24 C
Guwahati
Monday, April 29, 2024

Laxmi Orang On Manipur Case: “২০০৭ত মোৰ লগত মণিপুৰৰ দৰেই ঘটনা হৈছিল, পুলিচৰ ওচৰতে মোৰ কাপোৰ খুলি দিছিল, ৰাস্তাত দৌৰাইছিল”- বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙে মণিপুৰ কাণ্ডক লৈ উজাৰিলে ক্ষোভ

Laxmi Orang On Manipur Case: মণিপুৰৰ এই নিৰ্লজ্জ ঘটনাক লৈ ক্ষোভ উজাৰি লক্ষ্মী ওৰাঙে নিজৰ লগত অতীতত হৈ যোৱা ঘটনাক পুনৰ দোহাৰিলে

Must Read

Laxmi Orang On Manipur Case: সমগ্ৰ দেশ কঁ‌পোৱা মণিপুৰৰ মহিলাক উলংগ কৰি পেৰেড কৰোৱা আৰু ধৰ্ষণ কৰা কাণ্ড পোহৰলৈ অহাৰ পিছতেই দেশৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী (Manipur Womens Naked Video Viral Case)।

বিশ্বনাথতো (Biswanath) এতিয়া আৰম্ভ হৈছে প্ৰতিবাদ। আদিবাসী সংগ্ৰামৰ প্ৰতীক তথা বেলতলা কাণ্ডত নিৰ্যাতিতা লক্ষ্মী ওৰাঙৰ নেতৃত্বত বিশ্বনাথৰ জপৌবাৰীত প্ৰতিবাদত নামিল লক্ষ্মী ওৰাঙৰ সৈতে তেওঁৰ সমৰ্থকসকল (Laxmi Orang Protest ON Manipur Case)

মণিপুৰৰ এই নিৰ্লজ্জ ঘটনাক লৈ ক্ষোভ উজাৰি লক্ষ্মী ওৰাঙে নিজৰ লগত অতীতত হৈ যোৱা ঘটনাক পুনৰ দোহাৰিলে (Laxmi Orang On Manipur Case)

লগতে পঢ়কঃ Manipur Victims Husband: “কাৰ্গিলত যুদ্ধ কৰিছিলো; দেশ ৰক্ষা কৰিছিলো, কিন্তু পত্নীক উলংগ-ধৰ্ষণ হোৱাৰ পৰা বচাব নোৱাৰিলো, যুদ্ধস্থলীতকৈও ভয়ংকৰ মণিপুৰ”- মণিপুৰৰ এগৰাকী ভুক্তভোগী মহিলাৰ স্বামীৰ ভাষ্যই কঁপাইছে দেশ

তেওঁ সংবাদ মাধ্যমৰ সন্মুখত ক’লে যে (Laxmi Orang On Manipur Case)-

“২০০৭ চনত বেলতলাত এনেধৰণৰ ঘটনা মোৰ লগত হৈছিল। ময়ো আৰক্ষীৰ ওচৰত দৌৰি গৈছিলো। মই বাচিম বুলি। কিন্তু আৰক্ষীৰ ওচৰতে মোৰ কাপোৰ ফালি মণিপুৰৰ মহিলা কেইগৰাকীক দৌৰোৱাৰ নিচিনা মোকো তেনেদৰে দৌৰাইছিল।”

“মই দুঃখিত। লাজ লাগিব লাগে চৰকাৰৰ। মোৰ ঘটনাটো মই দাবী কৰিছিলো যে যিসকল দোষীী হয় সেইসকলক ফাঁচী দিব লাগে। মোক ন্যায় দিব লাগে কিন্তু মোক ন্যায় নিদিলে। মই আগতেও কৈছিলো এনেধৰণৰ ঘটনা হ’ব নালাগে। কিয় বাৰে বাৰে এনেধৰণৰ ঘটনা সংঘটিত হৈয়ে আছে। দোষীবিলাক ঘূৰি ঘূৰি আছে।”

“মই মণিপুৰৰ মুখ্যমন্ত্ৰীক ধিক্কাৰ দিছো। তেওঁ পদত্যাগ কৰিব লাগে। আজি ৩ মাহ ধৰি মণিপুৰত এইবোৰ ঘটি আছে। তেওঁ তাতে বহি আছে। তেওঁ এনে ঘটনা বহু ঘটি যায়। ইমান ধৰ্ষণৰ ঘটনা হ’ল আজিলৈ তেওঁ কিয় সাৰ পোৱা নাই। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে গম পাইছে। আমাক এনে নেতা নালাগে (Laxmi Orang On Manipur Case)

এইদৰে চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি হাতে হাতে প্লে’কাৰ্ড কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান প্ৰদৰ্শন কৰি মণিপুৰ কাণ্ডৰ বাবে দুখ প্ৰকাশ কৰে (Laxmi Orang Protest)

এয়া চৰম লজ্জাজনক কথা বুলি অভিহিত কৰি এগৰাকী মহিলাক বিৱস্ত্ৰ কৰি এনেদৰে ৰাজপথত সমদল কৰা কাৰ্যত জড়িতৰ কঠোৰ শাস্তিৰ দাবী তোলে লক্ষ্মী ওৰাঙে।

উল্লেখ্য যে, ২০০৭ চনৰ ২৪ নৱেম্বৰত আছাৰ আন্দোলনৰ কাৰ্যসূচীত ভাগ ল’বলৈ গৈ গুৱাহাটীৰ বেলতলাত নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল বিশ্বনাথৰ এইগৰাকী যুৱতী (Biswanath Victim Girl Laxmi Orang Protest Against Manipur Case)

Photo: Batori24

লগতে পঢ়কঃ Ghosts White clothes Secrets: হাস্যকৰ কিন্তু সঁচা! বগা ৰঙৰ কাপোৰতে কিয় “ভূত”ক দেখুওৱা হয়? প্ৰায়ভাগ চিনেমাতে ভূতে কিয় বগা কাপোৰ পৰিধান কৰে; জানিবলৈ নিশ্চয় মন গৈছে হয়তো, গতিকে আহক জানো

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -