22 C
Guwahati
Sunday, May 5, 2024

Independence Day Flag Hoisting: প্ৰতিবাৰেই ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত “কেনা” লাগে পতাকা উৰোৱাত! এইবাৰো ওলোটাকৈ উৰিল স্বাধীনতা দিৱসৰ পতাকা…২০১৭ত ইয়াক লৈ যথেষ্ট “ট্ৰ’ল” হৈছিল ৰঞ্জিত দাস

Independence Day Flag Hoisting: আজি সমগ্ৰ দেশে ৭৭সংখ্যক স্বাধীনতা দিৱস (77th Independence Day) উদযাপন কৰিছে

Must Read

Independence Day Flag Hoisting: আজি সমগ্ৰ দেশে ৭৭সংখ্যক স্বাধীনতা দিৱস (77th Independence Day) উদযাপন কৰিছে। অসমতো ধুমধামেৰে পালন কৰা হয় স্বাধীনতা দিৱস।

কিন্তু প্ৰতিবাৰেই কিয় ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত (State BJP Office) কেনা লাগে পতাকা উৰোৱাত? এইবাৰো সেই একেই ঘটনা সংঘটিত হ’ল।

প্ৰতিবাৰৰ দৰে এইবাৰৰ স্বাধীনতা দিৱসতো ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উৰিল ওলোটাকৈ জাতীয় পতাকা (Independence Day Flag Hoisting)

গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত স্বাধীনতা দিৱস উপলক্ষে পুৱাই উত্তোলন কৰা হয় জাতীয় পতাকা। কিন্তু বিজেপি কাৰ্যালয়ত স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়তে লাগিল কেনা। ওলোটাকৈ উৰিল ৰাষ্ট্ৰীয় পতাকাখন (Independence Day Flag Hoisting)

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বিজেপি কাৰ্যালয়ত উত্তোলন কৰে পতাকাখন। প্ৰথমে ওলোটাকৈয়ে পতাকাখন উত্তোলন কৰা হয়। কিন্তু দলীয় কৰ্মীৰ চকুত পৰাত লগে লগে পতাকাখন নমাই আনি সঠিকভাৱে উত্তোলন কৰা হয় (Bhabesh Kalita Unfurls Tricolor Upside Down At BJP HQ In Guwahati)

এই দৃশ্য বন্দী হৈ ৰ’ল সংবাদ মাধ্যমৰ কেমেৰাত। অসাৱধানতাৰে বাবে বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দৰে এক গুৰুত্বপূৰ্ণ কাৰ্যালয়ত এইদৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনত দেখা গ’ল বিসংগতি (Independence Day Flag Hoisting)

পতাকা ওলোটাকৈ উৰাকৈ লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে- “আমি আচলতে নিজে নকৰো, আৰক্ষীক কৰিব দিছিলো। তেওঁ বোধহয় নাজানিলে, মই সুধিছিলো ঠিকেই আছেনে, গাঁঠিব নাজানিলে, যি নহওঁক এয়া ভুল হৈছে। কেতিয়াবা হৈ যায়।”

ইয়াৰ পূৰ্বেও ২০১৯ চনত গণৰাজ্য দিৱসত সেই সময়ৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে হেঙেৰাবাৰীত থকা বিজেপিৰ কাৰ্যালয়ত পতাকা উত্তোলন কৰিছিল। কিন্তু বাৰে বাৰে দুই হাতেৰে পতাকাৰ ৰচি টানিলেহে টানিলে.. কিন্তু খোল নাখালে। একোবত ৰাষ্ট্ৰীয় পতাকা মাটিত সৰি পৰে।

তাৰ পিছত তাৰে কাষত থকা কৰ্মকৰ্তাসকলৰ মাজত দৌৰা দৌৰি লাগিল। এজনে তুলি ধৰিলে পতাকাখন। খালী ৰচি ডালকে টানি ৰঞ্জিত দাসে (Ranjeet Das) পুনৰ পতাকাখন ঠিক কৰিবলৈ দিলে। দুজন মানুহে পুনৰ পতাকাৰ জাপ দিলে (Independence Day Flag Hoisting)

পতাকা উত্তোলন কৰা দণ্ডডাল এজনে নমাই আনি পুনৰ ৰাষ্ট্ৰীয় পতাকা লগোৱা হ’ল। তাৰ পিছত খুব সাৱধানে ৰচি টানিলে ওপৰলৈ। সেইবাৰতো গণ্ডগোল এটা লাগিল। পৰৱৰ্তী সময়ত পতাকাৰ গাঁঠি তলতেই খুলি কোনোমতে পতাকাখন উত্তোলন কৰা হ’ল।

এই ঘটনাৰ পিছতে দলীয় দায়িত্ব হেৰুৱাবলগীয়াও হৈছিল এজন কৰ্মকৰ্তাই।

আনহাতে ২০১৭ চনতো গণৰাজ্য দিৱসত সেই একেই স্থানতে অসম বিজেপিৰ সভাপতি হিচাপে থকা ৰঞ্জিত দাসে নিজে ওলোটাকৈ উত্তোলন কৰিছিল জাতীয় পতাকা (Independence Day Flag Hoisting)

ইয়াৰে পিছতে চাৰিওফালে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এই প্ৰতিক্ৰিয়াৰ উত্তৰত ৰঞ্জিত দাসে কৈছিল “সদায় পিন্ধা গেঞ্জিটো কেতিয়াবা ওলোটা হয়” বুলি তুলুঙা আৰু দায়সৰা মন্তব্য প্ৰদান কৰিছিল। কিন্তু সেই সময়ত ৰঞ্জিত দাসে নিজৰ দায়িত্বৰ পৰা অব্যাহতি লোৱা নাছিল।

Photo: Batori24

লগতে পঢ়কঃ Chanakya Niti: টকাৰ অভাৱ সকলোৰে হয়; কিন্তু কেনেদৰে টকাৰ অভাৱ দূৰ কৰিব? চাণক্যই দিছে এই ৪টা উপায়, জানো আহক কি কি…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -