25 C
Guwahati
Sunday, May 19, 2024

Rangia Mother Daughter Died Case: হত্যা নে আত্মহত্যা? মাতৃ-কন্যাৰ মৃত্যু নহয় যেন, এক সাঁথৰ হে; ইফালে ধৃত স্বামীৰ ভাষ্য- “প্ৰথমে পত্নী-কন্যাক বিহ খুৱাই, নিজেও খাইছিলো, দুয়ো মৰি গ’ল, কিন্তু মই দুবাৰকৈ আত্মহত্যাৰ চেষ্টা কৰিও বিফল হ’লো”

Rangia Mother Daughter Died Case: সোমবাৰে ৰঙিয়াত (Rangia) মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে

Must Read

Rangia Mother Daughter Died Case: সোমবাৰে ৰঙিয়াত (Rangia) মাতৃ-কন্যাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

ৰঙিয়া আৰক্ষীয়ে (Rangia Police) মৃতদেহ দুটা উদ্ধাৰ কৰাৰ পিছতে সন্দেহ প্ৰকাশ কৰিছিল যে এই ঘটনাৰ আঁৰত আছে স্বামী প্ৰবীণ আগৰৱাল (Rangia Mother Daughter Deadbody)

এই সন্দেহৰ ভিত্তিতে ঘটনাৰ মূল অভিযুক্ত স্বামীক বিয়লি চাপৰমুখ জংচনৰ পৰা চাপৰমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Husband Arrested By Chaparmukh Police)। পত্নী আৰু কন্যাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাৰ সময়ৰে পৰা নিৰুদ্দেশ হৈ আছিল লোকজন।

মূল অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ঘটনাৰ নতুন নতুন তথ্য পোহৰলৈ আহে। ইফালে বাৰে বাৰে সলনি কৰি আছে প্ৰবীণ আগৰৱালাই নিজৰ ভাষ্য।

আগৰৱালাই আৰক্ষীক জনোৱা অনুসৰি, এয়া তিনিওজনৰে পৰিকল্পিত আত্মহত্যাৰ (Suicide Or Murder Case) ঘটনা আছিল। প্ৰথমতে নিগনি মৰা ঔষধ বিহপান কৰাইছিল পত্নী-কন্যাক।

Rangia Mother Daughter Died Case
মৃত মাতৃ আৰু কন্যা

তাৰ পাছতো মৃত্যু নোহোৱাত ডিঙিত চিপ লগাইছিল তিনিওজনে। ইয়াৰ পাছতে মৃত্যু হৈছিল পত্নী নিশা আগৰৱালা (পিনু) আৰু জীয়ৰী কণিকা আগৰৱালাৰ (Kanika Agarwala and Pinu Agarwala)। কিন্তু মৃত্যুৰ পৰা ৰক্ষা পৰিছিল প্ৰবীণ আগৰৱালা (Husband Prabin Agarwala)।

লগতে পঢ়কঃ Rangia Mother Daughter Deadbody: হত্যা নে অইন কিবা? বন্ধ কোঠাত উদ্ধাৰ ৩দিন ধৰি পৰি থকা মাতৃ-কন্যাৰ মৃতদেহ; পিছে কোনে হত্যা কৰিলে কণিকা আৰু পিনুক, সন্দেহৰ আঙুলি স্বামীলৈ…

পত্নী কন্যাৰ মৃত্যু হোৱাৰ পিছত মৃতদেহৰ ওপৰত চাদৰ ঢাকি দিছিল। তাৰ পিছত মৃতদেহৰ সৈতে একেটা কোঠাতে আছিল স্বামী। তিনিদিন ধৰি বিলাহী খাই আছিল। টকাৰ ধাৰ থকাৰ বাবেই তিনিওৱে মিলি এনে চৰম সিদ্ধান্ত লোৱা বুলি কয় স্বামীয়ে (Rangia Mother Daughter Died Case)

ইফালে স্থানীয় লোকে জনোৱা অনুসৰি, ঘটনা পোহৰলৈ অহাৰ দিনা পুৱা ঘৰত পূজা-পাতল কৰি ওলাই গৈছিল প্ৰবীণ আগৰৱালা। তাৰ পিছতে ৰে’লত উঠি পাইছিল নগাঁও।

ৰঙিয়াৰ পৰা নগাঁওৰ চাপৰমুখলৈ গৈ চাপৰমুখতো আত্মঘাতী হোৱাৰ চেষ্টা চলাইছিল প্ৰবীণ আগৰৱালাই। কিন্তু তাতো ব্যৰ্থ হয়। তাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰবীণ আগৰৱালাক। নগাঁৱৰ পৰা ৰঙিয়ালৈ অনা হয় প্ৰবীণক। বৰ্তমান ৰঙিয়া থানাত (Rangia Police) জেৰা চলাই থকা হৈছে (Rangia Mother Daughter Died Case)

সোমবাৰে নিশা ফৰেনচিকৰ দলে তন্ন তন্নকৈ পৰীক্ষা কৰে ঘটনাস্থলী। অভিযুক্ত প্ৰবীণ আগৰৱালাৰ শাস্তিৰ দাবী স্থানীয় লোকৰ। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী মাৰোৱাৰী সমাজৰ একাংশৰ।

উল্লেখ্য ৰঙিয়া শিৱ মন্দিৰৰ সমীপত আছিল প্ৰবীণ আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। দিনে দিনে খালী হৈ আহিছিল প্ৰবীণ আগৰৱালাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। একপ্ৰকাৰ ধাৰত পোত গৈ দেওলীয়া হৈছিল পৰিয়ালটো। তাৰ পিছতে হয়তো প্ৰবীণ আগৰৱালাই এই লোমহৰ্ষক ঘটনা সংঘটিত কৰে (Rangia Mother Daughter Died Case)

প্ৰবীণ আগৰৱালাই উল্লেখ কৰে যে এয়া পৰিকল্পিত আত্মহনন। শুকুৰবাৰে তেওঁলোকে এই ঘটনা সংঘটিত কৰে।

ঋণৰ বাবে তেওঁলোকে এই কাণ্ড সংঘটিত কৰে বুলি তেওঁ প্ৰকাশ কৰে। আগৰৱালাই এই ভাষ্য আগবঢ়ালেও এই মৃত্যু ৰহস্যজনক বুলি ধাৰণা কৰা হৈছে। অধিক তদন্তত আচল ঘটনা পোহৰলৈ আহিব (Rangia Mother Daughter Died Case)

সোমবাৰে ৰঙিয়া নগৰৰ ৪নং ৱাৰ্ডৰ শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ হৈছিল মাতৃ আৰু কন্যাৰ মৃতদেহ (Half Decomposed Bodies Of A Mother Daughter Recovered)। মৃতদেহ দুটাৰ কাষত তেজৰ ডোঙা বান্ধি থকা দেখা গৈছিল।

প্ৰাৰম্ভিক অৱস্থাতে দুয়োকে হত্যা কৰাৰ সন্দেহ কৰিছিল স্থানীয় লোকে। কন্যা কণিকা আগৰৱাল ৰঙিয়া ইউক্লিড গ্ৰুপ অফ প্ৰতিষ্ঠানৰ ছাত্ৰী আছিল (Rangia Mother Daughter Died Case)

পিছে স্বামীয়ে কোৱা কথাবোৰ কিমান সঁচা, কিমান মিছা সেয়া সময়তে লক্ষণীয় হ’ব। লগতে এই ঘটনা আত্মহত্যা নে হত্যাকাণ্ড সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

Photo: Batori24

লগতে পঢ়কঃ Independence Day Flag Hoisting: প্ৰতিবাৰেই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত “কেনা” লাগে পতাকা উৰোৱাত! এইবাৰো ওলোটাকৈ উৰিল স্বাধীনতা দিৱসৰ পতাকা…২০১৭ত ইয়াক লৈ যথেষ্ট “ট্ৰ’ল” হৈছিল ৰঞ্জিত দাস

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -