32 C
Guwahati
Friday, May 17, 2024

Assembly Election 2023 Results: নাগালেণ্ডত (Nagaland) আৰু ত্ৰিপুৰাত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ; বৰ্তমানেও স্পষ্ট হোৱা নাই মেঘালয়ত কোনে গঠন কৰিব চৰকাৰ!

Assembly Election 2023 Results: নাগালেণ্ডত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ (Nagaland Assembly Election 2023 Results)। বিজেপি মিত্ৰজোঁটে লাভ কৰিলে একক সংখ্যাগৰিষ্ঠতা

Must Read

Assembly Election 2023 Results: নাগালেণ্ডত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ (Nagaland Assembly Election 2023 Results)। বিজেপি মিত্ৰজোঁটে লাভ কৰিলে একক সংখ্যাগৰিষ্ঠতা। ৬০খন আসনৰ ভিতৰত ৩৮খনেই লাভ কৰিলে বিজেপি-এনডিপিপি মিত্ৰজোঁটে (BJP Alliance)

বিজেপি মিত্ৰজোঁটে লাভ কৰিলে ৩৮খন আসন। ইয়াৰে NDPP–এ ২৬খন আৰু বিজেপিয়ে লাভ কৰে ১২খন আসন (Nagaland Election 2023)। ৬০খন আসনযুক্ত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ফলাফলত NPF দলে লাভ কৰে দুখন আসন, NPPদলে চাৰিখন আৰু অন্যান্যই লাভ কৰে ১৬খন আসন।

অন্যান্য দলে লাভ কৰা ১৬খন আসনৰ ভিতৰত নিৰ্দলীয়ই চাৰিখন, JD(U)–এ এখন, LJP(RV)–এ দুখন, NCP–এ ৭খন, RPI(A)-এ দুখন আসন লাভ কৰে।

উল্লেখযোগ্য যে উত্তৰ-পূবৰ তিনি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ (3 States Assembly Election) ফলাফলত দুখন ৰাজ্যই দখল কৰে বিজেপি মিত্ৰজোঁটে। ত্ৰিপুৰা আৰু নাগালেণ্ড দখল কৰিলে বিজেপি মিত্ৰজোঁটে (BJP Alliance)

ত্ৰিপুৰাত বিজেপিৰ মিত্ৰজোঁটৰ একক সংখ্যা গৰিষ্ঠতা। BJP+IPFT-এ ৩৩ খন আসনত জয়লাভ। ত্ৰিপুৰাত TMP-এ ১৩ খন আসনত জয়লাভ। CPI(M)+INC-এ ১৪ খন আসন কৰে দখল। তৃণমূল কংগ্ৰেছে এখনো আসন লাভ কৰা নাই। অন্যান্যই এখন আসনতো জয়লাভ কৰিবলৈ সক্ষম নহ’ল।

ইফালে মেঘালয়ত কোনো এটা দলে একক সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল। মেঘালয়ত NPP-এ ২৭খন আসনত জয়লাভ কৰিছে। BJP-এ মাত্ৰ ২ খন আসন লাভ কৰিছে। লগতে কংগ্ৰেছে ৫ খন, তৃণমূল কংগ্ৰেছে ৫ খন আৰু অন্যান্যই ২০ খন আসনত জয়লাভ কৰিছে। অন্যান্যৰ ২০খন আসনৰ ভিতৰত HSPDP–এ ২খন, নিৰ্দলীয়ই ২খন, PDF-এ ২খন, UDP–এ ১০, VPP–এ চাৰিখন আসন দখল কৰে। এতিয়া মেঘালয়ত কোনকেইটা দলে মিত্ৰতা কৰি চৰকাৰ গঠন কৰে সেয়া পৰৱৰ্তী সময়তহে স্পষ্ট হ’ব।

Photo: Google

লগতে পঢ়কঃ বৰ্বৰতাৰ সীমা পাৰ! মান্তি নহ’ল বিয়াত; প্ৰেমিকে হানি-খুঁচি হত্যা (Bengaluru Murder) কৰিলে প্ৰেমিকাক, এবাৰ-দুবাৰ নহয় মুঠ ১৫ বাৰ চুৰিৰে হানিলে পেটত…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -