27 C
Guwahati
Saturday, May 18, 2024

Guwahati Student Murder Update: “টকা”ৰ বাবে হৈছিল এই নৃশংস হত্যাকাণ্ড! ইমান কম বয়সতে মৃত ছাত্ৰ “নিতেশ” কিয় নামিছিল টকাৰ লেনদেনত? নিতেশে ধাৰে লোৱা টকা ক’ত কৰিছিল Invest? হত্যাৰ আঁৰৰ ভয়ংকৰ কাহিনী ফাদিল…

Guwahati Student Murder Update: ইফালে ভয়ংকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (CM Diganta Bora Pressmeet) সংবাদমেল সম্বোধন কৰে

Must Read

Guwahati Student Murder Update: গুৱাহাটীৰ দশম শ্ৰেণীৰ ছাত্ৰ নিতেশ কুমাৰক নৃশংসভাবে হত্যা কৰি বোন্দাৰ আমছিং অভয়াৰণ্য ফৰেষ্ট কেম্পৰ সমীপত পেলাই থৈছিল (Guwahati Class 10 Student Murder Case)।

হত্যা কৰি মৃতদেহটোৰ ওপৰত জাপি দিছিল গছৰ শুকান পাত। বশিষ্ঠ আৰক্ষীয়ে (Basistha Police Recovered Nitesh Kumar Deadbody) উদ্ধাৰ কৰে নিতেশৰ মৃতদেহটো।

বৰ্তমান এই হত্যাকাণ্ডৰ নতুন নতুন মোৰ পোহৰলৈ আহিছে। পৰিয়ালৰ লোকৰ লগতে হত্যাকাৰী বন্ধু আৰু আৰক্ষীয়েও দিছে নতুন নতুন ভাষ্য।

Guwahati Student Murder Update
মৃত নিতেশ কুমাৰ

ইফালে ভয়ংকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (CP Diganta Bora Pressmeet) সংবাদমেল সম্বোধন কৰে। সংবাদমেলতে হত্যাৰ আঁৰৰ ভয়ংকৰ কাহিনী ফাদিল কৰে।

Guwahati Student Murder Update
অভিযুক্ত অভিষেক বৰুৱা

আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে-

” আমি এদিন পূৰ্বে আমছাঙৰ দ্বিতীয় জলপ্ৰপাতৰ কাষত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পাইছিলো। মৃতদেহটোত যথেষ্ট আঘাত আছিল (Guwahati Student Murder Update)। প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰিছিল।

তাৰ পিছত নিতেশ কুমাৰৰ অপহৰণ কাণ্ড সংঘটিত হৈছিল। পিতৃ-মাতৃয়ে এজাহাৰ দিছিল পুত্ৰৰ অপহৰণ হোৱাক লৈ। তাৰ পিছত প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো চাবলৈ এই দম্পতীক মতা হৈছিল।

তেওঁলোকে মৃতদেহটো নিতেশৰ বুলি চিনাক্ত কৰে। আমি খবৰ পোৱাৰ আগতেই নিতেশক হত্য়া কৰা হৈছিল (Guwahati Student Murder Update)।

অপহৰণকাৰীয়ে নিতেশৰ মুক্তিপণৰ বাবে ৭ লাখ টকা দাবী কৰিছিল। আৰু এই ফোনকল অহাৰ পিছতহে আমাৰ কাষলৈ আহিছিল পৰিয়ালৰ লোক। তেতিয়ালৈ দেৰিয়েই হৈ গৈছিল (Guwahati Student Murder Update)।

লগতে ঘটনাটো কেনেদৰে সংঘটিত হৈছিল তাৰ বিষয়েও বিৱৰি কয়- “অভিযুক্ত অভিষেক (২৩) আৰু মৃত নিতেশ (১৩)ৰ বন্ধুত্বৰ সম্পৰ্ক আছিল। FREE FIRE গেমেৰে চিনাকী হৈছিল দুয়ো। লাহে লাহে এই চিনাকী বাঢ়ি গৈছিল। আৰু তেতিয়াই গম পালে যে তেওঁলোক দুয়ো বেলতলাতে থাকে।

২০১৯ত দুয়ো লগ হৈছিল। এই লগপোৱা বন্ধুত্বৰ সম্পৰ্কলৈ গঢ়ি উঠিছিল। তেওঁলোক দুয়ো মিলি বাহিৰলৈও ফুৰিবলৈ গৈছিল কেইবাবাৰো। এনেকৈ চলি থাকিল দুয়োৰে সম্পৰ্ক।

অভিযুক্ত অভিষেক বৰুৱা মাত্ৰ দশম শ্ৰেণীলৈ পঢ়া-শুনা আছিল। ২০২২ত অভিষেকে এখন ৰেষ্টুৰেণ্ট খোলাৰ কথা ভাবিছিল আৰু সেইখন খোলাৰ বাবে অভিষেকে নিতেশৰ পৰা ধাৰে লৈছিল ৩০ হাজাৰ টকা।

নিতেশে বন্ধুত্বৰ খাতিৰত অন্য বন্ধুৰ পৰা ধাৰে লৈ সেই টকা অভিষেকক দিছিল (Guwahati Student Murder Update)।

এসপ্তাহ পিছত ঘূৰাই দিম বুলি কয় নিতেশে সেই টকাখিনি লৈছিল। এসপ্তাহ পিছত সেই টকাখিনি নিতেশে বন্ধুক ঘূৰায়ো দিছিল।

কেৱল এয়াই নহয় মৃত ছাত্ৰ নিতেশে বহুবাৰ বিভিন্নজনৰ পৰা টকা ধাৰে লৈছিল। আচলতে নিতেশে Bitcoinত টকা ইনভেষ্ট কৰিছিল। টকা ধাৰে লৈ ডাবল কৰি টকা ঘূৰাই দিম বুলি কৈছিল সকলোকে।

ইফালে অভিযুক্ত অভিষেকৰ পিতৃ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল। পিতৃয়ে অৱসৰ হোৱাৰ পিছত পোৱা টকাখিনি চেকত চাইন কৰি থৈ দিছিল। অভিষেকে সেই চেককেইখন বেংকত জমা দি উলিয়াই আনিছিল। আৰু সুতত দিবলৈ লৈছিল।

ইয়াৰ পিছত নিতেশেও লাহে লাহে অভিষেকৰ পৰা টকা ল’বলৈ আৰম্ভ কৰিছিল। এহাজাৰ দুহাজাৰকৈ প্ৰায় ৯০ হাজাৰ টকা লৈছিল নিতেশে অভিষেকৰ পৰা।

বহুদিন হোৱাত নিতেশক সেই টকা অভিষেকে ঘূৰাই দিবলৈ কোৱাত নিতেশে সদায় এটা কথাকে কয়- ঘূৰাই দিম, ঘূৰাই দিম। কিন্তু ঘূৰাই নিদিয়ে (Guwahati Student Murder Update)।

অভিষেকে নিতেশক কয় ৰেষ্টুৰেণ্ট ভালদৰে চলাই নাই। টকাৰ অভাৱ হৈছে কিন্তু নিতেশে টকা ঘূৰাই নিদিয়ে।

অৱশেষত মঙলবাৰে নিতেশে নিজে অভিষেকক ফোন কৰি কয় যে- মই কাইলৈ স্কুললৈ নাযাও। আমছাঙৰ ৱাটাৰ ফল চাবলৈ যাম। পুৱা ১০.৩০ বজাত অভিষেক আহে আৰু নিতেশক স্কুটীত বহুৱাই লৈ যায়। প্ৰথমে নিতেশক লৈ অভিষেকে তাৰ ৰেষ্টুৰেণ্টলৈ যায়। তাৰে এটা কোঠাত গৈ নিতেশে স্কুলৰ কাপোৰ খুলে।

আমছাঙলৈ যোৱাৰ আগতে অভিষেকে এখন হাতত তৰোৱাল লৈ যায়। তৰোৱাল কিয় নিয়ে এই কথা নিতেশে সোধাত অভিষেকে কয় আমছাঙলৈ যাওতে জংঘল কাটিব লাগিব। আমছাং গৈ দুয়ো জংঘলৰ ভিতৰলৈ সোমাই যায় (Guwahati Student Murder Update)

তাত প্ৰথমে দুয়ো কথা-বতৰা পাতে। অভিষেকে ধাৰে লোৱা টকাৰ কথা কয় কিন্তু নিতেশে সেই একেই কথা কোৱাত অভিষেকে খঙৰ ভমকত সেই তৰোৱাল খনেৰে কেইবাবাৰো ঘপিয়াই নিতেশক। অভিষেকে পূৰ্বেৰ পৰা নিতেশক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। যাৰ বাবে লগত লৈ গৈছিল তৰোৱাল।

অভিষেকে নিতেশক হত্যা কৰি নিতেশৰ কাপোৰ পিন্ধি লৈ ঘৰলৈ আহে আৰু গা ধুৱে। তাৰ পিছত পুনৰ ওলাই যায় (Guwahati Student Murder Update)।

এনেদৰে অভিষেকে হত্যা কৰিছিল গুৱাহাটীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ নীতিশ কুমাৰ তিৱাৰীক। টকাৰ বাবেই এজন বন্ধুৱে হত্যা কৰিলে আনজন বন্ধুক। বৰ্তমানো ঘটনা সন্দৰ্ভত আৰক্ষীৰ (Basistha Police) তদন্ত অব্যাহত।

Photo: Batori24

লগতে পঢ়কঃ Guwahati Class 10 Student Murder: প্ৰথমে অপহৰণ, তাৰ পিছত হত্যা! Free Fire গেমেৰে চিনাকী হৈছিল হত্যাকাৰী অভিষেক আৰু নিতেশ; অভিষেকে “টকা”ৰ বাবে দাৰে ঘপিয়াই হত্যা কৰিছিল ছাত্ৰ নিতেশক, অপহৰণ কৰি নিতেশৰ পৰিয়ালক খুজিছিল ৭ লাখ, ঘটনাত আছে আৰু Twist…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -