28 C
Guwahati
Monday, May 20, 2024

Akhil On Assam Govt: PWDৰ কামৰ নামত ফাংফুং! ৯ কোটি ২৫ লাখেৰে নিৰ্মাণৰত কলেজ ভৱনৰ মজিয়াই চাব নে, চিলিঙে চাব নে, টয়লেটে চাব; সকলোতে বৃহৎ বৃহৎ ফাঁট, শৌচাগাৰৰ দৰ্জা ভিতৰেৰে বন্ধ কৰিব নে, বাহিৰেৰে বন্ধ কৰিব…তাতো হ’ব Confusion

Akhil On Assam Govt: লোকনিৰ্মাণ বিভাগ (PWD Department)ৰ কামৰ নামত ফাংফুং। শিৱসাগৰ বি এড কলেজৰ নতুনকৈ নিৰ্মাণ কৰা ভৱনটো দেখিলে আপুনিও আচৰিত হ'ব

Must Read

Akhil On Assam Govt: লোকনিৰ্মাণ বিভাগ (PWD Department)ৰ কামৰ নামত ফাংফুং। শিৱসাগৰ বি এড কলেজৰ নতুনকৈ নিৰ্মাণ কৰা ভৱনটো দেখিলে আপুনিও আচৰিত হ’ব।

নিৰ্মাণৰত B.Ed কলেজখনৰ ভৱনটোৰ মজিয়াই চাব নে, চিলিঙে চাব নে, টয়লেটে চাব সকলোৰে পৰা কামত গাফিলতি কৰাৰ প্ৰমাণ স্পষ্টভাবে ওলাই পৰে।

বৃহস্পতিবাৰে হাতত হাতুৰি লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) অধীনত থকা লোকনিৰ্মাণ বিভাগৰ (PWD Department) কামকাজৰ তদাৰক কৰে বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi)। শিৱসাগৰৰ লোকনিৰ্মান বিভাগ(গৃহ)ত সংঘটিত হোৱা দুৰ্নীতি দেখি খঙত অগ্নিশৰ্মা হয় বিধায়ক অখিল গগৈ (Akhil On Assam Govt)

দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ লোকনিৰ্মাণ বিভাগৰ (PWD Department) বিষয়াক (Akhil On Assam Govt)

অন্যথা শিৱসাগৰ লোকনিৰ্মাণ বিভাগৰ (Sivasagar PWD Department) কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা অৰু কণিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে নিজাববীয়াকৈ এজাহাৰ দাখিল কৰিব বুলি কয় বিধায়কগৰাকীয়ে।

শিৱসাগৰৰ ভাধৰাত নিৰ্মাণ হৈ থকা শিৱসাগৰ B.Ed কলেজৰ ভৱনটো যৌথভাবে পৰ্যবেক্ষণ কৰিবলৈ যায় বিধায়ক অখিল গগৈ (MLA Akhil Gogoi), লোকলিৰ্মাণ বিভাগৰ(গৃহ) কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কণিষ্ঠ অভিযন্তাৰ লগতে স্থানীয় ৰাইজ।

প্ৰায় ৯ কোটি ২৫ লাখ টকাৰে নিৰ্মাণ হৈ থকা শিৱসাগৰ B.Ed কলেজৰ ভৱনটোৰ কাম কাজ দেখি ক্ষুন্ন হৈ পৰে বিধায়ক অখিল গগৈ (Akhil On Assam Govt)

Akhil On Assam Govt

ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে। নৱনিৰ্মিত ভৱনটোৰ মজিয়াৰ পকা বখলা বখলে এৰাই যোৱাৰ লগতে বহুকেইটা কোঠাৰ ৱালত দেখা পোৱা গ’ল বৃহৎ বৃহৎ ফাঁট।

Akhil On Assam Govt

ইয়াৰোপৰি বৃহৎ B.Ed কলেজখন নিৰ্মাণ কৰা শৌচাগাৰকেইটাও বিসংগতিপূৰ্ণ। শৌচাগাৰৰ দৰ্জা ভিতৰেৰে বন্ধ কৰিব নে, বাহিৰেৰে বন্ধ কৰিব…তাতো হ’ব Confusion। মুঠতে ফাংফুং শব্দটোৰ উচিত ব্যৱহাৰ কৰিছে এই বিভাগটোৱে।

সংবাদ মাধ্যম আৰু স্থানীয় ৰাইজৰ সন্মুখতে বিভাগীয় বিষয়াক কঠোৰ নিৰ্দেশ নিম্নমানৰ কাম কৰা দুৰ্নীতিগ্ৰস্ত ঠিকাদৰ ললিত চন্দ্ৰ গগৈৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰক। অন্যথা তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি কয় বিধায়কগৰাকীয়ে।

উল্লেখ্য কিছুদিনৰ পিছতেই মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ একমাত্ৰ B.Ed কলেজখনৰ (Sivasagar B.Ed College) শুভ উদ্বোধন কৰাৰ কথা আছিল। কিন্তু উদ্বোধনৰ পূৰ্বে নৱনিৰ্মিত B.Ed কলেজৰ ভৱনটোৰ মজিয়া বখলা বখলে এৰাই যোৱাৰ লগতে ৱালত বৃহৎ বৃহৎ ফাঁট ওলোৱা কাৰ্যক সহজভাৱে ল’ব পৰা নাই বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi)

Photo & Input: পাৰ্শ্বজ্যোতি গগৈ

লগতে পঢ়কঃ Odisha Fire In Train: আকৌ ওড়িশাত ৰে’ল দুৰ্ঘটনা; দুৰ্গ-পুৰী এক্সপ্ৰেছৰ AC ডবাত লাগিল ভয়ংকৰ জুই, এক বৃহৎ দুৰ্যোগৰ পৰা কথমপি হাত সাৰিলে যাত্ৰীসকলে…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -