29 C
Guwahati
Sunday, May 19, 2024

Kamal Kumar Medhi joins BJP: হিমন্ত বিশ্ব শৰ্মা ‘কিংবদন্তি’: চতুৰ্থ বাৰলৈ দল সলায় গেৰুৱা হোৱা কমল মেধিয়ে কৰিলে গুণানুকীৰ্ত্তন

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

ছাত্ৰ-অৱস্থাৰ পৰাই বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধিতা কৰি অৱশেষত ড০ শৰ্মাৰেই গুণানুকীৰ্ত্তন কৰি সোমবাৰে বিজেপিত যোগ দিলে কমল কুমাৰ মেধি (Kamal Kumar Medhi)য়ে। এসময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি পৰিছিতি লাভ কৰা কমল কুমাৰ মেধিয়ে আজি চতুৰ্থ বাৰলৈ দল সলনি কৰিলে। 

গুৱাহাটীস্থ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উপস্থিতিত মেধিয়ে আজি দলটোত যোগ দিলে। যোগদানৰ পাছতেই  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংশাত পঞ্চমুখ হ’ল কমল কুমাৰ মেধি।

যোগদানৰ পাছতেই দিয়া ভাষণত মেধিয়ে ক’লে, “আমি যেতিয়া কটন কলেজত পঢ়ি আছিলো, ছাত্ৰ ৰাজনীতিত জড়িত আছিলো, তেতিয়া আমি কিংবদন্তিৰ দৰে এটা নাম শুনিছিলো- ‘হিমন্ত বিশ্ব শৰ্মা’। আমি যেতিয়া গণ আন্দোলন কৰি আছিলো, তেতিয়া সকলোতকৈ বেছি আন্দোলন কৰিছিলো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। যিহেতু বিৰোধ আৰু সংঘাতেৰে আমাৰ সম্পৰ্কটো আৰম্ভ হৈছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিটো কথাই আমি পৰ্যবেক্ষণ কৰিছিলো। আজি মোক যিমান ‘ট্ৰ’ল’ কৰে কৰক, মই এটা কথা কৈ থৈ যাও, আজি অসমখনক যদি নতুন ধৰণেৰে গঢ়িবলৈ হয়, সঁচাকৈয়ে যদি খন উন্নত ৰাজ্য কৰিবলৈ হয়, সমাজৰ আটাইতকৈ নিম্ন শ্ৰেণীৰ প্ৰত্যেকগৰাকী মানুহৰ যদি জীৱন ধাৰণ উন্নত কৰিবলৈ হয়, তেনেহ’লে অসমৰ ৰাজনীতিত এটাই নাম আছে- ড০ হিমন্ত বিশ্ব শৰ্মা।”

তেওঁ লগতে কয় যে বৰ্তমান চৰকাৰৰ দুৰ্নীতিৰ বাতৰি কৰিব কোনেও পৰা নাই, গতিকে তেওঁ বিজেপিত কিয় যোগ দিলে উত্তৰটো তাতেই ওলাই আছে। 

অসমৰ ৰাজনীতিত এজন সঘনে ‘দল বাগৰা নেতা’ হিচাপে পৰিছিত কমল কুমাৰ মেধিয়ে মুখে মুখে চলা এই কথাষাৰক স্বীকাৰ কৰি কয়, “হয়, মই দল বাগৰি আহিছো, কিন্তু আজিলৈ এক টকাৰ দুৰ্নীতি মই কৰা নাই, কমল মেধিৰ সততাক লৈ কোনেও আজিলৈ প্ৰশ্ন কৰিব পৰা নাই।”

লগতে পঢ়ক: Citizenship Amendment Act 2019: হাতত প্লেকাৰ্ড লৈ বাজেট অধিবেশনৰ প্ৰথম দিনাই ‘কা’ৰ বিৰোধিতাৰে সৰৱ অখিল গগৈ

উল্লেখযোগ্য যে, কৃষক নেতা তথা বৰ্তমানৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত গঠন হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব থাকি এসময়ত বৃহত নদীবান্ধ বিৰোধী আন্দোলনৰ আগশাৰীৰ নেতা আছিল কমল কুমাৰ মেধি। পৰৱৰ্তী সময়ত অখিল গগৈৰ সংগ ত্যাগ কৰি তেওঁ কংগ্ৰেছত যোগদান কৰিছিল। 

২০২০ চনত অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দল গঠন হোৱাত তেওঁ পুনৰ কংগ্ৰেছ এৰি নৱগঠিত দলটোৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিল। ২০২১ চনৰ অসম বিধান সভাৰ নিৰ্বাচনত তেওঁ ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হয় যদিও পৰাজিত হৈছিল।

২০২২ চনত পুনৰ অখিল গগৈৰ সৈতে হোৱা মনোমালিন্যৰ পৰিপ্ৰেক্ষিত কমল কুমাৰ মেধিয়ে ৰাইজৰ দল ত্যাগ কৰিছিল। কিছুদিনৰ পাছত তেওঁ আম আদমী পাৰ্টিত যোগদান কৰি দলটোৰ গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছিল। কিন্তু আম আদমী পাৰ্টিতো বেছি দিন টিকিব নোৱাৰিলে।

দলৰ অনুশাসন ভংগৰ অভিযোগত তেওঁক আম আদমী পাৰ্টিয়ে নিলম্বিত কৰিছিল। কিন্তু দলৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈ তেওঁৰ সদস্যপদ বাহাল কৰিবলৈ সক্ষম হৈছিল। অৱশ্য, কিছু দিনৰ পাছত কমল কুমাৰ মেধিয়ে নিজেই আম আদমী পাৰ্টি ত্যাগ কৰিছিল। 

এইদৰে, অসমৰ ৰাজনীতিত গাৰ চোলা সলোৱাৰ দৰে ৰাজনৈতিক দল সলোৱা নেতা হিচাপে জনাজাত হৈ ছ’চিয়েল মিডিয়াতো সঘনে ‘ট্ৰ’ল’ৰ সন্মুখীন হৈছিল কমল কুমাৰ মেধিয়ে। এতিয়া বিজেপিত যোগ দিয়া মেধিয়ে নিজৰ এই নতুন  ৰাজনৈতিক স্থিতি এইবাৰ কিমান দিনলৈ অক্ষুন্ন ৰাখিব পাৰে সেয়া লক্ষণীয় হ’ব। 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -