23.5 C
Guwahati
Wednesday, May 29, 2024

Citizenship Amendment Act 2019: হাতত প্লেকাৰ্ড লৈ বাজেট অধিবেশনৰ প্ৰথম দিনাই ‘কা’ৰ বিৰোধিতাৰে সৰৱ অখিল গগৈ

Must Read

Batori24 Team
Batori24 Team
Batori24 is a Vernacular based Assamese news portal based in Guwahati Assam. We are a dedicated news channel covering news and stories across the globe with special reference to Assam, north-east along with National and International news.

বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ (Citizenship Amendment Act 2019) বলৱত কৰাৰ বাবে যো-জা চলাই থকাৰ সময়তে আইনখনৰ বিৰোধিতাৰে পুনৰ সৰৱ হৈছে বিধায়ক অখিল গগৈ (Akhil Gogoi)। সোমবাৰে অসম বিধান সভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনটোতে ‘কা’ বাতিলৰ দাবীত হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে বিধায়কজনে।

আজি বিধান সভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনা ৰাজ্যপালে উদ্ধোধনী ভাষণ প্ৰদান কৰাৰ সময়তে হাতত ‘C(A)A আমি নামানো’ লিখা এখন প্লেকাৰ্ড লৈ বিধায়ক অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰে। পাছত বিধান সভাৰ বাহিৰতো তেওঁ প্লেকাৰ্ড প্ৰদৰ্শন কৰে। 

এইদৰে নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অখিল গগৈয়ে কয়, “C(A)A আমি নামানো, C(A)A অসমে নামানে। অসমত যদি ‘কা’ বলৱত কৰিব খোজে, তেনেহ’লে যিকোনো পৰিস্থিতিৰ বাবে আমি সাজু আছো।”

অসমত ‘কা’ বলৱত কৰিব বিচাৰিলে অসমৰ ৰাইজ পুনৰ ৰাজপথলৈ ওলাই আহিব বুলিও অখিল গগৈয়ে হুংকাৰ দিয়ে। লগতে অসমে কোনো ‘কা’ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিব পৰা কোনো বিদেশীৰ বোজা গ্ৰহণ নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। 

তেওঁ কয়, “ভাৰত চৰকাৰে যদি ভাবিছে অসমে ‘কা’ বিৰোধী আন্দোলন এই মুহূৰ্তত চলাই থকা নাই আৰু অসমৰ মানুহ শুই গ’ল, তেনেহ’লে তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে।”

গগৈয়ে ২০১৪ চনত বিজেপিয়ে দিয়া ‘বিদেশীমুক্ত’ অসমৰ প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দি কয় যে বিজেপি চৰকাৰে বিদেশী জাপি দিবলৈ চক্ৰান্ত কৰিছে। ‘কা’ ৰ জৰিয়তে বিজেপি চৰকাৰে অসমৰ ওপৰত এক কোটি নব্বৈ লাখ বিদেশীৰ বোজা জাপি দিব বিচাৰিছে বুলিও অখিল গগৈয়ে পূৰ্বৰ দৰে পুনৰ একেই অভিযোগ উত্থাপন কৰে। 

তেওঁ লগতে কয় যে ‘কা’ বলৱত হ’লে লগে লগে ১৫ ৰ পৰা ২০ লাখ হিন্দু বিদেশীয়ে নাগৰিকত্ব পাব। লগতে আগন্তুক দিনত বাংলাদেশৰ পৰা পুনৰ ১ কোটি ৭০ লাখ লোক অহাৰ এটা পথ মুকলি হ’ব।  

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা ‘কিংবদন্তি’: চতুৰ্থ বাৰলৈ দল সলায় গেৰুৱা হোৱা কমল মেধিয়ে কৰিলে গুণানুকীৰ্ত্তন

উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে কিছুদিন পূৰ্বে পশ্চিমবংগৰ এখন সভাত ভাষণ প্ৰদান কৰি এসপ্তাহৰ ভিতৰতে দেশজুৰি নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ ৱলৱত হ’ব বুলি প্ৰকাশ কৰিছিল। তেওঁৰ এই বক্তব্যৰ আলমতেই অখিল গগৈয়ে আজি অসম বিধান সভাত ‘কা’ৰ বিৰুদ্ধে এইদৰে সৰৱ হয়।

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰোধিতাৰ উপৰিও বিজেপিয়ে দিয়া ‘বানমুক্ত’ অসমৰ প্ৰতিশ্ৰুতিৰ কথা কৈও চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হয়। অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ নামত কৰা প্ৰতাৰণা আৰু অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ বিষয় লৈও চৰকাৰৰ বিৰুদ্ধে বিধায়কজনে ক্ষোভ উজাৰে।

 

- Advertisement -
- Advertisement -

Latest News

IIT Guwahati student joins ISIS: চাঞ্চল্য! ISIS লৈ আই আই টি গুৱাহাটীৰ ছাত্ৰ

IIT Guwahati student joins ISIS: অসমত ISIS India ৰ মুৰব্বী গ্ৰেপ্তাৰ হোৱাৰ সময়তে আন এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।...
- Advertisement -

More Articles Like This

- Advertisement -