23 C
Guwahati
Friday, March 29, 2024

Odisha Tragedy Update: মৃত্যুৰ কিৰিলী! কৰ’মণ্ডল এক্সপ্ৰেছ নহয় যেন “মৃত্যু এক্সপ্ৰেছ”হে; ফটো আৰু ভিডিঅ’ই কয় কিমান ভয়ংকৰ আছিল সেই দুৰ্ঘটনা, চাৰিওফালে কেৱল মৃতদেহেই মৃতদেহ

Odisha Tragedy Update: দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সেয়া ফটো আৰু ভিডিঅ' দেখিলেই আপুনি বুজি পাব

Must Read

Odisha Tragedy Update: শুকুৰবাৰে ওড়িশাৰ বালাছোৰত (Odisha’s Balasore) সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত (Horrific Train Accident) প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৃদ্ধি হৈ ২৮৮ হৈছে (Toll Died 288)।

এই দুৰ্ঘটনাত ৯০০ গৰাকীতকৈ অধিক লোক গুৰুতৰভাবে আহত হয় (Critically Injured 900 Person)

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সেয়া ফটো আৰু ভিডিঅ’ দেখিলেই আপুনি বুজি পাব। মুঠতে এক ভয়ংকৰ দুৰ্ঘটনাৰ সাক্ষী হৈ ৰ’ল সেইসকল লোক যিসকল এই দুৰ্ঘটনাৰ ভুক্তভোগী।

সমগ্ৰ দেশবাসীৰ বুকু কঁপি উঠিছে এই দুৰ্ঘটনাক লৈ (Odisha Tragedy Update)

দুৰ্ঘটনাটোৰ পিছতে চাৰিওফালে কেৱল মৃতদেহেই মৃতদেহ, যেন ৰে’লৱে ষ্টেচন নহয় এখন শ্মশানহে। মুঠতে হাহাকাৰ পৰিস্থিতি।

কাৰোবাৰ ভৰি ক’ৰবাত, কাৰোবাৰ হাত ক’ৰবাত বা কাৰোবাাৰ মূৰ ক’ৰবাত মুঠতে এক কৰুণ তথা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ল ওড়িশাৰ বালাছোৰত (Odisha’s Balasore Horrific Train Accident)

ইফালে এই ৰে’ল দুৰ্ঘটনাৰ পিছত কাৰ্যকৰী ত্ৰুটিবোৰৰ বিষয়ে প্ৰশ্ন উত্থাপিত হ’বলৈ আৰম্ভ কৰিছে।

কেনেদৰে কৰ’মণ্ডল ছালীমাৰ এক্সপ্ৰেছ (Coromandel Express Derail), এখন থিয় হৈ থকা মালবাহীৰ সৈতে খুন্দা খোৱাৰ পিছত ট্ৰেকৰ পৰা নামি যায় আৰু আনখন ৰে’ল, যশবন্তপুৰ-হাবড়া ছুপাৰফাষ্ট, ট্ৰেকৰ পৰা বাগৰি পৰা ডবাত খুন্দা খাই দুৰ্ঘটনাগ্ৰস্ত হয় (Odisha Tragedy Update)

শুকুৰবাৰে সন্ধিয়া ৬.৫০ৰ পৰা ৭.১০ বজাৰ ভিতৰত, ওড়িশাৰ বালাছোৰত ৩খন ৰে’লৰ মাজত দুটা সংঘৰ্ষ হয়, যাৰ ফলত কেইবাটাও কোচ এটাৰ-আনটোৰ ওপৰত উঠি যায়।

তাৰ পিছতে ঘটনাস্থলীত চিঞৰ-বাখ আৰম্ভ হয়। দৌৰা-দৌৰি আৰম্ভ হয় (Odisha Tragedy Update)

দুয়োখন ৰে’লৰ ১৭টা ডবা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ৰে’ল মন্ত্ৰালয়ে দুৰ্ঘটনাৰ কাৰণসমূহৰ তদন্তৰ আদেশ দিয়ে। দুৰ্ঘটনাটোক লৈ উত্থাপন হোৱা প্ৰশ্নসমূহৰ ভিতৰত এটা প্ৰশ্ন এইটোও যে কৰ’মণ্ডল এক্সপ্ৰেছ মালবাহী ৰে’লৰ ট্ৰেকত কেনেকৈ আহি গ’ল (Technical Glitch Or Human Error Many Questions Raised After Odisha Train Accident)

Odisha Tragedy Update

এইটো যান্ত্ৰিক বিজুতি আছিল নে মানৱীয় ভুল? কিছুমানে দুৰ্ঘটনাটো বেয়া ছিগনেলৰ বাবেও হোৱা বুলি কয়।

এই দুৰ্ঘটনাৰ পিছত প্ৰশাসন, NDRF, সেনা আৰু স্থানীয় লোক উদ্ধাৰ অভিযান চলাই আছে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় মন্ত্ৰী ধমেন্দ্ৰ প্ৰধান (Dharmendra Pradhan) আৰু বিজেপি সাংসদ প্ৰতাপ চন্দ্ৰ ছাৰংগী বালাছোৰত দুৰ্ঘটনাস্থলীত উপস্থিত হয়।

Odisha Tragedy Update

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও (PM Narendra Modi) বালাছোৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Photo: Google

লগতে পঢ়কঃ Odisha Train Accident: ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, কৰমণ্ডল এক্সপ্ৰেছ আৰু মালবাহী ৰে’লৰ মাজত মুখামুখি খুন্দা, ৫০ জন লোকৰ মৃত্যু, ৩৫০ আহত

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -