27 C
Guwahati
Saturday, May 18, 2024

Adipurush Movie Review: “আদিপুৰুষ” চালে নে নাই চোৱা? যদি চোৱা নাই তেন্তে পঢ়ি লওক এবাৰ “Movie Review”…হয়তো নহ’ব টকাৰ অপচয়!

Adipurush Movie Review: প্ৰভাস আৰু কৃতি চেননৰ ছবি আদিপুৰুষ ছবিগৃহত মুক্তি লাভ কৰিছে। যদি আপুনি এই চিনেমাখন চাবলৈ পৰিকল্পনা কৰি আছে তেন্তে প্ৰথমে জানি লওক কেনেকুৱা ৰিভিউ।

Must Read

Adipurush Movie Review: হে ৰাম আৰু জয় শ্ৰী ৰাম… এই চিনেমাখন চাই এই দুটা কথাই মনলৈ আহে। হে ৰাম এইকাৰণে যে ৰামৰ নামত এইখন কি বনাই পেলালে আৰু জয় শ্ৰী ৰাম এইকাৰণে কাৰণ ৰাম নামৰ সহায়তহে এই ছবিখন সহ্য কৰিব পাৰিব (Adipurush Movie Review)।

মনত এই প্ৰশ্নটো উত্থাপন হৈছে যে এই ছবিখনক ইউ চাৰ্টিফিকেট (U Certificate) এইকাৰণে দিয়া হৈছে নেকি যাতে দৰ্শকে থিয়েটাৰৰ বাহিৰৰ পৰা ইউ-টাৰ্ণ লয়।

মনলৈ এই কথাটোও আহিছে যে হনুমানজীয়ে এই ছবিখনৰ আটাইবোৰ ৰিলছ তাতে এৰি থৈ আহক য’ৰ পৰা তেওঁ সঞ্জীৱনী লৈ আহিছিল।

যেতিয়া এই চিনেমাখনৰ টিজাৰ আহিছিল তেতিয়া যথেষ্ট ট্ৰ’ল কৰা হৈছিল। তাৰ পিছত কোৱা হৈছিল যে ৬০০ কোটি টকা খৰচ কৰি VFX ঠিক কৰা হৈছে। তাৰ পিছত ট্ৰেইলাৰ আহিল যি ঠিক আছিল কিন্তু ছবিখনৰ বিষয়ে এইটো একেবাৰে ক’ব নোৱাৰি।

কাহিনী (Story)
সকলোৱে এই ছবিখনৰ কাহিনী ইতিমধ্যে জানে। কিন্তু ইয়াত কাহিনীটোত বহুতো বস্তু কোৱা হোৱা নাই বা কৰ’বাত আধা কৰি এৰি দিছে আৰু যিধৰণে এই কাহিনী দেখুওৱা হৈছে সেইটোৱে আপোনাক সেইধৰণে বান্ধিব নোৱাৰে যেনেদৰে ৰামানন্দ সাগৰৰ ৰামায়ণৰ এটা এটা খণ্ডই বান্ধি ৰাখিছিল।

Adipurush Movie Review

চিনেমাখন কেনেকুৱা হৈছে (How is this movie)?

আৰম্ভণিতে চিনেমাখন সিমান বিশেষ নালাগে। আপুনি ছবিখনৰ সৈতে সংযোগ হ’ব নোৱাৰে কিন্তু
হনুমানজীৰ প্ৰৱেশৰ পিছতে ছবিখনে অলপ সংযোগ কৰে, কিন্তু সিমানো নহয় যিমান ৰামায়ন
ধাৰাবাহিকৰ সৈতে সংযোগ হ’ব পাৰিছিল।

কোনো এটা চৰিত্ৰই আপোনাৰ সৈতে সংযোগ কৰিব নোৱাৰে যেনেকুৱা আপুনি আশা কৰিছিল আৰু
বেয়া VFX-এ চিনেমাখনৰ মজা আৰু বেয়া কৰি দিয়ে।

যদি ইমান কোটি টকা খৰচ কৰি এনে গ্ৰাফিক্স (Grafix) বনাইছে তেন্তে আচৰিত লাগে যে ৰামানন্দ সাগৰে সেই সময়ত কেনেদৰে ইমান আশ্চৰ্যকৰ গ্ৰাফিক্স বনাইছিল (Adipurush Movie Review)

কিছুমান ডাইলগ যিধৰণে কোৱা হৈছে সেইবোৰে আপোনাক আচৰিত কৰি তুলিব। চিনেমাখনত ভক্তিৰ এংগলে নাইকিয়া কৰি দিয়ে। যুদ্ধ কৰা দৃশ্যবোৰ দেখিলে এনে লাগে যেন zombies-এ যুঁজি আছে।

সম্ভৱতঃ ইয়াত হলীউড স্পৰ্শ দিয়াৰ চেষ্টা কৰা হৈছে কিন্তু বলীউডৰ স্পৰ্শই নাইকিয়া কৰি দিছে। আপুনি কেৱল গোটেই চিনেমাখনত শ্ৰীৰামৰ নাম শুনিয়েই ভাল পাব তাৰ বাহিৰে চিনেমাখনত একো নায় (Adipurush Movie Review)

অভিনয় (Acting)

ট্ৰেইলাৰত প্ৰভাসক (Prabhas) শ্ৰীৰামৰ দৰে দেখা যোৱা নাছিল। চিনেমাটো আৰম্ভণিতে শ্ৰীৰামৰ দৰে দেখাত নাছিল কিন্তু লাহে লাহে ভাল লাগিব ধৰে। কৃতি সেননক (Kriti Sanon) ভালে লাগিছে।

লক্ষ্মণৰ চৰিত্ৰত ছানী সিং (Sunny Singh) ঠিকে আছে। ৰাৱণৰ চৰিত্ৰত শ্বেঈফৰ (Saif Ali Khan) অভিনয়ে বিশেষ একো প্ৰভাৱ নেপালায়। ৰণবীৰ সিঙে যিদৰে খিলজীৰ চৰিত্ৰত অভিনয় কৰিছিল। সেইটো ছেঈফৰ পৰাও আশা কৰা হৈছিল কিন্তু তেওঁ হতাশ কৰে। দেৱদত্ত নাগেই (Devdutta Nage) হনুমানজীৰ চৰিত্ৰত ভাল অভিনয় কৰিছে।

মিউজিক (Music)

চিনেমাখনৰ বেকগ্ৰাউণ্ড স্কোৰ ভালে। অজয় অতুলে এই বিভাগত ভাল কাম কৰিছে। মাজে মাজে যি Chaupaiyan আহে সেইটোৱে আপোনাক ছবিখন সহ্য কৰিবলৈ শক্তি প্ৰদান কৰে। কিন্তু মাজতে শ্ৰীৰাম আৰু সীতাজীৰ ওপৰত চিত্ৰগ্ৰহণ কৰা এটা গান শিশুসুলভ যেন লাগে (Adipurush Movie Review)

যদি আপুনি শিশুসকলক ৰামায়নৰ বিষয়ে ক’ব বিচাৰে তেন্তে এই চিনেমাখন দেখুৱাব পাৰে।

Photo: Google

লগতে পঢ়কঃ Huge Rock Falls: ভয়ংকৰ ঘটনা! নিশা শুই থাকোতে ঘৰৰ ওপৰত খহি পৰিল প্ৰকাণ্ড শিল; সম্পূৰ্ণ ধ্বংস ঘৰ-দুৱাৰ, কোনোমতে বাচিল স্বামী-স্ত্ৰীসহ ২ বছৰীয়া শিশু

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -