25 C
Guwahati
Saturday, April 27, 2024

Himanta Challenges Asaduddin: ‘অসমত ৬০০ মাদ্ৰাছা বন্ধ কৰিছো; আৰু ৩০০ মাদ্ৰাছা বন্ধ কৰিম’- অ’ৱেছীক মুকলি প্ৰত্যাহ্বান হিমন্ত বিশ্ব শৰ্মাৰ

Himanta Challenges Asaduddin For Madrasa: তেলেংগানাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছাদুদ্দিন অ’ৱেছীক মুকলিকৈ জনায় প্ৰত্যাহ্বান। তেওঁ ক'লে যে তেওঁ এই এইবাৰ অসমৰ ৩০০ মাদ্ৰাছাৰ ওপৰত অভিযান চলাব।

Must Read

Himanta Challenges Asaduddin For Madrasa: তেলেংগানাত বিজেপিয়ে আয়োজন কৰা হিন্দু একতা ৰেলীত অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma Challenges Asaduddin Owaisi Over Action In Madrasa)।

এই ৰেলীতে মুখ্যমন্ত্ৰীগৰাকীয়ে AIMIM প্ৰধান আছাদুদ্দিন অ’ৱেছীক প্ৰত্যাহ্বান জনাই কয় যে তেওঁ এই বছৰ ৩০০ মাদ্ৰাছাৰ ওপৰত অভিযান চলাব। কৰ্ণাটকত পৰাজয় হোৱাৰ পিছত বিজেপি এতিয়া পৰৱৰ্তী মিছনত নামি পৰিছে। তেলেংগানাত চলিত বৰ্ষতে হ’ব বিধানসভা নিৰ্বাচন।

ৰেলীত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) কয়, ‘আমি অসমত লভ জেহাদৰ বিৰুদ্ধে কাম কৰি আছো। অসমত মাদ্ৰাছা বন্ধ কৰাৰ বাবে কাম কৰি আছো। মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমত ৬০০ মাদ্ৰাছা বন্ধ কৰিছো…মই অ’ৱেছীক ক’বলৈ বিচাৰিছো যে মই এই বছৰ আৰু ৩০০ মাদ্ৰাছা বন্ধ কৰিম (Himanta Challenges Asaduddin For Madrasa)।’

মাদ্ৰাছাক লৈ কি কৈছিল অ’ৱেছীয়ে (Asaduddin Owaisi)?

ইয়াৰ পূৰ্বে আছাদুদ্দিন অ’ৱেছীয়ে অসমত মাদ্ৰাছাৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থাক লৈ মন্তব্য কৰিছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত অ’ৱেছীয়ে টুইট কৰি কৈছিল, ‘অসম কোনো বিদেশ নহয় য’ত ভাৰতীয়ই আপোনাৰ পৰা অনুমতি ল’ব।

ভাতৰত যিকোনো অংশত মানুহে থকা আৰু বসবাস কৰাৰ অধিকাৰ এক মৌলিক অধিকাৰ হয়। RSSৰ দ্বাৰা পৰিচালিত স্কুলসমূহত শিক্ষকসকলৰ বিষয়ে কি ক’ব? কি হ’ব তেতিয়া যেতিয়া অন্য ৰাজ্যসমূহেও অসমৰ লোকসকলৰ ওপৰত একেধৰণৰ নিয়ম গ্ৰহণ কৰা আৰম্ভ কৰে (Himanta Challenges Asaduddin For Madrasa)।’

কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ক লৈ সমালোচনা

ইয়াৰ পূৰ্বে তেলেংগানা ৰেলীত (Telengana Rally) অংশগ্ৰহণ কৰিবলৈ যোৱা হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত কংগ্ৰেছৰ বিজয়ক (Congress Won Karnataka) লৈ সমালোচনা কৰে। তেওঁ বিজেপিৰ তুলনা শচীন তেণ্ডুলকাৰৰ (Sachin Tendulkar) সৈতে কৰি ক’লে যে-

কেতিয়াবা-কেতিয়াবা তেওঁ শূণ্য ৰাণতো আউট হয়। হিমন্ত বিশ্ব শৰ্মাই কয় যে, কংগ্ৰেছে এখন ৰাজ্য জয় কৰিছে আৰু ইমান হুলস্থূল কৰিছে, বিজেপিয়ে কেইবাখনো ৰাজ্যত জয়লাভ কৰিছে কিন্তু এনেকুৱা হুলস্থুল কৰা নাই।

Photo: Google

লগতে পঢ়কঃ Chanakya Niti For Money: যেতিয়া আপোনাৰ হাতলৈ ‘টকা’ আহে তেতিয়া ভুলতেও এই ১০টা কাম নকৰিব! পিছে জানি লওক কি কি কাম?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -