35 C
Guwahati
Thursday, May 16, 2024

ভাৰত জোড়ো ন্যায় যাত্ৰাত প্ৰশাসনৰ নিৰ্দেশনা উলংঘা: প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক যোৰহাট আৰক্ষীৰ চমন জাৰি

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক যোৰহাট আৰক্ষীয়ে জামিন বিহীন গোচৰৰ চমন জাৰি কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত যোৰহাটত প্ৰশাসনৰ নিৰ্দেশনা উলংঘাৰ অভিযোগত তেওঁক কাইলৈ অৰ্থাত বুধবাৰে যোৰহাট থানাত হাজিৰ হ’বলৈ কোৱা হৈছে।

যোৱা ১৮ জানুৱাৰীত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰিছিল। এই যাত্ৰাই যোৰহাট চহৰত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া পথেৰে নগৈ অন্য পথেৰে আগুৱাই গৈছিল।

ভাৰত জোড়ো ন্যায় যাত্ৰাই যোৰহাটত ৰাইজৰ যথেষ্ঠ সঁহাৰি লাভ কৰিছিল। যোৰহাটৰ ব্যস্ত ৰাজপথত বৃহত জনসমাগম দেখিবলৈ পোৱা গৈছিল।

ইয়াৰ পাছতেই যোৰহাট আৰক্ষীয়ে এই যাত্ৰাৰ আয়োজকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ভাৰতীয় দণ্ড বিধিৰ 120B/115(II)/143/147 আৰু 188/283/323/353 নম্বৰত ৰুজু হোৱা গোচৰৰ ভিত্তিতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আৰক্ষীয়ে যোৰহাট থানাত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে।

উল্লেখযোগ্য যে, ভাৰত জোড়ো ন্যায় যাত্ৰাই অসমত থকাৰ সময়ছোৱাত কেইবাটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা দুবাৰকৈ আঘাতপ্ৰাপ্ত হৈছে। পৰৱৰ্তী সময়ত গুৱাহাটীৰ খানাপাৰত যাত্ৰাৰ প্ৰতি প্ৰশাসনে আৰোপ কৰা বাধাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিতো ভূপেন বৰা আহত হৈছিল।

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -