29 C
Guwahati
Sunday, May 19, 2024

Odisha Fire In Train: আকৌ ওড়িশাত ৰে’ল দুৰ্ঘটনা; দুৰ্গ-পুৰী এক্সপ্ৰেছৰ AC ডবাত লাগিল ভয়ংকৰ জুই, এক বৃহৎ দুৰ্যোগৰ পৰা কথমপি হাত সাৰিলে যাত্ৰীসকলে…

Odisha Fire In Train: বৃহস্পতিবাৰে ওড়িশাৰ নুৱাপাৰাত দুৰ্গ-পুৰী এক্সপ্ৰেছৰ এটা শীত-তাপ নিয়ন্ত্ৰিত (AC) কোঠাত ভয়ংকৰ জুই লাগে।

Must Read

Odisha Fire In Train: বৃহস্পতিবাৰে ওড়িশাৰ নুৱাপাৰাত (Odisha’s Naupada district) দুৰ্গ-পুৰী এক্সপ্ৰেছৰ এটা শীত-তাপ নিয়ন্ত্ৰিত (AC) কোঠাত ভয়ংকৰ জুই লাগে (Odisha Fire In Train)। জুই লগাৰ পিছত যাত্ৰীসকলৰ মাজত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।

কথমপি এক বৃহৎ দুৰ্যোগৰ পৰা হাত সাৰিবলৈ সক্ষম হয়। কোনো যাত্ৰী হতাহত নহয় এই ৰে’ল দুৰ্ঘটনাত (Fire On Durg-Puri Express In Odisha Creates Panic, No Casualties Reported)

ECOR-এ কয় যে বৃহস্পতিবাৰে সন্ধিয়া খাৰিয়াৰ ৰোড ষ্টেচনত (Khariar Road Station) ৰে’লখনৰ বি ৩ ডবাত (B3 coach) ধোঁৱা ওলাবলৈ আৰম্ভ কৰে। ৰে’লখনে ব্ৰেক নলগোৱাৰ বাবে এই ঘটনা সংঘটিত হয়। ঘৰ্ষণৰ ফলত ব্ৰেক পেডত জুই লাগিছিল বুলি ৰে’ল বিভাগৰ বিষয়াসকলে জানিবলৈ দিয়ে।

লগতে পঢ়কঃ Odisha Triple Train Accident: ওড়িশাৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত মৃত্যু হোৱা ১০১জন লোকৰ মৃতদেহৰ “পৰিচয়” এতিয়াও ওলোৱা নাই; মৰ্গত পৰি ৰৈছে ক্ষত-বিক্ষত মৃতদেহবোৰ…চাই চিনিব নোৱাৰি!

জানিবলৈ দিয়া অনুসৰি, দুৰ্গ-পুৰী এক্সপ্ৰেছৰ বি ৩ ডবাত (Fire On Durg-Puri Express B3 coach) যেতিয়াই ধোঁৱাৰে ভৰ্তি ৰে’লৰ পৰা যাত্ৰীসকল তেতিয়াই তাত এক হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়। জুই লগাৰ ঘটনাৰ পিছতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু নিশা ১১ বজাত ৰে’লখনক গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হয়।

ৰে’লৱেৰ বিষয়াসকলে জনোৱা মতে, এজন যাত্ৰীয়ে এলাৰ্ম চেইন টানিছিল। এই ঘটনাৰ ফলত কোনো লোক আহত হোৱা নাই বা কোনো ক্ষয় ক্ষতি হোৱা নাই। কিয়নো জুই কেৱল ব্ৰেক পেডতহে লাগিছিল (Odisha Fire In Train)

Odisha Fire In Train

উল্লেখ্য যোৱা ২ জুনত ওড়িশাৰ বালেশ্বৰৰ বাহাংগা বজাৰ ষ্টেচনৰ সমীপত চেন্নাই অভিমুখী কৰমণ্ডল এক্সপ্ৰেছত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল (Odisha Bengaluru-Howrah Superfast Express)

Odisha Fire In Train

এই দুৰ্ঘটনাত ২৮৮ জন লোকৰ মৃত্যু হয়। আহত হয় হাজাৰৰো অধিক লোক। এই ভয়াবহ ঘটনাৰ স্মৃতি সজীৱ হৈ থকাৰ সময়তে ওড়িশাত পুনৰ ৰে’লত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

Photo: Google

লগতে পঢ়কঃ Sri Raghupati Piracy: Facebook আৰু YouTubeত আপলোড ‘শ্ৰী ৰঘুপতি’ ছবিখনৰ কিছু দৃশ্যাংশ; এজাহাৰ দাখিল ছবিখনৰ প্ৰযোজকৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -