Rana Goswami Appointed as Vice President of Assam BJP: মাত্ৰ দুদিনৰ পূৰ্বে যোগদান কৰিয়েই বিজেপিৰ অসম প্ৰদেশৰ উপ-সভাপতিৰ দায়িত্ব লাভ কৰিলে ৰাণা গোস্বামীয়ে। আজি ২ মাৰ্চত ৰাজ্যিক বিজেপিৰ সভাপতি ভূপেন বৰাই তেওঁক এই নিযুক্তি প্ৰদান কৰিছে।
যোৱা ২৯ ফেব্ৰুৱাৰীত অসম বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ অসম ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত ৰাণা গোস্বামীয়ে বিজেপিত যোগ দিছিল।
কংগ্ৰেছৰ টিকটত দুটা কাৰ্যকালৰ বাবে যোৰহাট সমষ্টিৰ বিধায়ক হোৱা ৰাণা গোস্বামীয়ে যোৱা ২৮ ফেব্ৰুৱাৰীত কংগ্ৰেছ দল ত্যাগ কৰিছিল। কংগ্ৰেছ ত্যাগৰ সময়লৈকে তেওঁ দলটোৰ অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
ইপিনে, ন-বিজেপি তথা তিনিদিনৰ আগলৈ কংগ্ৰেছৰ নেতা হৈ থকা ৰাণা গোস্বামীয়ে ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ বিপৰীতে এগৰাকী পুৰণি বিজেপি নেতাৰ মুকলি অসন্তোষে অসম বিজেপিক জোঁকাৰি আছে।
সমাগত লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিটো অসম গণ পৰিষদক এৰি দিয়াৰ ঘোষণা কৰাৰ পাছত নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা দলটোৰ এগৰাকী পুৰণি নেতা অশোক শৰ্মাই মুকলি অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ আনকি দলটোৰ পুৰণই নেতা-কৰ্মীসকল একাষৰীয়া হোৱা বিষয়টো পুনৰ চৰ্চালৈ আনিছে। একেখিনি সময়তে ৰাণা গোস্বামীৰ দৰে ন-বিজেপিয়ে দলৰ এনে দায়িত্ব লাভ কৰাৰ পাছত প্ৰৱীন কৰ্মীসকলৰ কি প্ৰতিক্ৰিয়া হয় সেয়া লক্ষণীয় হ’ব।