29 C
Guwahati
Sunday, May 19, 2024

New Governor| অসমৰ ৩১ সংখ্যক ৰাজ্যপালৰূপে শপত গ্ৰহণ গুলাব চান্দ কাটাৰিয়া (Gulab Chand Kataria)ৰ

New Governor| বুধবাৰে গুৱাহাটীৰ (Guwahati) শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত (Srimanta Sankardeva Kalakshetra) আনুষ্ঠানিকভাবে শপত গ্ৰহণ কৰে নৱনিযুক্ত ৰাজ্যপালগৰাকীয়ে (Gulab Chand Kataria Takes Oath As 31st Governor Of Assam)

Must Read

New Governor| বুধবাৰে গুৱাহাটীৰ (Guwahati) শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত (Srimanta Sankardeva Kalakshetra) আনুষ্ঠানিকভাবে শপত গ্ৰহণ কৰে নৱনিযুক্ত ৰাজ্যপালগৰাকীয়ে (Gulab Chand Kataria Takes Oath As 31st Governor Of Assam)। ৰাজস্থানৰ উদয়পুৰৰ নিৱাসী ৭৮ বৰ্ষীয় কাটাৰিয়াই সদ্য অৱসৰপ্ৰাপ্ত ৰাজ্যপাল জগদীশ মুখীৰ ঠাইত কাৰ্যভাৰ গ্ৰহণ কৰে। মঙলবাৰে বিয়লি সপত্নীক গুৱাহাটীত উপস্থিত হয় গুলাব চান্দ কাটাৰিয়া (Gulab Chand Kataria)

 

১৯ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ কাৰ্যভাৰ ত্যাগ কৰিছিল অধ্যাপক জগদীশ মুখীয়ে (Professor Jagdish Mukhi)। অসমৰ ৰাজ্যপালৰূপে নিযুক্ত হোৱাৰ পূৰ্বে গুলাব চান্দ কাটাৰিয়াই (Gulab Chand Kataria) ২০১৪ চনৰ পৰা ২০১৮লৈ ৰাজস্থানৰ গৃহমন্ত্ৰী আৰু তাৰ পিছত ৰাজ্য বিধানসভাত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তদুপৰি, তেওঁ বিজেপিৰ কেন্দ্ৰীয় কমিটীৰ সদস্যও আছিল। ৰাজস্থানৰ উদয়পুৰৰ নিবাসী গুলাব চান্দ কাটাৰিয়া (Gulab Chand Kataria) কেইবাবাৰো সাংসদৰূপে জয়ী হৈছিল। পূৰ্বে তেওঁ ৰাজস্থান চৰকাৰত গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী আছিল। ১৯৪৪ চনৰ ১৩ অক্টোবৰত জন্মগ্ৰহণ কৰা গুলাব চান্দ কাটাৰিয়া ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থান চৰকাৰত গৃহমন্ত্ৰীৰ দায়িত্বত আছিল। ১৯৭৭ চনত প্ৰথমবাৰৰ বাবে তেওঁ ৰাজস্থানৰ উদয়পুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল । তেতিয়াৰে পৰাই উদয়পুৰ সমষ্টিত তেওঁ খোপনি পুতিবলৈ সক্ষম হয়। ১৯৮০ চনত তেওঁ পুনৰ জয়ী হয়। তেওঁ ৰাজস্থান বিধানসভাৰ প্ৰাক-কলন সমিতিৰ সদস্য আছিল।

Photo: Google

লগতে পঢ়কঃ কি ক’ব নিষ্ঠুৰ, অমানৱীয় নে অমানুষিক! ৫ দিন আগতে সন্তান প্ৰসৱ কৰিছিলহে; কিন্তু স্বামীগৃহৰ লোকে নুবুজিলে দুখ, হাত বান্ধি বোৱাৰীক কৰিলে অত্যাচাৰ, ভাইৰেল হ’ল অত্যাচাৰৰ Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -