31 C
Guwahati
Saturday, May 18, 2024

Teacher Suicide At Khanapara: হত্যা নে আত্মহত্যা? খানাপাৰাৰ ৰাস্তাৰ কাষৰ গছত চিপ লৈ আত্মহত্যা মাজুলীৰ Tet শিক্ষকৰ; কাষতে উদ্ধাৰ এখন Suicide Note, কিন্তু পত্নীৰ দাবী- “এয়া হত্যা”

Teacher Suicide At Khanapara: পুৱাই মহানগৰীৰ খানাপাৰাত উদ্ধাৰ এজন টেট শিক্ষকৰ মৃতদেহ (Tet Teacher Deadbody Recovered)

Must Read

Teacher Suicide At Khanapara: পুৱাই মহানগৰীৰ খানাপাৰাত উদ্ধাৰ এজন টেট শিক্ষকৰ মৃতদেহ (Tet Teacher Deadbody Recovered)।

ৰাস্তাৰ কাষৰ এজোপা গছত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।

ৰহস্যজনকভাবে উদ্ধাৰ হোৱা এই মৃতদেহটো প্ৰাৰম্ভিক অৱস্থাত চিনাক্ত কৰিব পৰা হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষীয়ে (Dispur Police) মৃতদেহটো চিনাক্ত কৰিবলৈ সক্ষম হৈছে (Deadbody Found In A Mysterious Condition)

জানিব পৰা অনুসৰি উদ্ধাৰ হোৱা মৃতদেহটো প্ৰণৱ মিলি (Tet Teacher Pranab Mili Commited Suicide) বুলি চিনাক্ত কৰা হৈছে। প্ৰণৱ মিলিৰ ঘৰ মাজুলীত। তেওঁ এগৰাকী Tet শিক্ষক আছিল। ২০১৬ চনত টেট শিক্ষক হিচাপে নিযুক্তি পাইছিল প্ৰণৱ মিলিয়ে।

এই ঘটনাটোৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। প্ৰণৱ মিলি ধুবুৰীত শিক্ষক হিচাপে কৰ্মৰত আছিল (Teacher Suicide At Khanapara)

Teacher Suicide At Khanapara
মৃত শিক্ষক প্ৰণৱ মিলি

Teacher Suicide At Khanapara

নিশাৰ ভাগৰ পৰাই মৃতদেহটো সেই স্থানত দেখা পোৱা গৈছিল কিন্তু পুৱালৈকে আৰক্ষীয়ে খবৰ পোৱা নাছিল। পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা (Teacher Suicide At Khanapara)

খবৰটো পোৱাৰ লগে লগে ঘটনাস্থলীত দিছপুৰ আৰক্ষী (Dispur Police) উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত এয়া এক আত্মহত্যা বুলি সন্দেহ কৰা হৈছে।

কিয়নো প্ৰণৱ মিলিৰ ওচৰৰ পৰা উদ্ধাৰ হয় এখন ছুইচাইড নোট (Suicide Note Recovered)।

Teacher Suicide At Khanapara

য’ত তেওঁ লিখে যে দৰমহা কম বাবে চলিব নোৱাৰে। তাৰপাছত লিখিছে- ”ল’ৰা-ছোৱালী মাকৰ লগত থাকিব লগা হয়। সৰু ল’ৰা এটাও আছে। এছ বি আইত লোণ আছে। চলিব নোৱাৰি আজি এই সিদ্ধান্ত ল’লো। মোৰ মৃত্যুয়ে যাতে সিহঁতৰ জীৱনত ক্ষতি নকৰে মাননীয় মুখ্যমন্ত্ৰী, প্ৰশাসনক খাতিৰ কৰিলো। যিহেতু ১৫টা বছৰ চাকৰিকাল আছে। মোৰ পৰিবাৰৰ নামত অনতিপলমে অফিচৰ কাম-কাজ কৰি দিবৰ বাবে প্ৰাৰ্থনা জনালো। শান্তি পাব মোৰ আত্মাই”।

ঋণৰ বোজাৰ বাবে এই সিদ্ধান্ত ল’লে প্ৰণৱ মিলিয়ে। ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ যো-জা কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত (Teacher Suicide At Khanapara)

কিন্তু ঘটনাটোক লৈ পত্নীয়ে দাবী কৰে যে- “এয়া আত্মহত্যা নহয়, হত্যাহে।” এতিয়া আৰক্ষীৰ তদন্তহে সম্পূৰ্ণ সত্য পোহৰলৈ আহিব।

কিন্তু এটাৰ পাছত আন এটা হত্যাকাণ্ড সংঘটিত হৈ থকা গুৱাহাটীত কেতিয়া সাধাৰণ ৰাইজৰ সুৰক্ষা সুনিশ্চিত হ’ব তাকলৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে।

Photo: Batori24

লগতে পঢ়কঃ Guwahati Student Murder Update: “টকা”ৰ বাবে হৈছিল এই নৃশংস হত্যাকাণ্ড! ইমান কম বয়সতে মৃত ছাত্ৰ “নিতেশ” কিয় নামিছিল টকাৰ লেনদেনত? নিতেশে ধাৰে লোৱা টকা ক’ত কৰিছিল Invest? হত্যাৰ আঁৰৰ ভয়ংকৰ কাহিনী ফাদিল…

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -