29 C
Guwahati
Saturday, May 18, 2024

পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু বলীউডৰ অভিনেতা ৰণবীৰ সিঙ

Must Read

বলীউডৰ অভিনেতা ৰণবীৰ সিঙে প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে। শেহতীয়াকৈ তেওঁ ‘কফি উইথ কৰণ ছিজন ৭’ত চৰ্চাত আহিছিল কাৰণ তেওঁৰ ব্যক্তিগত জীৱনৰ বিষয়ে প্ৰকাশ পাইছিল। তাৰ পিছত ‘বিগ বছ অ’টিটি’ হষ্ট কৰাৰ বাবেও তেওঁৰ নাম চৰ্চাত উঠিছিল। মুঠতে তেওঁৰ পেছাদাৰী কামৰ বাবেই তেওঁ বাতৰিৰ শিৰোনাম দখল কৰি আছে। এতিয়া তেওঁ পুনৰ বাতৰিৰ শিৰোনাম হৈ পৰিল কিয়নো অভিনেতাজনে ক্ৰয় কৰিলে কোটি কোটি টকাৰ এটা বিলাসী এপাৰ্টমেণ্ট।

সকলোৱে জানে যে ৰণবীৰ সিঙে বিলাসী জীৱন যাপন কৰে। তেওঁক ষ্টাইলিছ আৰু ভাইব্ৰেণ্ট লুকত দেখা যায়। এতিয়া তেওঁ মুম্বাইৰ বান্দ্ৰাত অৱস্থিত আৱাসিক টাৱাৰ ‘সাগৰ ৰেশম’ত এটা বিলাসী এপাৰ্টমেণ্ট ক্ৰয় কৰিছে, যিটো এপাৰ্টমেণ্ট বাদশ্বাহ শ্বাহৰুখ খানৰ ‘মন্নত’ আৰু ভাইজান ছলমান খানৰ ‘গেলেক্সি’ৰ মাজত আছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি অভিনেতাগৰাকীয়ে ১১৯ কোটি টকাত এই ঘৰটো ক্ৰয় কৰিছে, যিটো এপাৰ্টমেণ্ট টাৱাৰৰ ১৬ৰ পৰা ১৯ নং মহলাত অৱস্থিত। অৰ্থাৎ তেওঁলোকে মুঠ চাৰিটা মহলাত নিজৰ মালিকীস্বত্বৰ অধিকাৰ লৈছে। তেওঁলোকৰ ঘৰৰ আকাৰৰ কথা ক’বলৈ গ’লে ইয়াত মুঠ কাৰ্পেটৰ আয়তন ১১,২৬৬ বৰ্গফুট আৰু বিশেষ টেৰেচ ১৩০০ বৰ্গফুট। কেৱল এয়াই নহয়, ৰণবীৰ সিঙে এই ভৱনটোত ১৯খন গাড়ী ৰখাৰ সুবিধাও পাইছে।খবৰ অনুসৰি ৰণবীৰ সিঙে এপাৰ্টমেণ্টটো ক্ৰয় কৰাৰ সময়ত ১১৮.৯৪ কোটি টকা দিছিল আৰু পঞ্জীয়নৰ সময়ত ৭.১২ কোটি টকা ষ্টাম্প ডিউটি ​​আদায় দিছিল।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -