22 C
Guwahati
Monday, May 6, 2024

YouTube Subscribers: ভাল খবৰ! এতিয়াৰে পৰা YouTubeত ৫০০ ছাবস্ক্ৰাইবাৰ থকা সকলেও কৰিব পাৰিব উপাৰ্জন; কিন্তু কেনেকৈ? আহক জানি লওক…

YouTube Subscribers 500: Youtube-এ কৈছে যে তেওঁলোকে YouTube Partner Programme (YPP)ৰ বাবে যোগ্যতাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিবলৈ ওলাইছে আৰু কম ফলোৱাৰছ্ থকা ক্ৰিয়েটাছৰ বাবে Monetization Processক সহজ কৰিব।

Must Read

YouTube Subscribers 500: আপুনিও যদি এগৰাকী YouTube Content Creator হয় আৰু উপাৰ্জনক লৈ চিন্তিত আছে তেন্তে আপোনাৰ বাবে এইটো এটা ভাল খবৰ।

এতিয়া আপুনি আপোনাৰ YouTube চেনেলটোৰ মনেটাইজেচনক (Monetization)ক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ এতিয়া আপোনাৰ YouTube চেনেল ৫০০ ছাবস্ক্ৰাইবাৰ থাকিলেও মনেটাইজ হ’ব পাৰে।

কোম্পানীয়ে ইয়াৰ বাবে নিয়মসমূহত বৃহৎ সলনি কৰিছে। পূৰ্বে চেনেল মনেটাইজেচন কৰাবলৈ প্ৰায় ১০০০ ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন হৈছিল (YouTube Subscribers)

Youtube-এ কৈছে যে তেওঁলোকে YouTube Partner Programme (YPP)ৰ বাবে যোগ্যতাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিবলৈ ওলাইছে আৰু কম ফলোৱাৰছ্ থকা ক্ৰিয়েটাছৰ বাবে Monetization Processক সহজ কৰিব।

কোম্পানীয়ে Monetization Processৰ লিমিট হ্ৰাস কৰি আছে। অৰ্থাৎ এতিয়া কম ফলোৱাৰছ্ থকা ক্ৰিয়েটাছসকলেও নিজৰ ইউটিউব চেনেল মনেটাইজ কৰিব পাৰিব আৰু উপাৰ্জন আৰম্ভ কৰিব পাৰিব (YouTube Subscribers)

YouTube-এ সলনি কৰিলে নিয়ম

পূৰ্বে, YouTube Partner Programmeত অন্তৰ্ভুক্ত আৰু নিজৰ কণ্টেটক মনেটাইজ কৰোৱাবলৈ ক্ৰিয়েটাছক কেইবাটাও মানদণ্ড সম্পূৰ্ণ কৰিব লাগে। কিন্তু এতিয়া নতুন নিয়মৰ অধীনত, ক্ৰিয়েটাছসকল যোগ্য হ’বলৈ মাাত্ৰ ৫০০ ছাবস্ক্ৰাইবাৰৰ আৱশ্যক হ’ব, যিটো আগৰ আৱশ্যকৰ আধা হয়। ইফালে ইউটিউবে ৪০০০ Watch Hour হ্ৰাস কৰি ৩০০০ Watch Hour কৰি দিছে। অৰ্থাৎ এতিয়া এবছৰত ৩০০০ Watch Hour-এ সম্পূৰ্ণ কৰিব লাগিব।

লগতে Youtube Shorts ভিউক ১০ মিলিয়নৰ পৰা হ্ৰাস কৰি ৩ মিলিয়ন কৰি দিছে। অৰ্থাৎ
ক্ৰিয়েটাছসকলে চেনেল মনেটাইজ কৰোৱাবলৈ ৯০ দিনত ৩০ লাখ Youtube Shorts ভিউ হ’ব লাগিব।

এইসমূহ নিয়ম প্ৰথমে আমেৰিকা, ইউনাইটেড কিংডম, কানাডা, তাইবান আৰু দক্ষিণ কোৰিয়াত ধাৰ্য কৰা হ’ব। ইয়াৰ পিছতহে ইয়াক অন্য দেশত ধাৰ্য কৰা হ’ব!

সৰু ক্ৰিয়েটাছসকল উপকৃত হ’ব

ইউটিউবৰ নতুন Monetization Processৰে সৰু আৰু প্ৰাৰম্ভিক ইউটিউবাৰসকল যথেষ্ট লাভান্বিত হ’ব। তেওঁলোকৰ ওচৰত এতিয়া YouTubeত নিজৰ কণ্টেটক Monetization কৰিবলৈ আৰু বেছি সুবিধা পাব।

অৱশ্যে, তেওঁলোকে তেওঁলোকৰ দৰ্শক বৃদ্ধি কৰিবলৈ আৰু বিজ্ঞাপনৰ ৰাজহ উপাৰ্জন কৰিবলৈ কিছুমান মানদণ্ড পূৰণ কৰিব লাগিব। Revenue Sharingক সলনি কৰা হোৱা নাই।

ইফালে, যিসকল ক্ৰিয়েটাছ্ YouTube Partner Programme (YPP)ত আগৰে পৰা অন্তৰ্ভুক্ত, তেওঁলোকে পুনৰ আবেদন কৰাৰ প্ৰয়োজন নহ’ব।

Programmeত অন্তৰ্ভুক্ত হোৱাৰ পিছত ক্ৰিয়েটাছ্সকলে ছুপাৰ থেংকছ, ছুপাৰ ছেট আৰু ছুপাৰ ষ্টিকাৰ্ছৰ দৰে কেইবাটাও উপযোগী টুলৰ এক্সেছ লাভ কৰিব।

তেওঁলোকে চেনেল মেম্বাৰছিপৰ দৰে Subscription Toolৰো ব্যৱহাৰ কৰিব পাৰিব আৰু YouTube শ্বপিঙত নিজৰ প্ৰডাক্টো প্ৰচাৰ কৰিব পাৰিব।

Photo: Google

লগতে পঢ়কঃ Love Tips: ল’ৰাৰ কোনবোৰ গুণ দেখি প্ৰেমত পৰে ছোৱালী; জানিবলৈ মন গৈছে নে? আহক পঢ়ি লওক…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -