29 C
Guwahati
Monday, May 20, 2024

নিৰ্বাচনৰ পূৰ্বে চৰকাৰৰ অংক! ঘৰত বহিয়েই নিবনুৱা যুৱক-যুৱতীসকলে পাব নিবনুৱা ভাট্টা (Unemployment Allowances); প্ৰতি মাহে ২,৫০০ টকাকৈ পাব নিবনুৱাসকলে

ছত্তীশগড়ত এই বছৰ বিধানসভা নিৰ্বাচন (Assembly Election) অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে (Bhupesh Baghel) এক নিৰ্বাচনী অংক কৰিবলৈ প্ৰস্তুত হৈছে

Must Read

ছত্তীশগড়ত এই বছৰ বিধানসভা নিৰ্বাচন (Assembly Election) অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে (Bhupesh Baghel) এক নিৰ্বাচনী অংক কৰিবলৈ প্ৰস্তুত হৈছে। তেওঁৰ চৰকাৰে যুৱক-যুৱতীসকলৰ বাবে ২,৫০০ টকা নিবনুৱা ভাট্টা (Unemployment Allowances) দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে।

আগন্তুক ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ (পূৰ্বে ছত্তীশগড় চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলক নিবনুৱা ভাট্টা আঁচনিৰ অধীনত প্ৰতিমাহে ২,৫০০ টকা দিয়াৰ প্ৰস্তুতি চলাইছে (Chhattisgarh CM Bhupesh Baghel Govt Plans To Give Rs 2500 As Unemployment Allowances)। এই প্ৰতিশ্ৰুতি কংগ্ৰেছে ২০১৮ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ ঘোষণাপত্ৰত কৰিছিল। ২৬ জানুৱাৰীত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আগন্তুক বিত্তীয় বৰ্ষ (২০২৩-২৪)ৰ পৰা (Next Financial Year (2023-24) প্ৰতিমাহে নিবনুৱা ভাট্টা দিয়া হ’ব। অৱশ্যে এই টকাৰ পৰিমানটো কিমান হ’ব মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা নাছিল।

ৰাজ্য চৰকাৰৰ জ্যোষ্ঠ বিষয়াসকলে কোৱা অনুসৰি এই ৰাশি প্ৰতিমাহে ২,৫০০ টকা হোৱাৰ সম্ভাৱনা। ২০ ফেব্ৰুৱাৰীত হ’বলগীয়া কেবিনেট বৈঠকত এই সন্দৰ্ভত আলোচনা কৰা হ’ব। এজন জ্যোষ্ঠ বিষয়াই নাম প্ৰকাশ নকৰাৰ চৰ্তত কয় যে এখন সমিতিয়ে নিবনুৱা ভাট্টাৰ অধীনত প্ৰতিমাহে ২,৫০০ টকা দিয়াৰ কথা নিৰ্ধাৰণ কৰিছে। অৱশ্যে টকাৰ পৰিমান প্ৰসংগত নিৰ্ণয় ল’ব মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে।

লগতে এই কেবিনেট বৈঠকত আৰু কেইবাটাও লোভনীয় আঁচনিৰ ওপৰত আলোচনা কৰা হ’ব। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যুৱপ্ৰজন্মক নিবনুৱা ভাট্টা দিয়াটো এক নিৰ্বাচনী অংক।

ৰাজনৈতিক বিশ্লেষক পৰৱেশ মিশ্ৰাই (Parivesh Mishra)কয় যে, নিবনুৱাসকলক নিবনুৱা ভাট্টা (Unemployment Allowances) দিয়াটো কংগ্ৰেছ চৰকাৰৰ (Congress Govt) ৰাজনৈতিকভাবে এক বৃহৎ অংক।

Photo: Google

লগতে পঢ়কঃ ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিঙত প্ৰচণ্ড খুন্দা বাহনৰ; কৰুণ মৃত্যুক (Died) সাৱটিলে একেটা পৰিয়ালৰ ৩জন লোকে, দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -