25 C
Guwahati
Thursday, May 9, 2024

Odisha Triple Train Crash: “ছিগনেল দি আকৌ ঘূৰাই লৈছিল; তেতিয়ালৈ লুপ লাইনত ওলাই গৈছিল কৰ’মণ্ডল এক্সপ্ৰেছ”- ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ আটাইতকৈ ডাঙৰ কাৰণ আহিল পোহৰলৈ, প্ৰত্যক্ষদৰ্শীয়ে কৰে ভয়ংকৰ ঘটনাটোৰ বৰ্ণনা…

Odisha Triple Train Crash: ওড়িশাৰ ৰে'ল দুৰ্ঘটনাৰ এক উচ্চ-পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে, দক্ষিণ-পূব খণ্ডৰ ৰে'ল সুৰক্ষা আয়ুক্তৰ নেতৃত্বত থাকিব এই তদন্ত অভিযান। ৰে'ল সুৰক্ষা আয়ুক্তই অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ অধীনত কাম কৰে আৰু এনে সকলো দুৰ্ঘটনাৰ তদন্ত কৰে।

Must Read

Odisha Triple Train Crash: শুকুৰবাৰে ওড়িশাৰ বালাছোৰ (Odisha’s Balasore) জিলাত সংঘটিত ৰে’ল দুৰ্ঘটনাত (Train Accident) কমেও ২৮৮ জন লোক নিহত (288 Passengers Died) আৰু ৯০০ ৰো অধিক লোক আহত হৈছে।

দুখন যাত্ৰীবাহী ৰে’ল আৰু এখন মালবাহী ৰে’লৰ মাজত হোৱা ভয়ংকৰ সংঘৰ্ষৰ পিছত বহুতো প্ৰশ্ন উত্থাপিত হৈছে। এতিয়া এই দুৰ্ঘটনাটোৰ যুটীয়া অনুসন্ধান প্ৰতিবেদন পোহৰলৈ আহিছে, য’ত দুৰ্ঘটনাটোৰ আঁৰত ছিগনেল সম্পৰ্কীয় ভুল বুলি কোৱা হৈছে (Odisha Triple Train Crash)

ৰিপৰ্টত কোৱা হৈছে যে এখল মালবাহী ৰে’ল বাহানাগা বজাৰ ষ্টেচনত লুপ লাইনত থিয় হৈ আছিল।
তেতিয়াই কৰ’মণ্ডল এক্সপ্ৰেছ (১২৮৪১) ষ্টেচনটোত (Coromandel Express) উপস্থিত হয়।

Odisha Triple Train Crash

লুপ লাইনত যিকোনো ৰে’লক তেতিয়া ৰখাই থোৱা হয়, যেতিয়া আন কোনো ৰে’লক আগলৈ পঠিয়াবলৈ থাকে। বাহানাগা বজাৰ ষ্টেচনতো এইটোৱে পৰিস্থিতি আছিল (Odisha Triple Train Crash)। কৰ’মণ্ডল এক্সপ্ৰেছক আগত পঠাবলৈ লুপত গাড়ীখনক ষ্টেচনত ৰখাই থোৱা হৈছিল।

লগতে পঢ়কঃ Odisha Tragedy Update: মৃত্যুৰ কিৰিলী! কৰ’মণ্ডল এক্সপ্ৰেছ নহয় যেন “মৃত্যু এক্সপ্ৰেছ”হে; ফটো আৰু ভিডিঅ’ই কয় কিমান ভয়ংকৰ আছিল সেই দুৰ্ঘটনা, চাৰিওফালে কেৱল মৃতদেহেই মৃতদেহ

যুটীয়া অনুসন্ধান ৰিপৰ্টত (Join Inspection Report) কোৱা হৈছে যে প্ৰথমে আপ মেইন লাইনৰ বাবে কৰ’মণ্ডল এক্সপ্ৰেছক ছিগনেল প্ৰেৰণ কৰা হৈছিল।

Odisha Triple Train Crash

কিন্তু পিছত ইয়াক ঘূৰাই লোৱা হৈছিল। তেতিয়ালৈকে, কৰ’মণ্ডল এক্সপ্ৰেছ লুপ লাইনত গুচি গৈছিল আৰু তাত ৰখাই থোৱা মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হৈছিল। মালবাহী ৰে’লখনৰ সৈতে সংঘৰ্ষৰ পিছত ৰে’লখনৰ ডবাবোৰ লাইনচ্যুত হয় (Odisha Triple Train Crash)

প্ৰত্যক্ষদৰ্শীয়ে বৰ্ণনা কৰিছিল এই ভয়ংকৰ পৰিস্থিতিৰ কথা

কৰ’মণ্ডল এক্সপ্ৰেছত যাত্ৰা কৰা এজন যাত্ৰী অনুভৱ দাসে এই ভয়ংকৰ দুৰ্ঘটনাটোৰ চকুৰে দেখা সকলো কথা বৰ্ণনা দিছিল। দাসে টুইটাৰযোগে (Twitter) বিতংভাৱে জনাই যে কেনেদৰে এই দুৰ্ঘটনা সংঘটিত হৈছিল।

তেওঁ ক’লে, “মই বহুত সৌভাগ্যৱান যে হাওৰাৰ পৰা চেন্নাইলৈ যাবলগীয়া কৰ’মণ্ডল এক্সপ্ৰেছৰ ভয়ংকৰ দুৰ্ঘটনাৰ চিকাৰ হোৱাৰ পিছতো মই ৰক্ষা পৰিলো। এইটো হয়তো আটাইতকৈ ডাঙৰ ৰে’ল দুৰ্ঘটনা।’

তেওঁ লগতে লিখিলে, “মই ৰে’ললাইনত ২০০ৰ পৰা ২৫০ গৰাকী যাত্ৰীৰ মৃতদেহ সিচৰিত হৈ থকা দেখিছো (Odisha Triple Train Crash)। গোটেই ৰে’ল লাইনত ক্ষত-বিক্ষত অৱস্থাত মৃতদেহৰ টুকুৰা পৰি আছিল আৰু তেজ পৰি আছিল। এইটো এটা এনেকুৱা দৃশ্য আছিল, যিটো মই কেতিয়াও পাহৰি নাযাও।”

ৰুটটোত নাছিল কবচ প্ৰণালী

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ এক উচ্চ-পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা হৈছে, দক্ষিণ-পূব খণ্ডৰ ৰে’ল সুৰক্ষা আয়ুক্তৰ নেতৃত্বত থাকিব এই তদন্ত অভিযান। ৰে’ল সুৰক্ষা আয়ুক্তই অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ অধীনত কাম কৰে আৰু এনে সকলো দুৰ্ঘটনাৰ তদন্ত কৰে।

ৰে’লৱে কয় যে ৰে’লগাড়ীক খুন্দা মৰাক বাধা দিয়া পদ্ধতি “কবচ” এই ৰুটটোত উপলব্ধ নাছিল। ভাৰতীয় ৰে’লৱেৰ প্ৰৱক্তা অমিতাভ শৰ্মাই কয় যে, উদ্ধাৰ অভিযান সম্পূৰ্ণ হৈ গৈছে।

Photo: Google

লগতে পঢ়কঃ Kokrajhar Train Incident: ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ মাজতে কোকৰাঝাৰত চলন্ত ৰে’লত ঘটিল আন এক অঘটন; চলন্ত অৱস্থাতে ৰে’লৰ পৰা খুলি গ’ল ইঞ্জিন, Watch Video

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -