26 C
Guwahati
Monday, May 20, 2024

Assam HS Result 2023: কৃতিত্ব অক্ষুন্ন! মেট্ৰিকত অষ্টম স্থান; হায়াৰ ছেকেণ্ডাৰীত বিজ্ঞান শাখাত পালে প্ৰথম স্থান, পুত্ৰৰ এই সফলতাত মাকে ক’লে- “ৰিজাল্ট ভালৰ বাবে আশা কৰিছিলো, কিন্তু প্ৰথম হ’ব বুলি কেতিয়াও ভবা নাছিলো”

Assam HS Result 2023: আজি ঘোষণা কৰা হ'ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

Must Read

Assam HS Result 2023: আজি ঘোষণা কৰা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল (Assam HS Results 2023)।

পুৱা ৯ বজাৰ লগে লগে শিক্ষা সংসদে (AHSEC) ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল। ১১টাকৈ ৱেবছাইটত উপলব্ধ হ’ল পৰীক্ষাৰ ফলাফল।

হায়াৰ ছেকেণ্ডাৰীত পৰীক্ষাৰ ফলাফলত (Assam HS Result 2023) কলা শাখাত (Arts Stream) উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। বাণিজ্য শাখাত (Commerce Stream) উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ। আনহাতে, বিজ্ঞান শাখাত (Science Stream) উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ।

Assam HS Result 2023

ফলাফল অনুসৰি বিজ্ঞান শাখাৰ শীৰ্ষস্থানত উজলিল হাজোৰ ৰামদিয়াৰ নিখিলেশ দত্ত (Hajo Nikhilesh Dutta)। ৪৮৪ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিলে নিখিলেশে। নগাঁৱৰ ৰামানুজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ নিখিলেশ।

নিখিলেশৰ এই সফলতাৰ পিছতে ঘৰখনত এতিয়া আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি (Assam HS Result 2023)।

পুত্ৰৰ এই সফলতাত নিখিলেশ দত্তৰ মাকে কয়,

“মোৰ খুবেই ভাল লাগিছে, মোৰ ল’ৰাই উচ্চতৰ মাধ্যমিকত প্ৰথম স্থান পাইছে। মেট্ৰিকতো ৰামদিয়া শংকৰদেৱ শিশু নিকেতনৰ পৰা অষ্টম স্থান পাইছিল। ভাল ফলাফলৰ বাবে আশা কৰিছিলো, কিন্তু প্ৰথম হ’ব বুলি কেতিয়াও ভবা নাছিলো। ১০টাৰ ভিতৰত থাকিব বুলি ভাবিছিলো। যিখিনি কষ্ট কৰিছিল তাৰ ফল পাইছে।’’

উল্লেখ্য ২০২০ চনত মেট্ৰিক পৰীক্ষাত ৰাজ্যৰ ভিতৰতে অষ্টম স্থান দখল কৰিছিল নিখিলেশে। বেমাৰৰ বাবে মাজতে এটা বছৰ পৰীক্ষা দিব পৰা নাছিল। কিন্তু আজিৰ ফলাফলে নিখিলেশৰ পৰিয়ালৰ লগতে ওচৰ-চুবুৰীয়াৰ মুখলৈও হাঁহি কঢ়িয়াই আনিছে।

Photo: Batori24

লগতে পঢ়কঃ Odisha Triple Train Crash: “ছিগনেল দি আকৌ ঘূৰাই লৈছিল; তেতিয়ালৈ লুপ লাইনত ওলাই গৈছিল কৰ’মণ্ডল এক্সপ্ৰেছ”- ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ আটাইতকৈ ডাঙৰ কাৰণ আহিল পোহৰলৈ, প্ৰত্যক্ষদৰ্শীয়ে কৰে ভয়ংকৰ ঘটনাটোৰ বৰ্ণনা…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -