34 C
Guwahati
Sunday, May 19, 2024

আমেৰিকা প্ৰাথমিক বিদ্যালয়ত নিৰ্বিচাৰ গুলীচালনা, মৃত্যু ১৯টি শিশুসহ দুগৰাকী শিক্ষক

Must Read

আমেৰিকা প্ৰাথমিক বিদ্যালয়ত নিৰ্বিচাৰ গুলীচালনা, মৃত্যু ১৯টি শিশুসহ দুগৰাকী শিক্ষক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। এজন বন্দুকধাৰী যুৱকৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ গ’ল ১৯টি শিশুৰ। লগতে এই বৰ্বৰ গুলীচালনাত বিদ্যালয়খনৰ দুগৰাকী শিক্ষকো মৃত্যুমুখত পৰে। উল্লেখযোগ্য যে এই ভয়ংকৰ ঘটনা সংঘটিত কৰা যুৱকজনৰ বয়স মাত্ৰ ১৮ বছৰ। আক্ৰমণকাৰীজনে মঙলবাৰে এই ভয়ংকৰ ঘটনা সংঘটিত কৰে। টেক্সাছৰ ৰোব প্ৰাথমিক বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত কৰে যুৱকজনে। হেণ্ডগান আৰু ৰাইফল লৈ অহা যুৱকজনে পৰিকল্পিতভাৱে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক উদ্দেশ্য কৰি ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছিল ।

আক্ৰমণ সংঘটিত কৰাৰ পাছতেই নিৰাপত্তাবাহিনীয়ে আক্ৰমণকাৰী যুৱককজনক ধৰাশায়ী কৰিবলৈ সক্ষম হয়। টেক্সাছৰ বিদ্যালয়ত গুলীচালনা কৰা ১৮ বছৰীয়া যুৱজনৰ নাম ছালভাদোৰ ৰামোছ । এই পৰ্যন্ত গুলীচালনাত ১৯ টি শিশু আৰু দুগৰাকী শিক্ষকৰ মৃত্যু হৈছে। ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতি আৰু জো বাইডেনে চাৰিদিনীয়া ৰাষ্ট্ৰ শোক ঘোষণা কৰিছে।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -