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

পাৰ্কিঙত থকা কৰ্মচাৰীয়ে দিছিল বাধা

তাজমহল পশ্চিম গেট পাৰ্কিঙত যেতিয়া পৰিয়ালটোৱে গাড়ীখনত কুকুৰটোক বন্ধ কৰি যাবলৈ ওলাইছিল তেতিয়া কৰ্মচাৰীসকলে তেওঁলোকক বাধা দিছিল (Agra labrador Dog Died)

তেওঁলোকে কৈছিল যে ইমান গৰমত কুকুৰটোক গাড়ীৰ ভিতৰত বন্ধ কৰি থৈ নাযাব। তাৰ মৃত্যু হ’ব পাৰে। কাৰোবাক টকা দি, অলপ সময়ৰ বাবে চাবলৈ দিয়ক। কিন্তু তেওঁলোকে এই কথা নুশুনিলে।

বিভিন্নজনে কৰিলে ভিডিঅ’ (Social Media Viral Video)

যেতিয়া কুকুৰটো গাড়ীখনত উশাহ-নিশাহ বন্ধ হৈ ইফালে সিফালে ঘূৰি আছিল তেতিয়া বাহিৰত থকা কৰ্মচাৰীসকলে তাক বাহৰিলৈ উলিয়াবলৈ চেষ্টা কৰিছিল, কিন্তু গাড়ীখন অটোমেটিক লক আছিল।

পৰিয়ালটোৰ কোনো নম্বৰো নাছিল। যাৰ বাবে পাৰ্কিং কৰ্মচাৰীসকলে কুকুৰটো ভিডিঅ’ প্ৰস্তুত কৰিছিল (Tourists Locked The Labrador Dog In The Car Died Due To Heat)

Photo: Google

লগতে পঢ়কঃ Nagaland Massive Rock Falls: মৃত্যু এনেকৈয়ে আহে! মাত্ৰ ১ ছেকেণ্ড; তাৰ পিছত সকলো শেষ…পাহাৰৰ পৰা খহি পৰিল এটা প্ৰকাণ্ড শিল, মুহূৰ্ততে চেপেটা কৰি থৈ গ’ল ২জন লোকসহ ৩খন গাড়ীক, Watch Viral Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -