32 C
Guwahati
Friday, May 17, 2024

Sri Raghupati Piracy: Facebook আৰু YouTubeত আপলোড ‘শ্ৰী ৰঘুপতি’ ছবিখনৰ কিছু দৃশ্যাংশ; এজাহাৰ দাখিল ছবিখনৰ প্ৰযোজকৰ

Sri Raghupati Piracy: সোমবাৰে মুক্তিলাভ কৰিছে বহুচৰ্চিত ছবি ‘শ্ৰীৰঘুপতিয়ে। উচ্চ ন্যায়ালয়ৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিছতে ছবিগৃহত মুক্তিলাভ কৰে ছবিখনে

Must Read

Sri Raghupati Piracy: সোমবাৰে মুক্তিলাভ কৰিছে বহুচৰ্চিত ছবি ‘শ্ৰীৰঘুপতি (Sri Raghupati)’য়ে। উচ্চ ন্যায়ালয়ৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিছতে ছবিগৃহত মুক্তিলাভ কৰে ছবিখনে (Assamese Movie Sri Raghupati Piracy)।

যিসকলে চিনিমাগৃহলৈ গৈ এই ছবিখন চাইছে তেওঁলোকে ছবিখনৰ নায়ক-নায়িকাৰ লগতে অন্য সহ অভিনেতাৰো অভিনয় সুন্দৰ বুলি মন্তব্য কৰিছে।

সমগ্ৰ ৰাজ্যতে প্ৰতিটো দৰ্শনীতে হাউছফুল দেখা গৈছে। নোচোৱা লোকসকলেও ছবিখন চাবলৈ উৎসাহী হৈ আছে। কিন্তু ইয়াৰ মাজতে আহিছে এক দুখৰ খবৰ।

পাইৰেচীৰ কবলত পৰিছে ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’ (Sri Raghupati)। ছবিগৃহত ছবিখনৰ দৃশ্যাংশ ৰেকৰ্ড কৰি ফেচবুক আৰু ইউটিউবত আপলোড কৰিছে একাংশই (Sri Raghupati Film Published On You Tube And Facebook)

যাৰ ফলত এতিয়া ছবিখনৰ প্ৰযোজকে লোকচানৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে। নীতি–নিয়ম উলংঘা কৰি একাংশই এই ছবিখনৰ দৃশ্যাংশ ইউটিউব আৰু ফেচবুকত আপলোড কৰাৰ অভিযোগ কৰিছে ছবিখনৰ প্ৰযোজকে।

এই সন্দৰ্ভত ছবিখনৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাই দাখিল কৰিছে এখন FIR। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক প্ৰদান কৰিছে এই এফ আই আৰ।

এফ আই আৰত শৈলেন কুমাৰ শৰ্মাই লিখিছে, ‘‘আমাৰ লক্ষ্যত পৰিছে যে একাংশ তথাকথিত ইউটিউবাৰ আৰু ফেচবুক ব্যৱহাৰকাৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কপিৰাইট আৰু চিনেমেট’গ্ৰাফী আইন ভংগ কৰি ‘শ্ৰী ৰঘুপতি’ (Sri Raghupati)ৰ দৃশ্যাংশ ছবিগৃহৰ ভিতৰত ভিডিঅ’ ৰেকৰ্ডিং কৰি ইউটিউব আৰু ফেচবুক পেজত আপলোড কৰি আছে। যাৰ ফলত মই বৃহৎ ক্ষতিৰ শংকা কৰিছো। এই নীতিবিৰুদ্ধ কামৰ ফলত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰো জিএছটিৰ ক্ষেত্ৰত ক্ষতি হ’ব।’’

এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ছবিখনৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাই।

Photo: Google

লগতে পঢ়কঃ Mumbai Man Chops Girlfriend: ইয়াতকৈ ভয়ংকৰ আৰু একো নাই! প্ৰথমে প্ৰেমিকাক গছ কটা মেচিনেৰে কাটি কৰিলে টুকুৰা-টুকুৰ; তাৰ পিছত প্ৰেছাৰ কুকাৰত বইল কৰি মিক্সাৰত বটিলে, অৱশেষত খুৱালে কুকুৰক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -