29 C
Guwahati
Saturday, May 18, 2024

DC Transferred : ৰাজ্যৰ কেইবাখনো জিলাৰ উপায়ুক্তক বদলি

Must Read

DC Transferred : ৰাজ্যৰ কেইবাখনো জিলাৰ উপায়ুক্তক বদলি

গোৱালপাৰাৰ নতুন উপায়ুক্ত (DC)খনীন্দ্ৰ চৌধুৰী। বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূষালক গৃহ আৰু ৰাজনীতি বিভাগৰ অতিৰিক্ত সচিব পদলৈ বদলি। আনহাতে, গোৱালপাৰাৰ উপায়ুক্ত মীনাক্ষি দাস নাথক সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক পদলৈ বদলি কৰে।

কাছাৰৰ উপায়ুক্ত কীৰ্তি জল্লীক কাছাৰৰ পৰা কামৰূপলৈ বদলি। এতিয়াৰে পৰা কামৰূপ গ্ৰাম্য জিলাক নেতৃত্ব দিব IAS বিষয়াগৰাকীয়ে। তেওঁক কামৰূপৰ উপায়ুক্ত হিচাপে বদলি কৰাৰ লগতে কামৰূপৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনক PHEৰ অতিৰিক্ত সচিব পদলৈ বদলি কৰিছে।
ৰাজ্য চৰকাৰে হাইলাকান্দিৰ উপায়ুক্ত ৰোহণ কুমাৰ ঝাক কাছাৰৰ উপায়ুক্ত পদলৈ, নগাঁৱৰ উপায়ুক্ত এইচ এন গৌতমক হাইলাকান্দিৰ উপায়ুক্ত পদলৈ, বাক্সাৰ উপায়ুক্ত আয়ুশ গাৰ্গক বৰপেটাৰ উপায়ুক্ত পদলৈ, চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক নগাঁৱৰ উপায়ুক্ত পদলৈ বদলি কৰে। আনহাতে গোসাঁইগাঁৱৰ ADC এম এম পাৰ্টিনক বাক্সাৰ উপায়ুক্ত ৰূপে নিযুক্তকৰণৰ লগতে দক্ষিণ শালমাৰাৰ ADC লখিমী কুটুমক দক্ষিণ শালমাৰাৰ ভাৰপ্ৰাপ্ত উপায়ুক্তৰ দায়িত্ব দিয়ে আৰু পি ভি ভাস্কৰ ৰেড্ডীক চিৰাঙৰ উপায়ুক্ত হিচাপে বদলি কৰে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -