26 C
Guwahati
Monday, May 20, 2024

প্ৰসংগঃ তিনি গগৈ! তিনি গগৈৰ মিলনে শংকিত কৰিছে অসম বিজেপিক; শংকাৰ ৫টা কাৰণ

3 Gogoi Assam: তিনি গগৈ ক্ৰমে- গৌৰৱ গগৈ (Gaurav Gogoi), অখিল গগৈ (Akhil Gogoi) আৰু লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi)। এই তিনি গগৈক লৈ এতিয়া সোচ্চাৰ অসম বিজেপি

Must Read

3 Gogoi Assam: তিনি গগৈ ক্ৰমে- গৌৰৱ গগৈ (Gaurav Gogoi), অখিল গগৈ (Akhil Gogoi) আৰু লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi)। এই তিনি গগৈক লৈ এতিয়া সোচ্চাৰ অসম বিজেপি।

মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্যিক বিজেপিৰ সভাপতিলৈ, মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰা সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটালৈ আৰু
বিধায়ক সুশান্ত বৰগোহাঁইৰ পৰা ৰূপজ্যোতি কুৰ্মীলৈ।

তিনি গগৈৰ প্ৰসংগ মুখত অনাৰ পৰা কোনো বাদ পৰা নাই। পিছে ডাৱল ইঞ্জিন চৰকাৰ চলি থকা বিজেপি নেতাৰ বাবে কিয় মূৰৰ কামোৰণি হৈছে তিনি গগৈ? তিনি গগৈক লৈ কিয় অতি সৰব হৈছে মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ নেতাসকল?

যোৱা ৩০ জুনৰ কথা। শিৱসাগৰত সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বিৰুদ্ধে একত্ৰিত হৈছিল কেইবাটাও বিৰোধী ৰাজনৈতিক দল। উপস্থিত হৈছিল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ।

তিনি গগৈকে প্ৰমুখ্য কৰি বিৰোধী দলসমূহৰ নেতাসকলে হাতে-হাত ধৰি ফটোও উঠিছিল। শিৱসাগৰত তিনি গগৈৰ এই মিলনৰ পাছতেই সৰব হ’ল অসম বিজেপি।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে ‘তিনি গগৈৰ মিলন অসমৰ বাবে শুভ লক্ষণ নহয়’। তিনি গগৈৰ প্ৰসংগক লৈ সংবাদ মাধ্যমত সক্ৰিয় হৈ উঠিল আন আন বিজেপি নেতাসকলো।

কিন্তু প্ৰশ্ন হয়, কেন্দ্ৰ আৰু ৰাজ্যত শাসনত থকা বৃহৎ দল বিজেপিয়ে তিনি গগৈৰ প্ৰসংগত মূৰ ঘমালে কিয়?
তিনি গগৈৰ মিলনে শংকিত কৰিলে নেকি অসম বিজেপিক? যদি শংকিত কৰিছে, কিহৰ বাবে এই শংকা?
ইয়াৰ কেইবাটাও কাৰণ থাকিব পাৰে।

উজনি অসমৰ প্ৰায়বোৰ বিধান সভা সমষ্টিয়ে সম্প্ৰতি বিজেপিৰ দখলত। তাৰ কাৰণ যোৱা নিৰ্বাচনত বিৰোধীৰ ভোট বিভাজন।

উজনি অসমত থকা শক্তিশালী স্থিতিয়েই বিজেপিক শাসনলৈ অহাতো নিশ্চিত কৰিছে। কিন্তু বিৰোধীৰ ভোট বিভাজন ৰোধ হ’লে বিজেপিৰ বাবে বিপদৰ কাৰণ হ’ব। গতিকে তিনি বিৰোধী নেতা গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ মিলন বিজেপিৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে।

দ্বিতীয়তে উজনি অসমত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ কিছু পৰিমানে হ’লেও এটা ভেটি আছে। সমান্তৰালভাবে হেৰাই যোৱা নাই কংগ্ৰেছৰো গণভিত্তি। গতিকে এই ৩ দলৰ এই ৩ গৰাকী নেতা একত্ৰিত হ’লে বিৰোধীৰ ভোট বিভাজন ৰোধ হ’ব পাৰে। যিটো হ’ব উজনি অসমত বিজেপিৰ বাবে ভয়ৰ কাৰণ।

তৃতীয়তে উজনি অসমত প্ৰায়বোৰ সমষ্টিতে আহোম ভোটে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। বিৰোধীৰ এই তিনিওজন নেতা আহোম সম্প্ৰদায়ৰ। গতিকে তিনি নেতাৰ একেলগ হোৱাটো কেতিয়াও নিবিচাৰে বিজেপিয়ে।

চতুৰ্থতে, সমষ্টি পুনৰ্ৰনিৰ্ধাৰণক লৈ অসন্তুষ্টি উজনি অসমৰ এক বৃহৎ সংখ্যক জনতা। গতিকে তেনে সময়তে উজনি অসমত এই নেতা লগ লগাতো বিজেপিৰ বাবে শুভলক্ষণ নহয়।

পঞ্চমতে, প্ৰতিশ্ৰুতি দিও ৬ জনগোষ্ঠীৰ জনজাতিকৰণত ব্যৰ্থ বিজেপি। এই ৬ জনগোষ্ঠীৰ ৫ টা জনগোষ্ঠীৰ প্ৰাধান্য আছে উজনি অসমত। গতিকে উজনি অসমত এই তিনি নেতাৰ লগতে বিৰোধী দল একত্ৰিত হ’লে বিজেপিৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি উঠাৰ যথেষ্ঠ সম্ভাৱনা আছে। যিটো কথা বিজেপিৰ কাৰণে বিপদজনক হ’ব।

বৰ্তমান অসমত কংগ্ৰেছৰ সবল স্থিতি নাই বুলি কোৱা হয়। ৰাইজৰ দলৰো মাত্ৰ এজনেই বিধায়ক, অসম জাতীয় পৰিষদৰ কোনো সমষ্টিয়েই নাই। তাৰ পাছতো বিজেপিৰ দৰে বৃহৎ দলটো ব্যস্ত হৈ পৰিল গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈৰ মিলনৰ বিষয়কলৈ। গতিকে বিজেপিৰ এয়া শংকা নেকি, প্ৰশ্ন উঠাটো স্বাভাৱিক।

Photo: Batori24

Published By: Anirban Pathak

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -