26.3 C
Guwahati
Saturday, May 4, 2024

ICC World Cup 2023 Schedule: ভাৰতৰ বাবে গৌৰৱৰ মুহূৰ্ত! ক্ৰিকেট ইতিহাসত এয়া প্ৰথমবাৰ; এই বছৰ সম্পূৰ্ণ বিশ্বকাপ ভাৰততে খেলা হ’ব, গুৱাহাটীত হ’ব কেৱল অনুশীলন মেচ, পিছে কেতিয়া হ’ব ভাৰত-পাকিস্তানৰ খেল?

ICC World Cup 2023 Schedule: আইচিচি এদিনীয়া বিশ্বকাপ এই বছৰ ভাৰতৰ উদ্যোগত খেলা হ'ব, যাৰ সূচী ঘোষণা কৰা হৈছে। ক্ৰিকেট ইতিহাসত এয়া প্ৰথমবাৰ হৈ আছে, কাৰণ এই বছৰ সম্পূৰ্ণ বিশ্বকাপ ভাৰততে খেলা হ'ব।

Must Read

ICC World Cup 2023 Schedule Announced 100 Days to Go: আইচিচি এদিনীয়া বিশ্বকাপ (ICC World Cup 2023) এই বছৰ ভাৰতৰ উদ্যোগত আয়োজন হ’ব, যাৰ সূচী ঘোষণা কৰা হৈছে।

বিশ্বকাপৰ আয়োজন ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰৰ মাজত অনুষ্ঠিত হ’ব।

ক্ৰিকেট ইতিহাসত এয়া প্ৰথমবাৰ হৈ আছে, কাৰণ এই বছৰ সম্পূৰ্ণ বিশ্বকাপ ভাৰততে (ICC World Cup 2023) খেলা হ’ব। ইয়াৰ পূৰ্বে ১৯৮৭, ১৯৯৬ আৰু ২০১১ৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ ভাৰতে যুটীয়াভাবে উদ্যোগতা কৰিছিল। মঙলবাৰে মুম্বাইত ১৩ সংখ্যক এদিনীয়া বিশ্বকাপৰ সম্পূৰ্ণ সূচী ঘোষণা কৰিছে (ICC World Cup 2023 Schedule)

এই সম্পূৰ্ণ টুৰ্ণামেণ্ট ৪৬ দিনৰ হ’ব। বিশ্বকাপৰ আৰম্ভ ৫ অক্টোবৰত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ড (England) আৰু ৰানাৰ্ছ আপ নিউজিলেণ্ডৰ (New Zealand) মাজত হ’ব। আহমদাবাদত (Ahmedabad) অনুষ্ঠিত হ’ব এই প্ৰথমখন যুঁজ।

ইফালে ভাৰতীয় দলটোৱে প্ৰথমখন খেল ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চেন্নাইত খেলিব।

প্ৰকাশ পোৱা সূচী অনুসৰি বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া খেলখন ১৫ অক্টোবৰ (দেওবাৰে) আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা হ’ব।

১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিশ্বকাপৰ ফাইনেল খেলখন খেলা হ’ব।

মুম্বাই আৰু কলকাতাত হ’ব ছেমিফাইনেল মেচ (ICC World Cup 2023 Schedule)

বিশ্বকাপৰ সময়ছোৱাত ১০টা দলে ৰাউণ্ড ৰোবিন লীগত এটাই আনটো দলৰ সৈতে যুঁজ দিব। প্ৰতিটো দলে ৰাউণ্ড ৰোবিন বিন্যাসত অন্য ৯টা দলৰ সৈতে খেলিব, ইয়াৰে শীৰ্ষ ৪টা দল নক-আউট পৰ্যায় (ছেমিফাইনেল)ৰ বাবে কোৱালিফাই হ’ব।

প্ৰথম ছেমিফাইনেলখন ১৫ নৱেম্বৰত মুম্বাইৰ বানখেৰে ষ্টেডিয়াম আৰু দ্বিতীয়খন ছেমিফাইনেল ১৬ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত খেলা হ’ব। যদি ভাৰত ছেমিফাইনেলৰ বাবে কোৱালিফাই হয় তেন্তে তেওঁলোকে ছেমিফাইনেল মুম্বাইত খেলিব।

ভাৰতৰ ৯খন চহৰত গ্ৰুপ পৰ্যায়ৰ খেল খেলিব টীম ইণ্ডিয়াই। অহা ৫ নৱেম্বৰত ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব ভাৰতে (ICC World Cup 2023)

ইতিমধ্যে ভাৰতকে ধৰি ৮টা দলে বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। কোৱালিফায়াৰত জয়লাভ কৰি আৰু দুটা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ দাবী মানি তেওঁলোকৰ মেচৰ স্থান সলনি কৰিব নেকি সেইটো লক্ষ্য কৰা হৈছিল যদিও শেষত আহমেদাবাদতে আয়োজন কৰিবলৈ লোৱা হৈছে ভাৰত-পাক মেচ।

ইয়াত চাওক সম্পূৰ্ণ সূচী- (ICC World Cup 2023 Schedule)

ICC World Cup 2023 Schedule

বিশ্বকাপ-২০২৩ৰ ভাৰতৰ খেলৰ সম্পূৰ্ণ সূচী-

৮ অক্টোবৰঃ ভাৰত বনাম অষ্ট্ৰেলিয়া (চেন্নাই)
১১ অক্টোবৰঃ ভাৰত বনাম আফগানিস্তান (দিল্লী)
১৫ অক্টোবৰঃ ভাৰত বনাম পাকিস্তান (আহমেদাবাদ)
১৯ অক্টোবৰঃ ভাৰত বনাম বাংলাদেশ (পুনে)
২২ অক্টোবৰঃ ভাৰত বনাম নিউজিলেণ্ড (ধৰ্মশালা)
২৯ অক্টোবৰঃ ভাৰত বনাম ইংলেণ্ড (লক্ষ্ণৌ)
২ নৱেম্বৰঃ ভাৰত বনাম কোৱালিফায়াৰ (মুম্বাই)
৫ নৱেম্বৰঃ ভাৰত বনাম দক্ষিণ আফ্ৰিকা (কলকাতা)
১১ নৱেম্বৰঃ ভাৰত বনাম কোৱালিফায়াৰ (বেংগালুৰু)

অনুশীলন মেচ আৰু টুৰ্ণামেণ্ট স্থান (ICC World Cup 2023 Schedule)

বিশ্বকাপৰ সময়ত মুঠ ১০ Vanue হ’ব। এইকেইখন হ’ল হায়দৰাবাদ, আহমেদাবাদ, ধৰ্মশালা, দিল্লী, চেন্নাই, লক্ষ্ণৌ, পুনে, বেংগালুৰু, মুম্বাই আৰু কলকাতা। হায়দৰাবাদৰ লগতে গুৱাহাটী (Guwahati) আৰু তিৰুবন্তপুৰমত ২৯ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ অনুশীলন মেচ অনুষ্ঠিত হ’ব।

Photo: Google

লগতে পঢ়কঃ Tezpur Horrific Murder: নৃশংসতাৰ সীমা পাৰ! প্ৰথমে বন কৰা মহিলাক হত্যা; তাৰ পিছত ঘৰৰ চৌহদত গাঁত খান্দি থ’লে পুতি, আৰক্ষীয়ে গাঁত খান্দি উলিয়াই মৃতদেহ…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -