27 C
Guwahati
Saturday, May 11, 2024

Assam Police BMI Test: অগ্নিপৰীক্ষা আৰম্ভ পেটুৱা পুলিচৰ! আজিৰে পৰা অসম আৰক্ষীৰ বাবে আৰম্ভ হ’ল বি এম আই টেষ্টিং; GP Singhয়েও দিলে এই পৰীক্ষা, অসম আৰক্ষীক “ফিট” ৰখাৰ বাবে চৰকাৰে লৈছিল এই কঠোৰ পদক্ষেপ

Assam Police BMI Test: পেটুৱা আৰক্ষীৰ অগ্নিপৰীক্ষা আৰম্ভ! অসম আৰক্ষীক ফিট ৰখাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে আজিৰে পৰা আৰম্ভ হ'ল বডী মাছ ইনডেক্স পৰীক্ষা

Must Read

Assam Police BMI Test: পেটুৱা আৰক্ষীৰ অগ্নিপৰীক্ষা আৰম্ভ! অসম আৰক্ষীক (Assam Police BMI Test) ফিট ৰখাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে আজিৰে পৰা আৰম্ভ হ’ল বডী মাছ ইনডেক্স (BMI) পৰীক্ষা।

পেটুৱা আৰক্ষীসকলক নিজকে ফিট কৰাৰ বাবে দিয়া সময়সীমাৰ অন্ত পৰাৰ পিছত বুধবাৰৰে পৰা আৰম্ভ হৈছে বি এম আই পৰীক্ষা (BMI Test)

১৬ আগষ্টৰ পৰা ৰাজ্যৰ ৩৫টা স্থানত অসম আৰক্ষীৰ বাবে এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ৩১ আগষ্টলৈ চলিব এই পৰীক্ষা (Assam Police Bmi Testing Begins From 16th August)

প্রতিখন জিলা সদৰত টেষ্টৰ ব্যৱস্থা কৰিছে আৰক্ষীৰ শীৰ্ষ মহলে। কাহিলীপাৰাৰ ৪ৰ্থ অসম আৰক্ষী বেটেলিয়ন চৌহদতো অনুষ্ঠিত হয় বি এম আই টেষ্ট (4th Assam Police Battalion (APBn) Premises In Guwahati’s Kahilipara)

বুধবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য় কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (Director General of Assam Police (DGP) GP Singh) নিজে এই পৰীক্ষা দি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে।

Assam Police BMI Test

বি এম আই টেষ্টত সম্পূৰ্ণ ফিট হিচাপে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী বি এম আই ৩০ শাখাৰ অন্তৰ্ভুক্ত হয়। এই পৰীক্ষা উচ্চতা, ওজন আৰু বয়সৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে (Assam Police BMI Test)

এই বি এম আই পৰীক্ষাত অৱতীৰ্ণ হয় ৰাজ্যৰ প্ৰতিজন কনিষ্ঠবলৰ লগতে পৰ্যায় ক্ৰমে বিষয়াসকলও। বিভাগীয় কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি বুধবাৰে প্ৰথম পৰ্যায়ত ২০০ কনিষ্ঠবলে এই পৰীক্ষাৰ সন্মুখীন হয়।

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam Chief Minister Himanta Biswa Sarma) কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে- ৰাজ্যত পেটুৱা পুলিচ আৰু নাথাকিব।

পেট কমাব নোৱাৰিলে আৰক্ষীয়ে বাধ্যতামূলকভাবে এৰিব লাগিব চাকৰি। জনহিত সেৱাৰ্থে নিয়োজিত আৰক্ষীৰ স্বাস্থ্য যে সবল হ’ব লাগিব সেয়া বহু দিনৰ পৰাই চৰ্চা চলি আহিছে (Assam Police BMI Test)

সংবাদ মাধ্য়মৰ আগত জি পি সিঙে (DGP) GP Singh) কয় যে,

“আৰক্ষীৰ লোকসকলক ৩ মাহৰ সময়সীমা দিয়া হৈছিল আৰু সেই সয়মসীমাৰ পাছত আজিৰে পৰা এই পৰীক্ষা আৰম্ভ কৰা হৈছে। ইয়াৰ বাবে অসম আৰক্ষীৰ এটা ডাটাবেচ বনোৱা হৈছে (Assam Police BMI Test)।”

লগতে তেওঁ কয় যে- “আমি অসম আৰক্ষীক সুস্থ আৰু সবল কৰি ৰাখিব বিচাৰিছো। অহা বছৰৰ পৰা বি এম আইৰ লগত ব্লাড প্ৰেচাৰ আৰু ব্লাড ছুগাৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব। তাৰ পিছত চিটি স্কেন, এক্সৰে আৰু আলট্ৰাচাউণ্ড কৰাৰ ব্যৱস্থা কৰা হ’ব।”

Photo: Twitter

লগতে পঢ়কঃ Rangia Mother Daughter Died Case: হত্যা নে আত্মহত্যা? মাতৃ-কন্যাৰ মৃত্যু নহয় যেন, এক সাঁথৰ হে; ইফালে ধৃত স্বামীৰ ভাষ্য- “প্ৰথমে পত্নী-কন্যাক বিহ খুৱাই, নিজেও খাইছিলো, দুয়ো মৰি গ’ল, কিন্তু মই দুবাৰকৈ আত্মহত্যাৰ চেষ্টা কৰিও বিফল হ’লো”

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -