31 C
Guwahati
Saturday, May 18, 2024

Guwahati Class 10 Student Murder: প্ৰথমে অপহৰণ, তাৰ পিছত হত্যা! Free Fire গেমেৰে চিনাকী হৈছিল হত্যাকাৰী অভিষেক আৰু নিতেশ; অভিষেকে “টকা”ৰ বাবে দাৰে ঘপিয়াই হত্যা কৰিছিল ছাত্ৰ নিতেশক, অপহৰণ কৰি নিতেশৰ পৰিয়ালক খুজিছিল ৭ লাখ, ঘটনাত আছে আৰু Twist…

Guwahati Class 10 Student Murder Case: গুৱাহাটীত (Guwahati) দিনক দিনে বৃদ্ধি হৈ আহিছে অপৰাধজনিত ঘটনা

Must Read

Guwahati Class 10 Student Murder Case: গুৱাহাটীত (Guwahati) দিনক দিনে বৃদ্ধি হৈ আহিছে অপৰাধজনিত ঘটনা (Crime Case)।

মোবাইল চুৰি হওক, চেইন চুৰিয়েই হওক বা হত্যাকাণ্ডই হওক প্ৰতিদিনে এনেধৰণৰ ঘটনা ঘটা যেন গুৱাহাটীৰ বাবে সাধাৰণ হৈ পৰিছে।

ইয়াৰ মাজতে গুৱাহাটীৰ এক নৃশংস হত্যাকাণ্ডই (Horrific Murder Case) কঁপাই তুলিছে সমগ্ৰ ৰাজ্য। এজন দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি নৃশংসভাবে হত্যা কৰিলে ছাত্ৰজনৰ চিনাকী বন্ধু এজনেই।

Guwahati Class 10 Student Murder
হত্যাকাৰী-অপহৰণকাৰী

বেলতলাৰ নিতেশ কুমাৰ নামৰ ছাত্ৰজনক মঙলবাৰে কৰিছিল অপহৰণ (Class 10 Student Kidnapped And Murdered In Guwahati)। অপহৃত ছাত্ৰজনৰ ঘৰ বেলতলাৰ বনগাঁৱত (Beltola)

বৰসজাইৰ মহৰ্ষি বিদ্যা মন্দিৰৰ (Maharishi Vidya Mandir) ছাত্ৰ আছিল নিতেশ। বিদ্যালয়ৰ সন্মুখৰ পৰাই ছাত্ৰজনক অপহৰণ কৰিছিল অপহৰণকাৰীয়ে।

অপহৰণ কৰি নিতেশৰ পৰিয়ালক ৭ লাখ টকা মুক্তিপণ দাবী কৰিছিল (Guwahati Class 10 Student Murder)। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে বশিষ্ঠ আৰক্ষী (Basistha Police) থানাত গোচৰ ৰুজু কৰিছিল।

কিন্তু কিছু ঘণ্টাৰ পিছতে বোন্দাৰ আমছিঙত উদ্ধাৰ হয় অপহৃত নিতেশৰ মৃতদেহ। দাৰে ঘপিয়াই হত্যা কৰে ছাত্ৰজনক। হত্যা কৰি জংঘলত পেলাই থৈ গৈছিল। মৃতদেহটোৰ ওপৰত জাপি দিছিল গছৰ শুকান পাত।

ইফালে এই ঘটনাৰ পিছতে অপহৰণকাৰীৰ সন্ধান উলিওৱা হয়। অভিষেক বৰুৱা নামৰ এজন লোকে ছাত্ৰজনক অপহৰণ কৰিছিল। অভিষেক মৃত ছাত্ৰজনৰ বন্ধু আছিল (Guwahati Class 10 Student Murder)

ইতিমধ্যে অভিযুক্ত অভিষেক বৰুৱাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Kidnapper Arrested)। অভিষেকৰ ঘৰ বোন্দাত। নাৰেংগীত ফুটপাথত দোকান আছিল অভিষেকৰ।

অনলাইন গেম Free Fireৰ দ্বাৰা হত্যাকাৰী অভিষেকৰ সৈতে চিনাকি হৈছিল মৃত দশম শ্ৰেণীৰ ছাত্ৰজনৰ। ২০১৯ চনৰ পৰা নিতেশ আৰু অভিষেকৰ বহুদিনীয়া চিনাকী আছিল (Guwahati Class 10 Student Murder)

আগতে বহু কেইবাৰ দুয়ো একেলগে ফুৰিবলৈও গৈছিল। প্ৰায়ে নিতেশ আৰু অভিষেক বাহিৰলৈ ফুৰিবলৈ গৈছিল।

ইফালে আৰক্ষীৰ সোধাপোছাত ধৃত অভিষেকে কয় যে, নিতেশে টকা লৈছিল তেওঁৰ পৰা। ২ লাখ ৭ হাজাৰ টকা লোৱাৰ দাবী কৰে অভিষেকৰ। ধনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে আৰক্ষীয়েও।

বুধবাৰে নিতেশক ঘৰৰ সন্মুখৰ পৰাই লৈ গৈছিল অভিষেকে। আৰু বিয়লিৰ ভাগত বোন্দাৰ আমছিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত (Bonda Amsing Forest Camp) উদ্ধাৰ হয় নিতেশৰ মৃতদেহ (Guwahati Class 10 Student Murder)

নিতেশক স্কুটীত উঠাই বোন্দালৈ নিছিল অভিষেকে। তাৰ পিছতে নিতেশৰ পৰিয়ালক দাবী কৰিছিল ৭ লাখ টকা। এই সন্দৰ্ভত নিদেশৰ পিতৃ ৰাজেশ কুমাৰে দাখিল কৰিছিল এজাহাৰ। বুধবাৰে দুপৰীয়া উদ্ধাৰ হৈছিল নিদেশৰ মৃতদেহ (Guwahati Class 10 Student Murder)

আৰক্ষীয়ে ইতিমধ্যে অভিষেকক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। এই হত্যাকাণ্ডত আৰু কোনোবা লোক জড়িত আছে নেকি সেয়াও তদন্ত কৰি আছে আৰক্ষীয়ে (Guwahati Class 10 Student Murder)

ইফালে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত দাখন উদ্ধাৰ কৰিছে। যিখন স্কুটীৰে অভিষেকে নিতেশক লৈ গৈছিল সেই স্কুটীখনো আৰক্ষীয়ে জব্দ কৰিছে। অভিষেকৰ সৈতে যোৱাৰ সময়ত নিতেশে বেগত লৈ গৈছিল কাপোৰ। লগতে যিটো ফোনেৰে ধনদাবী কৰা হৈছিল সেই ফোনটোও জব্দ কৰিছে আৰক্ষীয়ে (Scooty, Phone Recovered)

এতিয়া সময়তহে লক্ষণীয় হ’ব যে এই হত্যাকাণ্ডত কোন কোন জড়িত হৈ আছে? আৰু নিতেশে ইমান টকা ধাৰ লৈ কি কৰিছিল?

Photo: Batori24

লগতে পঢ়কঃ Before Sleeping Astro Tips: জানি থওক! ৰাতি শুবলৈ যোৱাৰ আগতে কৰক এইকেইটা কাম; জীৱনত কেতিয়াও নহ’ব টকাৰ অভাৱ! পিছে জানি লও আহক কি কি কাম?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -