28 C
Guwahati
Monday, May 20, 2024

UP School Headmaster Suspend: বাকী বাদ, সুৰা মেইন! স্কুলৰ প্ৰধান শিক্ষকক নিলম্বন; মদৰ নিচাত ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে “নগ্ন হৈ শুই” পৰিল প্ৰধান শিক্ষক

UP School Headmaster Suspend After Sleeping Naked: বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত (Uttar Pradesh) সংঘটিত হৈছে এক আজৱ ঘটনা

Must Read

UP School Headmaster Suspend After Sleeping Naked: বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত (Uttar Pradesh) সংঘটিত হৈছে এক আজৱ ঘটনা (Ajab Incident)।

ক্লাছৰুমৰ ভিতৰত প্ৰধান শিক্ষক আৰু সন্মুখত ছাত্ৰ-ছাত্ৰী। কিন্তু প্ৰধান শিক্ষকজনে পাঠদান কৰা নাছিল, আছিল শুই। কাৰণ শিক্ষাদান কৰিব পৰাকৈ সক্ষম অৱস্থাতে নাছিল শিক্ষকজন (UP School Headmaster Suspended After Found ‘Sleeping Naked’ In Front Of Students)

কাৰণ সুৰাৰ ৰাগীত মাতাল হৈ শিক্ষকগৰাকী শিক্ষাৰ্থীৰ সমুখতে শুই আছিল নগ্ন অৱস্থাত!

উত্তৰ প্ৰদেশৰ বাহৰাইচৰ (Bahraich) এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই চাঞ্চল্যকৰ অভিযোগ। কেৱল সিমানেই নহয়, ছাত্ৰ-ছাত্ৰীৰ সন্মুখত তেওঁ অশ্লীল কাৰ্যত লিপ্ত হোৱাৰ অভিযোগো উঠিছে।

UP School Headmaster Suspend

ইতিমধ্যে এই গুৰুতৰ অভিযোগৰ বাবে প্ৰধান প্ৰধানগৰাকীক নিলম্বন কৰা (UP School Headmaster Suspended) হৈছে বুলি সদৰী কৰিছে বিভাগীয় এগৰাকী বিষয়াই। এই চাঞ্চল্যকৰ ঘটনাৰ এক ভিডিঅ’ও সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

অভিযুক্ত প্ৰধান শিক্ষকগৰাকীক বিশেশ্বৰগঞ্জ ব্লকৰ শিৱপুৰ বাইৰাগি প্ৰাথমিক বিদ্যালয় দুৰ্গা প্ৰসাদ জয়ছোৱাল বুলি চিনাক্ত কৰা হৈছে (Govt Primary School In Visheshwarganj)। অৱশ্যে ভাইৰেল হোৱা ভিডিঅ’টোৰ (Teacher Viral Video) সত্যতা এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই বুলি বিভাগে লগতে উল্লেখ কৰে।

ইফালে এই ঘটনাত উত্তেজিত হৈ পৰা অভিভাৱক আৰু স্থানীয় গাঁওবাসীয়ে দুৰ্গা জয়ছোৱালে ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে প্ৰায়ে এইদৰে অশ্লীল কাৰ্যত লিপ্ত হয় বুলি দাবী কৰিছে।

এই অশালীন কাৰ্যৰ বাবে বহু শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ যোৱা বন্ধ কৰি দিছে বুলি তেওঁলোকে লগতে কয় (UP School Headmaster Suspend)

এই বিস্ফোৰক অভিযোগৰ পিছতে শিক্ষা বিভাগে তদন্তৰ নিৰ্দেশ দিয়ে আৰু দুৰ্গা জয়ছোৱালক নিলম্বন কৰে (Headmaster Identified As Durga Prasad Jaiswal)

বিভাগীয় তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত যদি প্ৰধান শিক্ষকগৰাকী দোষী সাব্যস্ত হয়, তেওঁৰ বিৰুদ্ধে FIR দাখিল কৰা হ’ব বুলিও বিভাগে উল্লেখ কৰে (UP School Headmaster Suspend)

Photo: Google

লগতে পঢ়কঃ Feng Shui Items Good Luck: ঘৰলৈ লৈ আহক এইসমূহ সামগ্ৰী; চুম্বকে টনা দি “টকা” টানিব এই ১৩ বিধ সামগ্ৰীয়ে, পিছে জানো আহক কি কি?

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -