28 C
Guwahati
Saturday, May 4, 2024

Nitin Desai Suicide: দুঃখবৰ! বলীউডৰ জনপ্ৰিয় কলা নিৰ্দেশক নিতিন দেশাইৰ “আত্মহত্যা”; Lagaan পৰা আৰম্ভ কৰি Devdas, Munna Bhai M.B.B.S, Ishqৰ দৰে বহুকেইখন ছবিত কৰিছিল কলা নিৰ্দেশনা, আৰ্থিক অভাৱত আছিল ভুগি

Nitin Desai Suicide At 57 Age: বলীউড জগতৰ (Bollywood Industry) পৰা এক দুঃখবৰ (Sad News) পোহৰলৈ আহিছে

Must Read

Nitin Desai Suicide At 57 Age: বলীউড জগতৰ (Bollywood Industry) পৰা এক দুঃখবৰ (Sad News) পোহৰলৈ আহিছে। জনপ্ৰিয় প্ৰডাকছন ডিজাইনাৰ নিতিন দেশায়ে আত্মহত্যা কৰে।

প্ৰাৰম্ভিক তদন্তত এই কথা পোহৰলৈ আহে যে তেওঁ মানসিক চাপত ভুগি আছিল। নিতিন দেশাইৰ মৃত্যুত বিধায়ক মহেশ বালদীয়ে বিধানসভাত কয় যে তেওঁ আৰ্থিক অভাৱত ভুগি আছিল (Nitin Desai Suicide)

নিতিন দেশাই অভিনেতা, ছবি নিৰ্মাতা, আৰ্ট ডিজাইনাৰ, ছেট ডিজাইনাৰ আৰু প্ৰডাকছন ডিজাইনাৰৰ ৰূপত জনপ্ৰিয় আছিল (Nitin Desai Suicide)

তেওঁৰ জনপ্ৰিয়তা আৰু কামৰ ক্ষেত্ৰত দক্ষতা এই কথাটোৰ গম পোৱা যায় যে তেওঁ ৪ বাৰ নেচনেল এৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল। তেওঁ ছবিত কাম কৰাৰ লগতে ND ষ্টুডিঅ’ৰো স্থাপন কৰিছিল।

৫৭ বছৰ বয়সত নিতিন দেশায়ে এই পৃথিৱীক চিৰবিদায় দিয়ে। তেওঁ মুম্বাইৰ (Mumbai ND Studio) সমীপৰ কৰজাতত নিজৰ ষ্টুডিঅ’ত আত্মহত্যা কৰে। তেওঁ নিৰ্দেশক আৰু কলা নিৰ্দেশক (Art Director) হিচাপে এই বলীউড জগতত ২০ বছৰ অতিক্ৰম কৰিলে।

বিধু বিনোদ চোপ্ৰা. ৰাজকুমাৰ ইৰাণী, সঞ্জয় লীলা ভঞ্চালীৰ পৰা আৰম্ভ কৰি আশুতোষ গোৱাৰিকৰৰ সৈতে কাম কৰিছিল।

অভিনেতা আৰু নিৰ্দেশকো আছিল নিতিন দেশাই (Nitin Desai Suicide)

Nitin Chandrakant Desai-এ কেৱল প্ৰডাকছন ডিজাইনাৰৰ ৰূপতে কাম কৰা নাছিল লগতে কেইবাখনো চিনেমাত অভিনয়ো কৰিছিল আৰু নিৰ্দেশনাও কৰিছিল। তেওঁ অভিনেতা হিচাপে ‘হম সব এক হ্যে’, ‘দাউদ: ফান অন দ্য়া ৰান’, ‘হেল্ল জয় হিন্দ’ৰ দৰে কিছুমান ছবিত অভিনয় কৰিছিল।

লগতে ২০১১ত অহা ছবিখন ‘হেল্ল জয় হিন্দ’ নিৰ্দেশনাও কৰিছিল। তাৰ পিছত তেওঁ ২০১২ত অহা মৰাঠী ছবি Ajinthaৰো নিৰ্দেশনা চম্ভালিছিল।

নিতিন দেশাইৰ চিনেমাসমূহ (Nitin Desai Movies)

কলা নিৰ্দেশক হিচাপে নিতিন দেশায়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল (Nitin Desai Suicide)

তেওঁ কলা নিৰ্দেশনা কৰা ছবিসমূহ হ’ল- ‘পৰিন্দা’, ‘আ গলে লগ জা’, ‘অকলে হম অকলে তুম’, ‘বিজেতা’, ‘দিলজলে’, ‘মাচিছ’, ‘লগান’, ‘ইষ্ক’, ‘জং’, ‘মিছন কাশ্মীৰ’, ‘ৱান 2 কা 4’, ‘ৰাজু চাচা’, ‘মুন্নাভাই MBBS’, ‘লগে ৰহো মুন্না ভাই’, ‘দোস্তানা’, ‘গড তুচ্ছী গ্ৰেট হ্যো’, ‘দেৱদাস’, ‘দ্য লীজেণ্ড অফ ভগত সিং’, ‘পানীপট’ৰ পৰা আৰম্ভ কৰি ‘হম দিল দে চুকে চনম’ৰ দৰে ছুপাৰহিট ছবিত তেওঁ কলা নিৰ্দেশনা কৰিছিল।

Nitin Desai Suicide

Nitin Chandrakant Desai National Film

নিতিন দেশায়ে নিজৰ সুন্দৰ কেৰিয়াৰত কেইবাটাও এৱাৰ্ড জিকিছে। কিন্তু তেওঁ এনে এগৰাকী কলা নিৰ্দেশক আছিল যিয়ে এটা নহয় ৪-৪টা নেচনেল এৱাৰ্ড নিজৰ নামত আনিছিল (Nitin Desai Suicide)

তেওঁ প্ৰথমটো ৰাষ্ট্ৰীয় পুৰষ্কাৰ ১৯৯৯ত অহা ‘ডা বাবাচাহেব আম্বেদকাৰ’, তাৰ পিছত দ্বিতীয়টো ‘হম দিল দ্যে চুকে চনম’ আৰু তৃতীয়টো ‘লগান’ আৰু চতুৰ্থটো ‘দেৱদাস’ৰ বাবে লাভ কৰিছিল।

ইফালে নিৰ্দেশকগৰাকীৰ মৃত্যুত বলীউডৰ বহু কেইগৰাকী তাৰকাই দিয়ে শোকপ্ৰকাশ কৰে।

Photo: Google

লগতে পঢ়কঃ Assamese Girl Rape: ক’তো সুৰক্ষিত নহয় মহিলা-যুৱতী! আকৌ দিল্লীত ধৰ্ষণ অসমীয়া যুৱতীক; চাকৰিৰ টোপ দি মাতিলে দিল্লীলৈ, তাৰ পিছত ৩ হাজাৰত যুৱতীক গতালে গুৰুগ্ৰামৰ যুৱকৰ কোঠালৈ…পিছে

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -