34 C
Guwahati
Sunday, May 19, 2024

RBI ৰ সিদ্ধান্তঃ কাৰ্ড অবিহনেই ATMৰ পৰা উলিয়াব পাৰিব কেচ, সকলো বেংকতে উপলব্ধ হ’ব এই সুবিধা

Must Read

RBI ৰ সিদ্ধান্তঃ কাৰ্ড অবিহনেই ATMৰ পৰা উলিয়াব পাৰিব কেচ, সকলো বেংকতে উপলব্ধ হ’ব এই সুবিধা

এতিয়া মানুহে ডেবিট কাৰ্ড অবিহনেই ATMৰ পৰা উলিয়াব পাৰিব টকা। সকলো বেংকতে আগবঢ়োৱা হ’ব এই সুবিধা। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে এই কথা নিশ্চিত কৰিছে। তেওঁ কয় যে, বৰ্তমান এটিএমৰ জৰিয়তে কাৰ্ডবিহীন নগদ ধন উলিওৱাৰ সুবিধা কেৱল কেইটামান বেংকতে সীমাবদ্ধ। এতিয়া UPI ব্যৱহাৰ কৰি সকলো বেংক আৰু এটিএম নেটৱৰ্কত কাৰ্ডবিহীন নগদ ধন উলিওৱাৰ সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

UPIৰ জৰিয়তে সম্পূৰ্ণ কৰা হ’ব এই সুবিধা। য’ত কোনোধৰণৰ কাৰ্ডৰ প্ৰয়োজন নহ’ব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুদ্ৰা নীতি সমিতিৰ এখন বৈঠকত তেওঁ এই কথাও কয় যে, কাৰ্ড অবিহনে কৰা টকাৰ লেনদেন যথেষ্ট সুৰক্ষিত হ’ব।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -