25 C
Guwahati
Sunday, May 19, 2024

এছিয়ান বক্সিঙত একেৰাহে ষষ্ঠবাৰলৈ পদক নিশ্চিত কৰিবলৈ সক্ষম বক্সাৰ শিৱ থাপা

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

দেওবাৰে জৰ্ডানৰ আম্মানত অনুষ্ঠিত হোৱা ৬৩.৫ কিলোগ্ৰাম শাখাৰ কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ মিনচু চোইৰ বিৰুদ্ধে ৪-১ গ’লৰ বিজয়েৰে ভাৰত তথা অসম গৌৰৱ শিৱ থাপাই এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

২০১২ চনৰ লণ্ডন অলিম্পিয়ান আৰু ২০১৩ চনৰ এছিয়ান চেম্পিয়ন শিৱ থাপাৰ ছেমি ফাইনেল আউটিংয়ে তেওঁক এছিয়ান চেম্পিয়নশ্বিপত ষষ্ঠ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা শিৱ থাপা এছিয়া মহাদেশৰ প্ৰথম আৰু একমাত্ৰ বক্সাৰ হিচাপে পৰিগণিত হয়। এছিয়ান বক্সিঙত একেৰাহে ছয়বাৰ পদক অৰ্জন কৰি অনন্য অভিলেখ গঢ়িবলৈ সক্ষম অলিম্পিয়ান বক্সাৰ গৰাকীয়ে।

উল্লেখযোগ্য যে, শিৱ থাপাৰ উপৰিও লাভলিনা বৰগোহাঁই আৰু অংকুশিতা বড়োৱেও এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

ইয়াৰ পূৰ্বে শনিবাৰে বক্সাৰ লাভলিনা বৰগোহাঁয়ে শনিবাৰে হোৱা কোৱাৰ্টাৰ ফাইনেল বাউটত কাজাখস্তানৰ ভেলেণ্টিনা খালজোভাৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত ৭৫ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰে।

ভাৰত দল (Olympics.com অনুসৰি):

পুৰুষঃ গোবিন্দ সাহানী (৪৮ কিলোগ্ৰাম), স্পৰ্শ কুমাৰ (৫১ কিলোগ্ৰাম), অনন্ত চোপাডে (৫৪ কিলোগ্ৰাম), মোঃ। হুচামুদ্দিন (৫৭ কিগ্ৰা), এতাছ খান (৬০ কিগ্ৰা), শিৱ থাপা (৬৩.৫ কিগ্ৰা), অমিত কুমাৰ (৬৭ কিগ্ৰা), শচীন (৭১ কিগ্ৰা), সুমিত (৭৫ কিগ্ৰা), লক্ষ্য (৮০ কিগ্ৰা), কপিল (৮৬ কিগ্ৰা), নবীন (৯২ কিগ্ৰা), নৰেন্দ্ৰ (+৯২ কিগ্ৰা)।

মহিলা: মনিকা (৪৮ কিগ্ৰা), সবিতা (৫০ কিগ্ৰা), মিনাক্ষী (৫২ কিগ্ৰা), সাক্ষী (৫৪ কিগ্ৰা), প্ৰীতি (৫৭ কিগ্ৰা), চিমৰণজিৎ (৬০ কিগ্ৰা), পাৰবীন (৬৩ কিগ্ৰা), অংকুশিতা বড়ো (৬৬ কিগ্ৰা), পূজা (৭০ কিগ্ৰা), লভলিনা বৰগোহাইন (৭৫ কিগ্ৰা), চাৱেটি বুৰা (৮১ কিগ্ৰা) আৰু আলফিয়া পাঠান (+৮১ কিগ্ৰা)।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -