34 C
Guwahati
Sunday, May 19, 2024

Ghaziabad Horrific Accident: ভুল কাৰোবাৰ, ভুগিলে কোনোবাই! স্কুল বাছ আৰু গাড়ীৰ ভয়ংকৰ খুন্দা; Wrong Side আৰু স্পীডত থকা বাছখনে প্ৰাণ কাঢ়িলে এটা পৰিয়ালৰ ৬জন লোকৰ, Videoটো চালে আপোনাৰো গাৰ নোম শিঁয়ৰি উঠিব

Ghaziabad Horrific Accident: স্কুল বাছ আৰু গাড়ীৰ খুন্দাৰ ভিডিঅ' পোহৰলৈ আহিছে। য'ত এখন বাছক ভুল দিশেৰে আগবাঢ়ি থকা দেখা গৈছে। তেতিয়াই সন্মুখৰ পৰা এখন গাড়ী আহে আৰু দুয়োখনৰে মাজত হয় প্ৰচণ্ড খুন্দা

Must Read

Ghaziabad Horrific Accident Viral Video: মঙলবাৰে পুৱা উত্তৰ প্ৰদেশৰ (Uttar Pradesh) গাজিয়াবাদত (Ghaziabad) এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এখন ভুল দিশেৰে আহি থকা স্কুল বাছৰ সৈতে গাড়ীৰ মুখামুখি সংঘৰ্ষ হয়। এই ভয়ংকৰ খুন্দাৰ পিছতে গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় (Collision Between Car And School Bus)। এই দুৰ্ঘটনাটো দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ত (Delhi Meerut Expressway) সংঘটিত হয়।

ইয়াৰে এটা ভিডিঅ’ও পোহৰলৈ আহিছে (Accident Viral Video)। এই ভিডিঅ’টোত স্পষ্টভাবে দেখা পোৱা গৈছে যে কেনেদৰে স্কুল বাছখনৰ চালকে দ্ৰুতগতিত ভুল দিশেৰে বাছখন লৈ আহি আছে।

আৰু সেই সময়তে সন্মুখৰ ফালেৰে অহা এখন চাৰিচকীয়া বাহনত খুন্দা মাৰে।

এই ভয়ংকৰ দুৰ্ঘটনাটোত এটা পৰিয়ালৰে দুটি শিশুকে ধৰি কমেও ৬ গৰাকী লোকে প্ৰাণ হেৰুৱায় (6 People Died) আৰু ২ গৰাকী লোক গুৰুতৰভাবে আহত হয় (2 Critically Injured)

জানিবলৈ দিয়া অনুসৰি এই দুৰ্ঘটনাটো এনএছ-৯ত ক্ৰছিং ৰিপাব্লিক এলেকাত পুৱা প্ৰায় ৬ বজাত সংঘটিত হয়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ সন্মুখভাগ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। বাছখনৰ বৰ বেছি ক্ষতিগ্ৰস্ত হোৱা নাই (Ghaziabad Horrific Accident)

গাড়ীখনত থকা লোককেইজন বেয়াকৈ আৱদ্ধ হৈ থাকে, আৰক্ষীয়ে গাড়ীখন কাটাৰাৰে কাটি আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে।

এই বাছখন নয়দাৰ এখন ব্যক্তিগত স্কুলৰ আছিল। সৌভাগ্যক্ৰমে যিটো সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয় সেই সময়ত বাছখনত নাছিল কোনো ছাত্ৰ-ছাত্ৰী।

খুন্দা মৰাৰ ভয়ংকৰ ভিডিঅ’ আহিল পোহৰলৈ (Horrific Accident Viral Video)

স্কুল বাছ আৰু গাড়ীখনৰ খুন্দা মৰাৰ ভিডিঅ’ পোহৰলৈ আহিছে। যিটো ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো চালে আপোনাৰো গাৰ নোম শিঁয়ৰি উঠিব (Ghaziabad Horrific Accident)

ঘটনাটোৰ খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। গাড়ীখনত থকা পৰিয়ালটো খাটু শ্যামৰ দৰ্শন কৰিবলৈ গৈ আছিল।

গাড়ীখনত ৪জন লোক আৰু ৪টা শিশু আছিল। দুৰ্ঘটনাটোত ৬ গৰাকী লোকে প্ৰাণ হেৰুৱায়। মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে (Ghaziabad Horrific Accident)

Photo: Twitter

লগতে পঢ়কঃ Assam Couple Missing Himachal: হিমাচলত সন্ধানহীন অসমৰ দম্পতী; ৰাজ্যখনত নেৰানেপেৰা বৰষুণৰ ফলত হোৱা ধ্বংসলীলাৰ পিছৰে পৰা সন্ধানহীন দুয়ো, দুদিন ধৰি খবৰ নাই “হানীমুন”লৈ যোৱা দেৱাশিস আৰু শিখাৰ

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -